ETV Bharat / politics

ভোটাৰে কি কয় : জানো আহক নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথা

অভিভাৱকহীন মাকুম বিধানসভা সমষ্টি । পূৰ্বে এটা অংশ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল ।

Makum Assembly Constituency
মাকুম বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2026 at 5:20 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: সমাগত ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচন । ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বলিছে নিৰ্বাচনী গৰম বতাহ । প্ৰতিটো ৰাজনৈতিক দলে ৰাইজৰ কাষলৈ যাবলৈ চেষ্টা কৰিছে । বিশেষকৈ প্ৰতিটো ৰাজনৈতিক দলৰ সম্ভাব্য প্ৰাৰ্থীসকলে যাত্ৰা কৰিছে ভোটাৰৰ পদুলিয়ে পদুলিয়ে ।

ৰাজনৈতিক দলসমূহৰ সম্ভাব্য প্ৰাৰ্থীসকলে হয়তো ইতিমধ্যে নিজৰ দলীয় প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ সেউজ সংকেত লাভ কৰিছে । হয়তো অতি কম দিনৰ ভিতৰতে ৰাজনৈতিক দলসমূহে চূড়ান্ত প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰিব । সমান্তৰালভাৱে এতিয়া সাধাৰণ জনতা তথা ভোটাৰসকলেও সাজু হৈছে নিজৰ অধিকাৰ সাব্যস্ত কৰি মন পচন্দৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ ।

মাকুম বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথা (ETV Bharat Assam)

তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিটোৰ কেইগৰাকীমান ভোটাৰৰ মনৰ কথা জানিবলৈ বিচৰাত যুৱ ভোটাৰ প্ৰৱেন ফুকনে কয় , “নৱগঠিত মাকুম বিধানসভা সমষ্টিটো বিভিন্ন সমস্যাৰে জৰ্জৰিত । বৰ্তমান আমি এটা অভিভাৱকহীন সমষ্টিৰ বাসিন্দা । সমষ্টি পুনৰ গঠন হোৱাৰ পূৰ্বে এটা অংশ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল; কিন্তু তেতিয়াও উন্নয়নৰ ক্ষেত্ৰত বহুখিনি ৰৈ গৈছে । বৰ্তমান কোনো এগৰাকী জনপ্ৰতিনিধি আহি সমস্যা সমাধানৰ কাৰণে কাম কৰাহি নাই ৷ কিন্তু এতিয়া দেখিছো নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বহুজনে জনসাধাৰণৰ কাষ চাপিছে ।"

Makum Police Station
মাকুম আৰক্ষী থানা (ETV Bharat Assam)

তেওঁ আৰু কয়," বহু প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে আগবাঢ়ি জনতাৰ কাষ চাপিছে; কিন্তু আমি এগৰাকী ভোটাৰ হিচাপে এনে এগৰাকী জনপ্ৰতিনিধি বিচাৰো যাতে মাকুম সমষ্টিটোত সমউন্নয়ন হয় । শিক্ষা, স্বাস্থ্য, পৰ্যটন সকলো ক্ষেত্ৰতে যাতে সমানভাৱে আগুৱাই নিয়ে । সমষ্টিটোৰ সমস্যাসমূহ তথা উন্নয়নৰ কাৰণে বিধানসভাত সজোৰে উত্থাপন কৰি আঁজুৰি আনিব পাৰে তেনে জনপ্ৰতিনিধি আমি বিচাৰো ।”

Makum Municipal Board
মাকুম পৌৰসভা (ETV Bharat Assam)

আন এগৰাকী চাহ জনগোষ্ঠীৰ ভোটাৰে কয় , “বিজেপি চৰকাৰে যথেষ্ট ভাল কাম কৰিছে সকলোৱে দেখি আছে । মাকুম সমষ্টিটো যিহেতু একেবাৰে নতুন সমষ্টি গতিকে আমি মাকুম সমষ্টিত এগৰাকী স্থানীয় বিধায়ক বিচাৰো যাতে আমাৰ সমস্যাসমূহ বুজি পায় সমাধান কৰে । মাকুমৰ স্থায়ী বাসিন্দা, মাকুমতে থকা হ’ব লাগে জনপ্ৰতিনিধিগৰাকী, তেতিয়াহে কাষৰীয়া মানুহৰ দুখৰ কথাবোৰ বুজি পাব । অন্য স্থানৰ পৰা আহি প্ৰাৰ্থিত্ব বিচাৰিলে কেনেকৈ বুজি পাব । আমি কাৰো হৈ নকওঁ; কিন্তু প্ৰতিটো দলে স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰো ৷”

Makum Junction
মাকুম জংচন (ETV Bharat Assam)

সমান্তৰালভাৱে আন এগৰাকী ভোটাৰে কয়, “এতিয়াও বহু চাহ বাগানৰ অঞ্চল আছে য’ত বহু ছাত্ৰ-ছাত্ৰী এখন ভাল বিদ্যালয়লৈ যাব পৰা নাই । আমাৰ মনৰ কথা যিসকলে বুজি পায় তেনে প্ৰতিনিধি হ’লেহে চাহ বাগানৰ উন্নয়ন হ’ব বুলি বিশ্বাস কৰো । পূৰ্বতে ডিগবৈৰ বিধায়ক থকাৰ সময়ত চাহ বাগিচাত যিদৰে উন্নয়ন হ’ব লাগিছিল সেয়া নহ’ল । হয়, বিজেপি চৰকাৰ অহাৰ পাছত বহু ভাল কাম কৰিছে আৰু ভাল কাম কৰিব । এতিয়া আমি বুজি পাইছো কেনেকুৱা ব্যক্তিয়ে আমাক ভালকৈ চাব, বহু বছৰ বুজি পোৱা নাছিলো । বহুত মানুহ আহিল, গ’ল । বহুতক ভোট দি জয়যুক্ত কৰালো; কিন্তু আমাক দিয়া কথা, কথাই হৈ থাকিল, আজিলৈকে কাম সম্পূৰ্ণ হৈ নুঠিল । বহুত বাগানত ২৫০ টকা হাজিৰা পায়, আমাৰ মানুহ কেনেকৈ চলে আমিহে বুজি পাও । চাহ মজদুৰ সংঘৰ সম্পাদকসকলে যেনেকৈ চাহ শ্ৰমিকৰ স’তে আলোচনা কৰি সমস্যাসমূহ বুজ লৈ থাকে তেনেধৰণৰ ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াটোহে বিচাৰো । মাকুম সমষ্টিটো বহুত ভাল সমষ্টি, গতিকে এগৰাকী ভাল ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰো ।”

লগতে পঢ়ক:নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিৰ ভোটাৰৰ ক্ষোভ-সমস্য়া