ETV Bharat / politics

ভোটাৰে কি কয় ? ছিপাঝাৰবাসীৰ মনৰ কথা...

বিগত সময়ৰ উন্নয়নমূলক কাম-কাজক লৈ সন্তুষ্ট নে ছিপাঝাৰ সমষ্টিৰ ৰাইজ ?

Sipajhar Assembly constituency
৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 5:10 PM IST

8 Min Read
Choose ETV Bharat

মঙলদৈ : দৰং জিলাৰ উল্লেখযোগ্য বিধানসভা সমষ্টি হ'ল ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টি । এই সমষ্টিৰ পৰাই অসম গণ পৰিষদ চৰকাৰত ড৹ জয়নাথ শৰ্মাই ৰাজহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । এসমৰ অগপৰ দুৰ্গৰূপে খ্য়াত এই সমষ্টিটো বিগত পাঁচ বছৰে বিজেপিৰ দখলত আছে । বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে বিগত সময়ত এই সমষ্টিটোৰ ৰাইজৰ বাবে কিমান উন্নয়ন কৰিলে সেই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন ।

ঐতিহাসিকভাৱেও এই সমষ্টিটোৰ গুৰুত্ব আছে । ঐতিহাসিক পথৰুঘাটৰ কৃষক আন্দোলনৰ স্থান, ঐতিহাসিক লেচাকোনীয়া গোবিন্দ আতৈয়ে প্ৰতিষ্ঠা কৰা খটৰা সত্ৰ, শিয়ালা বৈষ্ণৱৰ ভূমি দেওমৰনৈ, ঢলপুৰ শিৱধাম এই সমষ্টিটোৰ অন্তৰ্গত ।

উন্নয়নমূলক কাম-কাজক লৈ সন্তুষ্ট নে ছিপাঝাৰ সমষ্টিৰ ৰাইজ ? (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰায় হিন্দু বসতিপ্ৰধান ছিপাঝাৰ সমষ্টিৰ সাধাৰণ জনতাই ’২৬ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কি কি কয় তাকে আমি জানিবলৈ চেষ্টা কৰিছিলো । আমি সাধাৰণ জনতাৰ হৈ দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক হৃদয় বৰুৱাৰ মনৰ ভাব জানিবলৈ চেষ্টা কৰিছিলো ।

এই সন্দৰ্ভত হৃদয় বৰুৱাই কয়, "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ পৰা আমি ছিপাঝাৰ সমষ্টিয়ে কেইটামান বস্তু পালো, সেইটো আমি ক'ব লাগিব, ভালটোক ভাল বুলি ক'ব লাগিব আৰু কিছুমান বস্তু আমি নাপালো । এতিয়া মই যদি পোৱাৰ ভিতৰত ক'ব লাগে, আমাৰ ছাত্ৰ সন্থাৰ অসম আন্দোলনৰে পৰা এটা দাবী আছিল যে গৰুখুটি কুৰুৱা সেই অঞ্চলত বহিৰাগতই যিসমূহ মাটি দখল কৰি আছে, সেয়া উচ্ছেদ কৰিব লাগে ।"

Narikali Shiv Mandir
নাৰিকলি শিৱ মন্দিৰ (ETV Bharat Assam)

তেওঁ কয়, "ইমান কেইখন চৰকাৰ পাৰ হৈ গ'ল; কিন্তু কোনো এখন চৰকাৰে সাহস নকৰিলে । এইবাৰ হিমন্ত বিশ্ব চৰকাৰে উচ্ছেদ কৰিলে,উচ্ছেদ কৰি তাত প্ৰকল্প বনাইছে । প্ৰকল্প বনোৱাত আমাৰ ক'ব লগা নাই । এতিয়াও কিন্তু সম্পূৰ্ণ উচ্ছেদ হোৱা নাই, প্ৰায় ৬০ শতাংশ উচ্ছেদ হৈছে । আমি আশা কৰিম এইবাৰ যি নতুন চৰকাৰ আহিব, সেই নতুন চৰকাৰে বাকি থকা উচ্ছেদ খিনি সম্পূৰ্ণ কৰিব ।’’

তেওঁ কয়, ‘‘আমি আৰু এটা কথা ক'ব লাগিব সেইটো হ'ল খটৰা সত্ৰ । চৰকাৰখনৰ শেষৰ মুহূত্ব আমাৰ যি খটৰা সত্ৰ দৰঙৰ এক উল্লেখযোগ্য সত্ৰ তাত যি প্ৰকল্প দিলে তাৰ বাবে অসম চৰকাৰৰ ধন্যবাদ জনাইছো ।"

Sipajhar Police Station
ছিপাঝাৰ আৰক্ষী থানা (ETV Bharat Assam)

"সমান্তৰালভাৱে পথৰুঘাটৰ যি কৃষক শ্বহীদ স্মাৰক ক্ষেত্ৰ আছে তাত কিন্তু কোনোধৰণৰ প্ৰজেক্ট লোৱা নেদেখিলো । উন্নতিৰ কাৰনে কাম কৰা নেদেখিলো । কেইটামান এছ বি আইৰ পৰা পোৱা ষ্ট্ৰীট লাইটেৰে সামৰি থলে । জালিয়ানওয়ালাবাগৰ ঘটনাৰ দৰে যি আমাৰ অসমৰ জালিয়ানওয়ালাবাগ বুলি কয় তেনে কীৰ্তিচিহ্ন এটা,ভালকৈ স্মাৰক এটা বনাব লাগিছিল চৰকাৰে । আমি দীৰ্ঘ দিন দাবী জনায় আহিছো কৃষক শ্বহীদ সকলক চৰকাৰী ভাবে শ্বহীদৰ স্বীকৃতি দিব লাগিছিল, সেয়া হোৱা নাই । আমি আশা কৰিছো নতুন চৰকাৰে সেইটোৰ ওপৰত কাম কৰিব ।" তেওঁ এইদৰে কয় ।

ফ'ৰলেন এতিলৈকে ভাষণতেই সীমাবদ্ধ হৈ আছে :

ছাত্ৰনেতাগৰাকীয়ে পুনৰ কয়, "আমি ক'ব লাগিব যে ছিপাঝাৰৰ মাজ মজিয়াৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ যি ঘাইপথত আমাৰ খিলঞ্জীয়া ডেকা দিনত প্ৰায় এজন কৈ দুৰ্ঘটনাত পতিত হয় তাৰ বাবে আমি ছাত্ৰ সন্থাই দীৰ্ঘ দিনে দাবী জনায় আহিছো যে ৰাস্তাটো ফ'ৰলেন লাগে; কিন্তু ফ'ৰলেন এতিলৈকে ভাষণতেই সীমাবদ্ধ হৈ আছে, তাৰ বাহিৰে কিন্তু আগবঢ়া নাই । এই ক্ষেত্ৰত নতুন চৰকাৰে ব্যৱস্থা ল'ব লাগিব ।’’

Sipajhar B J Balika Higher Secondary School
ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্য়মিক বিদ্য়ালয় (ETV Bharat Assam)

তেওঁ কয়, ‘‘ছিপাঝাৰত আমি এখন উন্নতমানৰ চিকিৎসালয় বিচাৰি আছো, দৰঙত চিকিৎসা মহাবিদ্যালয় দিছে আমি ভাল পাইছো; কিন্তু ছিপাঝাৰ এটা বৃহৎ সমষ্টি, ছিপাঝাৰ স্বাস্থ্য কেন্দ্ৰখনক এখন ভাল উন্নতমানৰ চিকিৎসালয় কৰিবলৈ আমি দাবী জনাইছো । আমি প্ৰতিবাদ কৰিছো, অনশন কৰিছো; কিন্তু ইয়াৰ ওপৰত চৰকাৰে একো ব্যৱস্থা লোৱা নাই, আমি আশা কৰিম আগন্তুক দিনত নতুন চৰকাৰখনৰ প্ৰথম কেবিনেটতেই ছিপাঝাৰত এখন উন্নত মানৰ চিকিৎসালয় দিব ।"

"ছিপাঝাৰৰ সমষ্টি এটা বৃহৎ সমষ্টি য'ত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত ২ লাখ ১৮ হাজাৰ ভোটাৰ আছে । চৰকাৰে ৰাষ্টা-ঘাটৰ কাম কৰিছে যদিও নিবনুৱা সকলৰ কাৰণে কাম কৰা আমি দেখা নাই । ছিপাঝাৰবাসীয়ে নতুন চৰকাৰৰ দিনত মেডিকেলই হওক বা শ্বহীদ স্মাৰক ক্ষেত্ৰতেই হওক, ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা গৰুখুটিৰ উচ্ছেদেই হওক সকলো সম্পূৰ্ণ কৰাতো আমি বিছাৰিছো ।" তেওঁ এইদৰে কয় ।

Sipajhar Higher Secondary School
ছিপাঝাৰ উচ্চতৰ মাধ্য়মিক বিদ্য়ালয় (ETV Bharat Assam)

পথৰুঘাটৰ কৃষক আন্দোলনস্থলী আটকধুনীয়াকৈ নিৰ্মাণ নকৰিলে :

দৰঙৰ এগৰাকী সমাজ সেৱক, দেওমৰনৈ অঞ্চলৰ যুৱক নিৰঞ্জন শইকীয়াই কয়, "আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা ছিপাঝাৰবাসী হিচাপে যথেষ্টখিনি পাইছো; কিন্তু তাতোকৈও আমি ছিপাঝাৰবাসীয়ে যি পথৰুঘাটৰ কৃষক আন্দোলন হৈছিল, শ্বহীদ সমাধিস্থলটি আটকধুনীয়াকৈ নিৰ্মাণ কৰিব লাগিছিল, এখন কৃষি বিশ্ববিদ্যালয়, এখন উন্নত মানৰ শিক্ষানুষ্ঠানৰ ছিপাঝাৰত স্থাপন হ'লে আমি ছিপাঝাৰবাসী হিচাপে নথৈ আনন্দিত হ'ম ।’’

তেওঁ কয়, ‘‘আগন্তুক যিগৰাকী ছিপাঝাৰৰ বিধায়ক হ'ব, তেওঁ বিধানসভাত সজোৰে যাতে দাবী উত্থাপন কৰিব লাগিব ঐতিহাসিক পথৰুঘাটৰ ঐতিহাসিক কৃষক আন্দোলনস্থলী আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ বাবে । বিগত চৰকাৰৰ দিনত চৰকাৰে যথেষ্টখিনি দিলেই, ছিপাঝাৰবাসী হিচাপে গৌৰৱ বোধ কৰিছো । আমাৰ যি ৰে'ল লাইন লাইনটোৰ দৰং জিলাত অভাৱ হৈ আছে, সেই ৰে'ল লাইনটোৰ কম দিনৰ নিৰ্মাণ কৰক, আমাৰ ফ'ৰলেনটো বহু প্ৰয়োজনীয় । বহু দুৰ্ঘটনা সংঘটিত হৈ থাকে, সেইটো তৎকালীনভাৱে নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছো । ছিপাঝাৰ সমষ্টিৰ পৰা যিগৰাকী বিধায়ক হ'ব, ছিপাঝাৰৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত যাতে সজোৰে বিধানসভাত দাবী উত্থাপন কৰে তাকে আমি আশা কৰিছো ।"

তেওঁ পুনৰ কয়, "বৰ্তমান বিধায়কগৰাকীয়ে যেনেদৰে আমি প্ৰথমতে ভাবিছিলো যিহেতু শাসকীয় দলৰ বিধায়ক আছিল, বিধায়কগৰাকীয়ে যেনেদৰে কাম কৰিব লাগিছিল তেনেদৰে কাম কৰা পৰিলক্ষিত নহ'ল । আগন্তুক দিনত তেখেতে উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ছিপাঝাৰবাসী হিচাপে আশা কৰিছো ।"

ৰাজহুৱা একো উন্নয়ন হোৱা নাই :

বৰদৌলগুৰিৰ এগৰাকী ব্যৱসায়ীয়ে কয়, "মই দোকানী মানুহ, ৰাজনীতিৰ লগত একেবাৰে জড়িত নহয় । তথাপি উন্নয়নৰ ক্ষেত্ৰত ক’বলৈ গ'লে, আমি একো পৰিৱৰ্তন দেখা নাই । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বাহিৰে স্থানীয় বিধায়ক হিচাবে বিধায়কগৰাকীয়ে একো কৰা নাই । বিধায়কগৰাকীয়ে কোৱাত কয়, তেওঁ কিন্তু কৰাত একো দেখা নাই এতিয়ালৈকে । বেলেগত কিবা কৰিছে যদি নাজানো আমি দেখাত মেইন ছিপাঝাৰ অঞ্চলত তেওঁ একো উন্নয়ন কৰা দেখা নাই ।’’

Sipajhar Higher Secondary School
ছিপাঝাৰ উচ্চতৰ মাধ্য়মিক বিদ্য়ালয় (ETV Bharat Assam)

তেওঁ কয়, ‘‘আমাৰ পিছফালে বহু ডাঙৰ পুখুৰী এটা পতিত হৈ পৰি আছে । বহু যুগ ধৰিজয়নাথ শৰ্মা ৰাজহ মন্ত্ৰী হৈ থাকোতেই পদক্ষেপ লৈছিল যদিও কৰিব নোৱাৰিলে, এখেতে বিধায়ক হৈয়েই ডাংকোব মাৰি কিবা কেইষাৰমান ক'লে বোলে কিবা কম দিনৰ ভিতৰতে সাংস্কৃতিক প্ৰকল্প হ'ব, বহুত কিবাকিবি হ'ব, কিন্তু কাৰ্যকাল শেষ হ'বৰ হ'ল, এতিয়ালৈকে একো নহ'ল । তেনেকে তেওঁ বহু কথাই কয় ।’’

তেওঁ কয়, ‘‘আমাৰ ইয়াৰে দৌলটো বৰদৌল বুলি বিখ্যাত, তেওঁ নক্সাই বনাই দেখুৱালে কেনেকৈ কি হ’ব, কি নহ'ব; কিন্তু নক্সা নক্সাতেই থাকিল, একো নহ'ল । মই ভাবো ইয়াৰ পিছতো যদি এই একেজন ব্যক্তিকেই দলে টিকট দিয়ে তেনেহ'লে আমিও অকমান বেলেগ চিন্তা কৰিবলৈ বাধ্য হ'ম । ছিপাঝাৰ অঞ্চলত কৰিবলগীয়া বহু কাম আছে , কাৰোবাৰ ব্যক্তিগত উন্নয়ন হৈছে যদি ক'ব নাজাও ৰাজহুৱা একো উন্নয়ন হোৱা নাই ।"

ছিপাঝাৰ সমষ্টি এটা কৃষি প্ৰধান সমষ্টি । সমষ্টিটোৰ কিছু সংখ্যক লোকে মাত্ৰ চৰকাৰী চাকৰিৰে জীৱন নিৰ্বাহ কৰে । মুখ্যতঃ খিলঞ্জীয়া জনবসতিৰ ছিপাঝাৰ সমষ্টিৰ উন্নয়নৰ বাবে বহু কৰিবলগীয়া আছে । এই সমষ্টিৰ উন্নয়নৰ বাবে ’২৬ নিৰ্বাচনত কোন ৰাজনৈতিক দলৰ কোন প্ৰাৰ্থীক সমষ্টিৰ ভোটাৰে বিধানসভালৈ পঠিয়াই সেয়া সময়ত জানিব পৰা যাব ।

লগতে পঢ়ক:নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিৰ ভোটাৰৰ ক্ষোভ-সমস্য়া

ভোটাৰে কি কয় ? ৰঙিয়াবাসীৰ মনৰ কথা