ETV Bharat / politics

ভোটাৰে কি কয়: ৫ বছৰে হোৱা 'উন্নয়ন'ক লৈ সন্তুষ্টনে সৰুপথাৰৰ ৰাইজ ?

নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰ সমষ্টিৰ ৰাইজৰ অভাৱ, অভিযোগ সামৰি এই বিশেষ প্ৰতিবেদন ।

Are people of Sarupathar assembly constituency satisfied with the development of last 5 years
৫ বছৰে হোৱা 'উন্নয়ন'ক লৈ সন্তুষ্টনে সৰুপথাৰৰ ৰাইজ ? (ETV Bharat Assam Gfx)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 4:30 PM IST

7 Min Read
Choose ETV Bharat

সৰুপথাৰ: বিধানসভাৰ নিৰ্বাচন ২০২৬ ৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা । সৰুপথাৰ বিধানসভা সমষ্টিৰ বাবেও শাসক-বিৰোধীৰ লগতে আঞ্চলিক দলৰ নেতাসকলেও টঙালি বান্ধিছে । গোলাঘাট জিলাৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে সৰুপথাৰ । পূৰ্বতে কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ দুৰ্গ হিচাপে খ্যাত সমষ্টিটো শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ দখলত ।

২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে বিশ্বজিৎ ফুকনে জয়লাভ কৰে । পিছে বিগত ৫ বছৰে সমষ্টিটোত কিমান উন্নয়ন হ'ল ? বিধায়ক বিশ্বজিৎ ফুকনে ১০৭ নং সৰুপথাৰ সমষ্টিক ন-ৰূপ দিবলৈ সক্ষম হৈছেনে ? কি কয় সৰুপথাৰ সমষ্টিৰ ভোটাৰে । সকলো সামৰি এক বিশেষ প্ৰতিবেদন ।

৫ বছৰে হোৱা 'উন্নয়ন'ক লৈ সন্তুষ্ট নে সৰুপথাৰৰ ৰাইজ ? (ETV Bharat Assam Gfx)

অসম-নাগালেণ্ড সীমা সমস্যাৰে জৰ্জৰিত সমষ্টিটোত শেহতীয়াকৈ নগা দুৰ্বৃত্তই কেইবাটাও অনৈতিক কাৰ্য সংঘটিত কৰিছিল । বিশেষকৈ অসমৰ বন বিভাগে উৰিয়ামঘাট অঞ্চলত ৰোপণ কৰা গছপুলি নাগালেণ্ডৰ নগা দুষ্কৃতিকাৰীয়ে কাটি পেলোৱা কাণ্ড সমগ্ৰ অসম জোকাৰি গৈছিল । সমান্তৰালকৈ চুঙাজান অঞ্চলত প্ৰায় ৯৩ ঘৰ লোকৰ বাসগৃহত অগ্নি সংযোগ কৰা কাণ্ডই ইটোৰ পিছত সিটো সমস্যাৰ সৃষ্টি কৰিছে সমষ্টিটোত ।

অসম-নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে সমষ্টিটোৰ ভোটাৰে । ই টিভি ভাৰতৰ সন্মুখত এজন ভোটাৰে সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাট, চুঙাজান অঞ্চলৰ অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাক লৈ কয়, "সৰুপথাৰত যথেষ্ট উন্নয়ন হৈছে যদিও বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী যি সীমা সমস্যা পূৰ্বৰ চৰকাৰেও সমাধান কৰিব নোৱাৰিলে । এই সমস্যা বৰ্তমানৰ চৰকাৰেও স্থায়ী সমাধান কৰিব পৰা নাই ।"

তেওঁ কয়,"বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে নগাই সীমান্তত ঘৰ জ্বলাই দিয়ে, অসমৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি দিয়ে । গতিকে এনেধৰণৰ সমস্যাসমূহৰ স্থায়ী সমাধান কৰিব বুলি আশা কৰিছোঁ । সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ যে সৰুপথাৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান কৰক ।"

বিগত ৫ বছৰে সৰুপথাৰ সমষ্টিক বাট-পথৰ লগতে, চিকিৎসালয়, মডেল ৰে'ল ষ্টেচন ইত্যাদিৰ ক্ষেত্ৰত সৰুপথাৰ সমষ্টিৰ বিধায়কে যথেষ্ট উন্নয়ন কৰে বুলি ভোটাৰে মন্তব্য কৰে । পূৰ্বৰ বিধায়ক তথা চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ নেতৃত্বাধীন বিধায়ক বিশ্বজিৎ ফুকনে সমষ্টিটোৰ উন্নয়ত অন্য মাত্ৰা প্ৰদান কৰাৰ কথা বুলি প্ৰকাশ কৰে ভোটাৰসকলে ।

এজন ভোটাৰৰ কয়,"হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যিখন চৰকাৰ আছে, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিগত কেইবাটাও দশকত নেদেখা উন্নয়ন দেখিবলৈ পাইছোঁ । উন্নয়নসমূহৰ ভিতৰত লেখত ল'বলগীয়া হৈছে সৰুপথাৰ সমষ্টিৰ বাট-পথ । সমষ্টিটোৰ বাট-পথ, নলা-নৰ্মদা, ষ্টেডিয়াম, ইনড'ৰ ষ্টেডিয়াম, শিক্ষানুষ্ঠান ইত্যাদিৰ যি উন্নয়নমূলক কাম হৈছে, এইসমূহ সৰুপথাৰবাসী ৰাইজৰ সপোন আছিল ।"

তেওঁ পুনৰ কয়, "এই সপোন আজি বাস্তৱত পৰিণত হৈছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সবল নেতৃত্বত । সৰুপথাৰৰ ৰে'ল ষ্টেচনটো আটকধুনীয়াকৈ নিৰ্মাণ কৰি থকা হৈছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কেইবাটাও উন্নয়নমূলক কাম হ'ব বুলি আশা কৰিছোঁ । পুনৰ যদি বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ সমষ্টিৰ বিধায়ক হয়, তেন্তে অসমৰ ১০ টা সমষ্টিৰ ভিতৰত এটা সমষ্টিলৈ পৰিণত হ'ব সৰুপথাৰ ।"

অন্য এজন ভোটাৰে কয়,"বিগত ৫ বছৰত সৰুপথাৰ সমষ্টিত আমি যথেষ্ট উন্নয়ন পাইছোঁ । পূৰ্বৰ যি চৰকাৰ আছিল তেওঁলোক নামতহে আছিল । উন্নয়নৰ নামত কোনো ধৰণৰ গুৰুত্ব দিয়া নেদেখিলোঁ । বিগত ৫ বছৰে সৰুপথাৰৰ বিধায়কগৰাকীয়ে ৰাস্তা-ঘাটৰ যথেষ্ট উন্নয়ন কৰিছে । সৰুপথাৰত 'ৰংঘৰ' (ৰাজহুৱা ভৱন), 'ৰামধেনু' (মুকলি মঞ্চ) ইত্যাদি পূৰ্বতে হোৱা নাছিল । আৰু উন্নয়ন কৰিবলগীয়া আছে । ভৱিষ্যতলৈ বিধায়ক মহোদয়ে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰিছোঁ । ভোটাৰ হিচাপে আমি পুৱাই উঠি ভাল পদূলি এটা, ভাল ৰাস্তা দেখা পাব লাগে । বিগত ৫ বছৰে যথেষ্ট হৈছে যদিও আৰু উন্নয়ন হোৱাটো বিচাৰোঁ ।"

লগতে কয়,"২০২৬ চনত পুনৰ বিধায়ক হিচাপে বিশ্বজিৎ ফুকনক বিচাৰোঁ । তেখেতক বিচাৰি যাবলগীয়া যাতে নহয়, সৰুপথাৰতে পাওঁ । বৰ্তমান তেখেতক জনসাধাৰণে অভাৱ-অভিযোগ জনাবলৈ সৰুপথাৰতেই পাই আছে, সেয়াই আমাৰ বাবে যথেষ্ট ।"

অন্য এজনে কয়, "৫ বছৰে উন্নয়ন হৈছে । ৰাস্তা-ঘাট, চিকিৎসালয়, ষ্টেডিয়াম ইত্যাদি হৈছে । ২০২৬ চনত পুনৰ বিধায়ক হিচাপে বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকন আহিলে ভাল হয় । সমষ্টিটোত কৰিবলগীয়া অন্য কাম কৰিব পাৰিব ।"

ইয়াৰ বিপৰীতে সৰুপথাৰ সমষ্টিত নিৰ্মিত হোৱা বিজ্ঞান মহাবিদ্যালয়, গ্ৰামাঞ্চলৰ বাট-পথ, জল জীৱন মিছন, অসম-নাগালেণ্ড সীমা সমস্যাদিৰ বিষয়ত মন্তব্য কৰে কেইজনমান ভোটাৰে । সমষ্টিটোৰ এজন ভোটাৰে কয়,"বহু বছৰ উন্নয়ন নোহোৱা সমষ্টি এটাত দুটামান কাম হ'লেই বহুত কাম হোৱা যেন দেখা যায় । প্ৰকৃততে সেইটো কথা নহয় । সৰুপথাৰ সমষ্টিত বহুখিনি উন্নয়নমূলক কাম কৰিবলগীয়া আছে । গ্ৰামাঞ্চলৰ বাট-পথসমূহ এতিয়াও বহু জৰাজীৰ্ণ, যাৰ ফলত গাঁৱৰ জনসাধাৰণে জীয়াতু ভূগীবলগীয়া হৈছে । সৰুপথাৰ সমষ্টিত বিজ্ঞান মহাবিদ্যালয় এখন হৈছিল যদিও আজিলৈকে সম্পূৰ্ণ নহ'ল । পূৰ্বৰ বিধায়িকাগৰাকীয়ে উদ্বোধন কৰাৰ বাবেই বৰ্তমানৰ বিধায়কজনে সম্পূৰ্ণ কৰা নাই যেন ভাৱ হয় ।"

তেওঁ লগতে কয়, "আমি বিচাৰো- বৰ্তমানৰ বিধায়কজনে যেন শীঘ্ৰেই মহাবিদ্যালয়খনৰ কাম সম্পূৰ্ণ কৰি শিক্ষাৰ্থীৰ বাবে মুকলি কৰি দিয়ে । ইপিনে সমষ্টিটোত জল জীৱন মিছনৰ কাম ৰূপায়ণ হৈছিল যদিও বিকল হৈ পৰিছে । ৰাইজে পানী পোৱা নাই । কিছুমান জল জীৱন মিছনৰ কাম সম্পূৰ্ণই হোৱা নাই । সৰুপথাৰ সমষ্টিৰ ডাঙৰ সমস্যা হৈছে যে অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ স্থায়ী সমাধান ন'হল । সীমান্তত বাস কৰা খিলঞ্জীয়া লোকসকলে ভয়-ভাবুকিৰে থাকিবলগীয়া হৈছে ।"

অন্য এজন ভোটাৰে কয়, "সৰুপথাৰ সমষ্টিটো অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল হোৱাৰ কাৰণে অতি পিছপৰা অঞ্চল । সমষ্টিটোৰ গ্ৰামাঞ্চলৰ বাট-পথ আজি পৰ্যন্ত হোৱা নাই । এনে বহু ৰাস্তা আছে য'ত চেণ্ডগ্ৰেভেল এগাড়ীও পেলোৱা নাই । যদিহে গ্ৰামাঞ্চলৰ বাট-পথ সূচল কৰে তেতিয়াহে সৰুপথাৰ সমষ্টিৰ সামগ্ৰিক বিকাশ হোৱা বুলি ক'ব পাৰিম । শেহতীয়াকৈ দেখিছোঁ বিধায়ক বিশ্বজিৎ ফুকনে নিজৰ উন্নয়নৰ বাহিৰে সমষ্টিৰ যি গঠনমূলক উন্নয়ন হোৱা দেখা নাই । MGNREGA, অমৃত সৰোবৰৰ কাম ৰূপায়ণত কিদৰে সমষ্টিটোত অৰাজকতাৰ সৃষ্টি হৈছে, যাৰ ফলত উন্নয়ন স্থবিৰ হৈছে ।"

লগতে কয়, "সমষ্টিটোত বিজ্ঞান মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য চলিছিল যদিও এতিয়া স্থবিৰ হৈ পৰিছে । সৰুপথাৰ, নাওজান, চুঙাজান নগৰ তিনিখনক চৰকাৰীভাৱে স্বীকৃতি দিব পৰা নাই । চিন্তা কৰা হ'লে এই তিনিখনৰ নগৰক চৰকাৰীভাৱে স্বীকৃতি দিব পাৰিলেহেতেন । ইপিনে জল জীৱন মিছনৰ কাম-কাজসমূহ ঠিকাদাৰ পক্ষৰ লগতে চৰকাৰী পূঁজিৰ আৱণ্টনৰ ক্ষেত্ৰত স্থবিৰ হৈছে । লগতে যিসমূহ কাম সম্পূৰ্ণ হৈছিল, নিম্ন মানৰ সামগ্ৰী লগোৱাৰ বাবে ৰাইজে পানী পোৱা নাই ।"

লগতে পঢ়ক: ভোটাৰে কি কয় : ৫ বছৰে হোৱা উন্নয়নক লৈ সন্তুষ্ট নে বৰছলাৰ ৰাইজ ?

বিধানসভা বৃত্তান্ত: জানো আহক ৰঙানদী বিধানসভা সমষ্টিক