ETV Bharat / politics

ভোটাৰে কি কয় ? বিগত পাঁচ বছৰৰ উন্নয়নমূলক কামক লৈ সন্তুষ্ট নে খুমটাই সমষ্টিৰ ৰাইজ

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ কাম-কাজক লৈ সন্তুষ্ট নে সমষ্টিবাসী ৰাইজ ? ভোটাৰ ৰাইজৰ মনৰ কথা জানিবলৈ আমাৰ এই প্ৰতিবেদন ।

KHUMTAI ASSEMBLY CONSTITUENCY
বিগত পাঁচ বছৰৰ উন্নয়নমূলক কামক লৈ সন্তুষ্ট নে খুমটাই সমষ্টিৰ ৰাইজ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 3:10 PM IST

7 Min Read
Choose ETV Bharat

গোলাঘাট : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত খুমটাই সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত কৰা হয় বৃহত্তৰ মৰঙী মৌজা আৰু ইয়াৰ লগে লগে বৃদ্ধি পাইছে চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা । এই সমষ্টিত এইবাৰ বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ ভোটাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে ।

বিগত পাঁচ বছৰে এই সমষ্টিত জনপ্ৰতিনিধিৰ পৰা কি পালে আৰু কি নাপালে তাৰ উত্তৰ বিচাৰি আমি প্ৰথমে গৈছিলোঁ চাহ বাগিচা অঞ্চলৰ ভোটাৰৰ কাষলৈ । শাওতলী চাহ বাগিচাৰ চাহ শ্ৰমিক ভাৰত কালিন্দীয়ে কয়, "খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই শাওতলী চাহ বাগিচাত বহু কাম কৰিছে । চাহ শ্ৰমিকৰ মাটিৰ পট্টা, পথৰ কাম সকলো হৈছে । বাগিচাত তিনিটা পাতঘৰ লাভ কৰিছোঁ । বাৰিষাৰ সময়ত চাহ শ্ৰমিকৰ বহু কষ্ট হয়, যাৰ বাবে ২০২৬ৰ বিধানসভা নিৰ্বাচনত মৃণাল শইকীয়াক পুনৰ বিধায়ক হিচাপে লাগে ।"

বিগত পাঁচ বছৰৰ উন্নয়নমূলক কামক লৈ সন্তুষ্ট নে খুমটাই সমষ্টিৰ ৰাইজ ? (ETV Bharat Assam)

তেওঁ লগতে কয়, "পূৰ্বে কংগ্ৰেছ দলৰ বিধায়ক আছিল, কিন্তু আমাক মানুহ বুলি গণ্য কৰা নাছিল । কিন্তু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সকলোকে সহায় কৰি আহিছে । এই চৰকাৰে যেনেধৰণৰ প্ৰতিশ্ৰুতি দিছিল তেনেদৰে কাম কৰি আহিছে । গতিকে এই চৰকাৰক পুনৰ শাসনলৈ আনিব লাগে ।"

এই সম্পৰ্কে আন এগৰাকী চাহ বাগিচাৰ ভোটাৰ বকুল গড়ে কয়, "২০১৬ চনৰ পৰা বৰ্তমানলৈকে ১০ বছৰে বিধায়ক মৃণাল শইকীয়াই বাগিচা অঞ্চলত প্ৰায় সকলো পথ পকীকৰণ কৰিছে । পূৰ্বে আমাৰ খোৱাপানীৰ সমস্যা আছিল, কিন্তু বৰ্তমান প্ৰতিটো লাইনত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে । লগতে বাগিচাত জিৰণি ঘৰ, পূৰ্বে বাগিচা অঞ্চলত ৰাজহুৱা সভাৰ বাবে কোনোধৰণৰ স্থায়ী মঞ্চ নাছিল । কিন্তু বৰ্তমান জগন্নাথ সামূহিক ভৱন নিৰ্মাণ কৰিছে প্ৰতিখন বাগিচাত । আমাৰ বিধায়কজনে প্ৰতিদিনে বাগিচা অঞ্চলত ভ্ৰমণ কৰি ৰাইজৰ সুখ-দুখৰ সমভাগী হয় ।"

KHUMTAI ASSEMBLY CONSTITUENCY
পানী যোগান আঁচনি (ETV Bharat Assam)

তেওঁ লগতে কয়, "পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত বিধায়কৰ ঘৰলৈ চাহ বাগিচাৰ ৰাইজে গ'লে বহিবলৈ সুবিধা লাভ কৰা নাছিলোঁ । কিন্তু বৰ্তমানৰ বিধায়কৰ ঘৰলৈ চাহ বাগিচাৰ ৰাইজ গ'লে বিধায়কৰ লগতে একেলগে বহি চাহ-তামোল খাই সমস্যা সমাধান কৰি দিয়ে । বিধায়ক মৃণাল শইকীয়াই বাগিচা অঞ্চলৰ ৰাইজৰ ঘৰত নৈশ যাপন কৰে আৰু তাৰ ৰাইজৰ মৌলিক সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰে । পূৰ্বে কংগ্ৰেছৰ শাসনকালত ৰাস্তা-ঘাট, খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত হৈ আহিছে । কিন্তু আজিৰ দিনত আমাৰ প্ৰতিঘৰ মানুহৰ মাজত অৰুণোদয়, ৰেচন কাৰ্ড পাইছে । পূৰ্বে বাগিচা অঞ্চলৰ ৰাইজে ঘটি লৈ বাগিচালৈ যায়, কিন্তু বৰ্তমান প্ৰতিঘৰ মানুহৰ ঘৰত এটা পকী শৌচাগাৰ আছে । ইয়াৰ উপৰি চাহ বাগিচাৰ ৰাইজৰ প্ৰতিটো সমস্যা সমাধান হৈছে ।"

KHUMTAI ASSEMBLY CONSTITUENCY
চৰকাৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা এগৰাকী হিতাধিকাৰী (ETV Bharat Assam)

এইবাৰ যাওঁ আহক খুমটাই চাহ বাগিচালৈ । খুমটাই চাহ বাগিচাৰ এজন যুৱক ফিৰোজ ৰহমানে কয়, "বৰ্তমান আমাৰ জনপ্ৰতিনিধিৰ প্ৰতি কিমান মৰম আছে তাৰ প্ৰমাণ এইসকল ৰাইজ । আমি কংগ্ৰেছ চৰকাৰৰ দিনত যি পাইছিলোঁ তাতকৈ বহু বেছি পাইছোঁ । ৰাস্তা-ঘাট, খোৱাপানীৰ পৰা আৰম্ভ কৰি সকলো বস্তু পাইছোঁ । আমাৰ কাষত থকা সেন্দুৰীটিং চাহ বাগিচা আৰু বুটলি খোৱা চাহ বাগিচাত যিমান পথ নিৰ্মাণ হৈছে, পূৰ্বে কেতিয়াও হোৱা নাছিল । আমি ৰৈ থকা এই পথছোৱাৰ অৱস্থা ইমানেই বেয়া আছিল যে ইয়াত পৰি বহু লোকৰ হাত-ভৰি ভাঙিছিল । কিন্তু বৰ্তমান এই পথ পকীকৰণ হৈছে । গতিকে তেখেতে ভাৰতবৰ্ষৰ ভিতৰত এজন শ্ৰেষ্ঠ বিধায়ক হিচাপে পৰিচয় পাইছে আৰু যদি তেখেতক এইবাৰ বিজেপি দলে টিকটৰ পৰা বঞ্চিত কৰে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম ।"

KHUMTAI ASSEMBLY CONSTITUENCY
চ্যুকাফা ক্ষেত্ৰ (ETV Bharat Assam)

জনপ্ৰতিনিধি সম্পৰ্কে খুমটাই চাহ বাগিচাৰ এজন শ্ৰমিকে কয়, "খুমটাই সমষ্টিৰ বিধায়কে বহুতো কাম কৰি গৈছে । কংগ্ৰেছৰ চৰকাৰৰ দিনত ৰাস্তা-ঘাট নিৰ্মাণ কৰা নাছিল । আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল । কিন্তু ২০১৬ চনত মৃণাল শইকীয়াই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আমাৰ বাগিচাত বহু উন্নয়নমূলক কাম-কাজ হৈছে । আমি সৰু থাকোঁতে বোকাপানী গচকি বিদ্যালয়লৈ যাবলগীয়া হৈছিল । কিন্তু বৰ্তমান পকী পথেৰে চলাচল কৰিব পৰা হৈছোঁ । গতিকে আমি পুনৰ খুমটাই সমষ্টিত আকৌ মৃণাল শইকীয়াক বিধায়ক হিচাপে বিচাৰোঁ যাতে খুমটাই সমষ্টি দ্ৰুত গতিত উন্নয়নৰ দিশত আগবাঢ়ি যায় ।"

KHUMTAI ASSEMBLY CONSTITUENCY
ছুইমিং পুল (ETV Bharat Assam)

আনহাতে, চাহ বাগিচাৰ এগৰাকী মহিলা ভোটাৰ মহেশ্বৰী কুমাৰে কয়, "বৰ্তমানৰ বিধায়কৰ পৰা বহু সুবিধা লাভ কৰিছোঁ । আমাৰ বাগিচাত চুকে-কোণে থকা পথ নিৰ্মাণ কৰিছে । আমাৰ সময়ত বোকা-পানী গচকি বিদ্যালয়লৈ যাবলগীয়া হৈছিল । কিন্তু বৰ্তমান আমাৰ ল'ৰা-ছোৱালী পকী পথেৰে বিদ্যালয়লৈ অহা-যোৱা কৰিব পাৰিছে । পূৰ্বে কোনো জনপ্ৰতিনিধিৰ পৰা কোনোধৰণৰ সুবিধা লাভ কৰা নাছিলোঁ, কিন্তু বৰ্তমান পাইছোঁ । যাৰবাবে পুনৰ মৃণাল শইকীয়াক বিধায়ক হিচাপে বিচাৰোঁ ।"

ETV Bharat Assam
জয়া গগৈ মহাবিদ্যালয় (ETV Bharat Assam)

এই সম্পৰ্কে খুমটাই অঞ্চলৰ এজন সাধাৰণ ভোটাৰ যুৱক জিণ্টু চৌধুৰীয়ে কয়, "আমাৰ অঞ্চলত খোৱাপানীৰ সমস্যা আছে আৰু বহু লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছে । মই ঘৰ লাভ কৰিছিলোঁ, কিন্তু কাটি দিলে । মই সকলো নথিপত্ৰ জমা দিছোঁ । সামগ্ৰিকভাৱে বহু উন্নয়নমূলক কাম-কাজ হৈছে । পথ, বিদ্যুৎ আদি সুবিধা লাভ কৰিছে । কংগ্ৰেছ চৰকাৰৰ দিনত ইমান উন্নয়নমূলক কাম হোৱা নাছিল । কিন্তু বিজেপি চৰকাৰৰ দিনত বহু উন্নয়নমূলক কাম-কাজ হৈছে । ২০২৬ৰ বিধানসভা নিৰ্বাচনত সকলোৱে পুনৰ মৃণাল শইকীয়াক বিধায়ক হিচাপে নিৰ্বাচিত কৰে তাৰবাবে আহ্বান জনাওঁ ।"

এই সম্পৰ্কে অঞ্চলটোৰ এজন জেষ্ঠ ভোটাৰ বগাই গগৈ কয়, "বিধায়ক মৃণাল শইকীয়াই আমাক সকলো সুবিধা প্ৰদান কৰিছে । পথ, চৰকাৰী বাসগৃহৰ পৰা আৰম্ভ কৰি সকলো সুবিধা প্ৰদান কৰিছে ।‌ কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত কোনো সুবিধা লাভ কৰা নাছিলোঁ । কিন্তু বিজেপি চৰকাৰৰ দিনত শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আমাৰ খুমটাই সমষ্টিৰ সকলো দিশতে আগবাঢ়ি গৈছে । পুনৰ বিধায়ক মৃণাল শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰি জয়ী হৈ ৰৈ যোৱা কাম সম্পূৰ্ণ কৰিবলৈ সুবিধা হ'ব ।"

KHUMTAI ASSEMBLY CONSTITUENCY
অত্যাধুনিক ছুইমিং পুল (ETV Bharat Assam)

হাতী-মানুহৰ সংঘাত

উল্লেখ্য যে নৱগঠিত খুমটাই সমষ্টিত হাতী-মানুহৰ সংঘাত মূল সমস্যা হিচাপে পৰিগণিত হৈছে । বিশেষকৈ মৰঙী মৌজাত পূৰ্বৰ পৰাই হাতী-মানুহৰ সংঘাত আছে যদিও আজি কিছু বছৰৰ পৰা চিলাতলী, আধাৰ সত্ৰ, শাওতলী চাহ বাগিচা, খুমটাই, কাকতী গাঁও, নৰা গাঁও আদি অঞ্চলত নতুনকৈ এই হাতী-মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ।

উচ্চ শিক্ষাৰ ক্ষেত্ৰত খুমটাই সমষ্টি

খুমটাই সমষ্টিত উচ্চ শিক্ষাৰ বাবে তিনিখনকৈ মহাবিদ্যালয় আছে । মহাবিদ্যালয়কেইখন ক্ৰমে মেৰামৰা মহাবিদ্যালয়, খুমটাই মহাবিদ্যালয় আৰু মৰঙী মহাবিদ্যালয় । ইয়াৰ উপৰি এখন বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য চলি আছে । সেইখন হৈছে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় । অৱশ্যে এই বিশ্ববিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত বৰ্তমান চলি আছে ।

লগতে পঢ়ক :ভোটাৰে কি কয় ? ৰঙিয়াবাসীৰ মনৰ কথা
লগতে পঢ়ক :ভোটাৰে কি কয় : তেজপুৰ সমষ্টিৰ উন্নয়নক লৈ কি কয় বালিপুখুৰী পঞ্চায়তৰ ভোটাৰে ?