ETV Bharat / politics

নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিৰ ভোটাৰৰ ক্ষোভ-সমস্য়া

পূৰ্বে আছিল দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত । ভোটাৰে নতুন সমষ্টি লাভ কৰিলে যদিও সমাধান নহ'ল সমস্য়াৰ ।

Dimoria Assembly constituency
ডিমৰীয়া বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 3:20 PM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত কামৰূপ মহানগৰ জিলাৰ ৰাজনৈতিক মানচিত্ৰত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে । জিলাখনত পূৰ্বৰ চাৰিটা বিধানসভা সমষ্টিৰ পৰিৱৰ্তে এতিয়া সমষ্টিৰ সংখ্যা পাঁচটালৈ বৃদ্ধি পাইছে । এই প্ৰক্ৰিয়াত পুৰণি 'পূব গুৱাহাটী' আৰু 'পশ্চিম গুৱাহাটী' সমষ্টি বিলুপ্ত কৰি তাৰ ঠাইত 'নিউ গুৱাহাটী' আৰু 'গুৱাহাটী চেণ্ট্ৰেল' গঠন কৰা হৈছে । এই নতুনকৈ সংযোজিত হোৱা পঞ্চমটো সমষ্টিয়েই হৈছে ডিমৰীয়া বিধানসভা সমষ্টি ।

সমষ্টিৰ পটভূমি আৰু সংৰক্ষণ:

ডিমৰীয়া সমষ্টিটো মূলতঃ পূৰ্বৰ দিছপুৰ সমষ্টিৰ এক বৃহৎ অংশ কাটি আনি গঠন কৰা হৈছে । ৩৪ নং সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে । এই নতুন বিধানসভা সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ।

ডিমৰীয়া বিধানসভা সমষ্টি (ETV Bharat Assam)

ঐতিহাসিক গুৰুত্ব:

'ডিমৰীয়া' নামটোৰ এক চহকী ঐতিহাসিক ঐতিহ্য আছে, কিয়নো এসময়ত ই এখন ৰাজ্য আছিল ।

ভৌগোলিক পৰিসীমা আৰু এলেকা:

নৱগঠিত ৩৪নং ডিমৰীয়া (এছ চি) সমষ্টিত গুৱাহাটী পৌৰ নিগমৰ একাংশ ৱাৰ্ডৰ লগতে চহৰৰ পাৰ্শ্বৱৰ্তী উন্নয়ন খণ্ডসমূহো অন্তৰ্ভুক্ত কৰা হৈছে ।

Gate of Kamakhya Devalaya in Khetri
ক্ষেত্ৰীৰ কামাখ্য়া দেৱালয় তোৰণ (ETV Bharat Assam)

পৌৰ নিগমৰ এলেকা:

৪৬নং ৱাৰ্ড (নুনমাটিৰ অংশবিশেষ), ৪৯নং ৱাৰ্ড (মঠঘৰীয়া, গীতানগৰ, পাথৰকুৱেৰীৰ অংশবিশেষ) আৰু ৫২নং ৱাৰ্ড (ডাউন টাউন, দ্বাৰকা নগৰৰ অংশবিশেষ)।

উন্নয়ন খণ্ডসমূহ:

চন্দ্ৰপুৰ উন্নয়ন খণ্ড, ডিমৰীয়া উন্নয়ন খণ্ড আৰু নাৰেংগী উন্নয়ন খণ্ডৰ অংশবিশেষ।

অন্যান্য:

বহুকেইখন গাঁও পঞ্চায়তক সামৰি এই বৃহৎ সমষ্টিটো গঠন কৰা হৈছে ।

Dimoria Assembly constituency
ডিমৰীয়া বিধানসভা সমষ্টি (ETV Bharat Assam)

ভোটাৰৰ ৰূপৰেখা :

শেহতীয়া খচৰা অনুসৰি নৱ গঠিত হোৱা এই সমষ্টিটোত ভোটাৰৰ সংখ্যা লক্ষণীয় । ভোট গ্ৰহণ কেন্দ্ৰ ২৬২টা । মুঠ ভোটাৰ ২,১৬,৯৪৯ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ১,০৫,৩৮৪ জন আৰু মহিলা ভোটাৰ ১,১১,৫৫৯ গৰাকী । আনহাতে তৃতীয় লিংগৰ ভোটাৰ আছে ৬ গৰাকী ।

ৰাইজৰ মনৰ বতৰা আৰু স্থানীয় সমস্যা :

সমষ্টিটোৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে ইটিভি ভাৰতৰে কথা-বতৰাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ পোহৰলৈ আহিছে ।

Zubeen Garg Samadhi Kshetra in Kamarkuchi, Sonapur
সোণাপুৰৰ জুবিন গাৰ্গ ক্ষেত্ৰ (ETV Bharat Assam)

স্থানীয় প্ৰাৰ্থীৰ দাবী:

স্থানীয় প্ৰাৰ্থীৰ দাবী জনাই এগৰাকী ভোটাৰে কয়, " প্ৰায় সংখ্যক ভোটাৰে এইবাৰ এজন ডিমৰীয়া অঞ্চলৰ স্থানীয় প্ৰাৰ্থীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ।" পূৰ্বে দিছপুৰ সমষ্টিৰ অধীনত থাকোতে স্থানীয় সমস্যাসমূহৰ সঠিক সমাধান নোহোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ ভোটাৰে কয়,"এজন স্থানীয় প্ৰতিনিধিক সহজে ঢুকি পোৱা যায় আৰু তেওঁ অঞ্চলটোৰ সমস্যাসমূহ ভালদৰে বুজি পায়।"

সংৰক্ষণক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া:

সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেণ ইংতিয়ে এই সন্দৰ্ভত কয়,"সমষ্টিটো জনজাতীয় (ST) লোকেৰে ভৰপূৰ হোৱা স্বত্বেও ইয়াক অনুসূচীত জাতি (SC)ৰ বাবে সংৰক্ষিত কৰাত একাংশ ৰাইজৰ মাজত আক্ষেপ আছে । এইবেলি নিৰ্বাচনত জনজাতীয় ভোটাৰে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ।"

Science City Guwahati
বিজ্ঞান নগৰী গুৱাহাটী (ETV Bharat Assam)

সীমান্তৱৰ্তী অঞ্চলৰ সমস্যা:

অসম-মেঘালয় সীমান্তত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুলনাত শিক্ষা, স্বাস্থ্য, যাতায়ত আৰু বিদ্যুতৰ শোচনীয় অৱস্থা বুলি উল্লেখ কৰি একাংশ ভোটাৰে কয়,"সীমান্তৱৰ্তী বহু অঞ্চলত এখন হাইস্কুল পৰ্যন্ত নাই ।"

বিশুদ্ধ খোৱা পানী:

হেলাগোগ ৰাজহ গাঁৱকে মুখ্য কৰি অঞ্চলটোৰ বিভিন্ন স্থানত বিগত ৯-১০ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ তীব্ৰ অভাৱ বুলি কয় এগৰাকী ভোটাৰে ।

ভূমি পট্টা:

ভূমি জৰীপ নোহোৱা বাবে বহু খিলঞ্জীয়া লোক মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ আছে বুলি কয় এগৰাকী ভোটাৰে ।

Natural beauty of Sonapur
বিহংগম দৃষ্টিৰে সোণাপুৰ (ETV Bharat Assam)

স্থানীয় নিবনুৱাক নিযুক্তিৰ আহ্বান :

স্থানীয় কল-কাৰখানাত খিলঞ্জীয়া যুৱক-যুৱতীক নিযুক্তি দিয়াৰ দাবী উঠিছে । নৱ গঠিত ৩৪নং ডিমৰীয়া সমষ্টিৰ ভোটাৰে এইবাৰ প্ৰথমবাৰৰ বাবে নিজা জনপ্ৰতিনিধি নিৰ্বাচন কৰিব।

ৰাইজৰ আশা :

নতুন সমষ্টিয়ে নতুন দিগন্তৰ সূচনা কৰিব আৰু পৰিবৰ্তনৰ যি সপোন দেখিছে স্থানীয় লোকে। সেয়া বাস্তৱায়িত হ'ব । ৰাজনৈতিক দলসমূহৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব এজন যোগ্য আৰু গ্ৰহণযোগ্য প্ৰাৰ্থী আগবঢ়োৱা ।

লগতে পঢ়ক:বিধানসভা বৃত্তান্ত : জানো আহক বঙাইগাঁও বিধানসভা সমষ্টিৰ বিষয়ে

ভোটাৰে কি কয় ? ৰঙিয়াবাসীৰ মনৰ কথা