ETV Bharat / politics

ভোটাৰে কি কয় : ৫ বছৰে হোৱা উন্নয়নক লৈ সন্তুষ্ট নে বৰছলাৰ ৰাইজ ?

নিৰ্বাচনৰ প্ৰাকক্ষণত বৰছলা সমষ্টিৰ ৰাইজৰ অভাৱ, অভিযোগ সামৰি এই বিশেষ প্ৰতিবেদন ।

Barchalla Assembly constituency
বৰছলা সমষ্টিৰ ৰাইজৰ অভাৱ কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2026 at 5:37 PM IST

7 Min Read
Choose ETV Bharat

তেজপুৰ : সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধীয়ে । বিগত সময়ছোৱাত বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনে জনসাধাৰণৰ মাজত কি বিশেষ প্ৰভাৱ বিস্তাৰ কৰিলে বা কি কি সমস্যা সমাধান কৰিলে তাৰ এক বিশেষ খতিয়ানেৰে এয়া জনসাধাৰণৰ অভিমত ।

শোণিতপুৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ ভিতৰত বৰছলা সমষ্টি এটা অতি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি । বিগত ৫ বছৰে সমষ্টিৰ কি কি কাম আধৰুৱা হৈ ৰ'ল কি কয় সমষ্টিৰ ভোটাৰে ? জানো আহক তেওঁলোকৰ মনৰ বতৰাৰে আমাৰ এই বিশেষ প্ৰতিবেদন ।

৫ বছৰে হোৱা উন্নয়নক লৈ সন্তুষ্ট নে বৰছলাৰ ৰাইজ (ETV Bharat Assam)

বৰছলা বিধানসভা সমষ্টিৰ ২২ খন গাঁও পঞ্চায়তৰ ভিতৰত বাঁহবাৰী গাঁও পঞ্চায়ত এটা অতি ভিতৰুৱা পঞ্চায়ত । সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত বৰছলা সমষ্টিৰ প্ৰায় ৭ টা পঞ্চায়ত ঢেকীয়াজুলি সমষ্টিৰ পৰা বৰছলাত অন্তৰ্ভুক্ত হৈছে ।

পূৰ্বৰ জীয়া গাভৰু, মিছামাৰী, গৰুবন্ধা, বাঘজোৰা, গড়মৰা, কেহেৰুখণ্ডা আৰু ঘগৰা পঞ্চায়ত ঢেকীয়াজুলিৰ পৰা বৰ্তমান সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বৰছলা সমষ্টিত অন্তৰ্ভুক্ত হয় । এই পঞ্চায়তৰ ভোটাৰসকলৰ গুৰুত্বপূৰ্ণ সমস্যা হৈছে যাতায়তৰ সমস্যা । জনপ্ৰতিনিধিৰ অতি কম সংযোগ থকা এই পঞ্চায়তৰ লোকসকলে যাতায়ত ব্যৱস্থাক লৈ মুঠেই সন্তুষ্ট নহয় ।

বাৰিষাৰ সময়ত পথৰ দুৰৱস্থাৰ বাবে জ্বলা-কলা খাব লাগে । প্ৰায় ৮,০০০-১০,০০০ অনুসূচীত জনজাতি ভোটাৰ থকা সমষ্টিটোৰ এই পঞ্চায়তত বাৰিষাৰ সময়ত পথেৰে চলাচলত ব্যাঘাত জন্মে । বিশেষকৈ ৰোগীৰ চিকিৎসাৰ বাবে সমীপৱৰ্তী তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিবলৈ বাহন অহাত অসুবিধাৰ সন্মুখীন হৈ আহিছে ।

Barchalla Assembly constituency
৩ বছৰে সম্পূৰ্ণ নহ'ল এটা পথ (ETV Bharat Assam)

বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চলত পথৰ শোচনীয় অৱস্থা আৰু দীৰ্ঘদিনীয়া উন্নয়নৰ অভাৱৰ বাবে সাধাৰণ ৰাইজে যাতায়তৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে নিৰ্বাচন আহিলেই নেতা-কৰ্মীসকল ঘৰে ঘৰে আহি নানা প্ৰতিশ্ৰুতি দিয়ে যদিও বাস্তৱত পথৰ কোনো উন্নয়ন হোৱা নাই ।

গাঁওবাসীয়ে কয়, "মন্দিৰ বা অন্যান্য উন্নয়নমূলক কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও সেইবোৰৰ কোনো খবৰ নাই ।" নিৰ্বাচন ওচৰ চাপি আহিলেও এতিয়ালৈকে বিধায়কক অঞ্চলত দেখা পোৱা নাই বুলি অভিযোগ উঠিছে । একাংশ ৰাইজে কয় যে বিধায়ক গণেশ লিম্বু পূৰ্বে এবাৰ দলং নিৰ্মাণৰ সময়ত আহিছিল যদিও পথৰ বাস্তৱ অৱস্থা চাবলৈ এতিয়ালৈকে আহা নাই ।

স্থানীয় লোকসকলৰ মতে যিটো এলেকাত তেওঁলোকে বাস কৰে, সেই অঞ্চলত বিশেষ কোনো উন্নয়নমূলক কাম হোৱা নাই । বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত সমস্যা অত্যন্ত গুৰুতৰ । সেই স্থানৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ পথ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত গৃহীত হোৱা পথ আজিলৈকে সম্পূৰ্ণ হোৱা নাই । দলং নিৰ্মাণ সম্পূৰ্ণ হ'লেও পথটো অসম্পূৰ্ণ হৈ থকাৰ বাবে যোগাযোগ ব্যৱস্থা অচল হৈ পৰিছে ।

Barchalla Assembly constituency
মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনৰ পথ (ETV Bharat Assam)

বাৰিষা আহিলেই এই পথত চলাচল কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে । পথত বোকামাটি জমা হয়, একাঁঠু পৰ্যন্ত পানী উঠে । যদিও অস্থায়ীভাৱে শিল পেলাই থোৱা হৈছে, কিন্তু তাৰ পিছত কাম আগবাঢ়িব নে নাই সেই সন্দৰ্ভত ৰাইজ আজিও সন্দিহান । এই পথটো সংযোগ হয় বাঁহবাৰী পঞ্চায়ত কাৰ্যালয়, ৰঙাপাৰা আদি গুৰুত্বপূৰ্ণ অঞ্চলৰ সৈতে সংযোগী হ'লেও আজিলৈকে সম্পূৰ্ণ নহ'ল ।

আনফালে পূৰ্বৰ গড়কাপ্টানী পথ তথা বিন্দুগুৰি–বান্দৰমাৰী সংযোগী পথটোৰ অৱস্থাও অতি শোচনীয় । শুকান বতৰত কোনো মতে ৩ চকীয়া বা ই-ৰিক্সা চলিলেও বাৰিষা সময়ত একেবাৰে যান-বাহন চলিব নোৱাৰে । চালকসকলে গাঁৱৰ ভিতৰলৈ সোমাবলৈ নিবিচাৰে । ফলত সাধাৰণ ৰাইজে দৈনন্দিন যাতায়তৰ ক্ষেত্ৰত চূড়ান্ত অসুবিধাৰ সন্মুখীন হয় ।

স্থানীয় ৰাইজে অভিযোগ কৰে, "এই পথৰ কাম প্ৰায় ৩ বছৰ ধৰি একেই অৱস্থাত আছে । পথৰ ফলকত ২০২৩-২৪ বৰ্ষত কাম অনুমোদিত বুলি লিখা থাকিলেও বাস্তৱত কাম আগবঢ়া নাই । মাজে সময়ে ৰোলাৰ এখন চলোৱা হৈছে যদিও উন্নয়নৰ কোনো স্পষ্ট অগ্ৰগতি দেখা নাই ।"

পথৰ দুৰ্বল অৱস্থাই চিকিৎসা সেৱাৰ ক্ষেত্ৰতো ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে । গাঁৱৰ ভিতৰলৈ এম্বুলেন্স বা ১০৮ সেৱাৰ বাহন সোমাব নোৱাৰে । জৰুৰী অৱস্থাত ৰোগীক চিকিৎসালয়লৈ নিয়াত ৰাইজে যথেষ্ট কষ্ট সহ্য কৰিবলগীয়া হয় । কেতিয়াবা কোলাত তুলি মানুহ নিবলৈ বাধ্য হয় বুলিও গাঁওবাসীয়ে কৈছে ।

ইয়াৰ উপৰিও বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীসকলৰ বাবেও পথটো ডাঙৰ বাধা হৈ উঠিছে । বাৰিষাৰ সময়ত স্কুললৈ যাতায়ত কৰাটো অতি কঠিন হৈ পৰে । পথৰ বাবে শিক্ষাৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছে বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে ।

Barchalla Assembly constituency
যাতায়তৰ সমস্যাত ভাৰাক্ৰান্ত বৰছলাবাসী (ETV Bharat Assam)

কেৱল পথেই নহয়, চৰকাৰী বিভিন্ন আঁচনিৰ ক্ষেত্ৰতো ৰাইজ বঞ্চিত হোৱা বুলি অভিযোগ তোলে । বহু লোকেই আৱাস যোজনাৰ বাবে আবেদন কৰিছিল যদিও আজিলৈকে ঘৰ পোৱা নাই । অৰুণোদয় আঁচনিও সকলো যোগ্য লোকে পোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে । পঞ্চায়তত বহু কাগজ-পত্ৰ দিয়া সত্ত্বেও কোনো সঁহাৰি নোপোৱা বুলি অভিযোগ উঠিছে । বহু লোকে বাধ্য হৈ নিজে ঋণ লৈ ঘৰ নিৰ্মাণ কৰিবলগীয়া হৈছে ।

নিৰ্বাচন ওচৰ চাপি অহাৰ সময়তে এই সমস্যাবোৰে পুনৰ গুৰুত্ব লাভ কৰিছে । এই সন্দৰ্ভত এগৰাকী স্থানীয় ভোটাৰে কয়, "নিৰ্বাচনৰ সময়তহে নেতা-কৰ্মীসকল আহে, কিন্তু সমস্যাৰ সময়ত কোনো নাহে ।"

পথৰ উন্নয়ন, যাতায়ত ব্যৱস্থাৰ উন্নতি আৰু চৰকাৰী সুবিধা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকক দীৰ্ঘদিন ধৰি অৱহেলা কৰা হৈছে বুলি ৰাইজে অভিযোগ কৰে । বৰছলা সমষ্টিৰ ৰাইজে স্পষ্টকৈ দাবী জনাইছে, "গড়কাপ্টানী পথ সংযোগী পথসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰা হ'লে ৰঙাপাৰা আদি অঞ্চললৈ যাতায়ত সহজ হ'ব । কিন্তু বৰ্তমানৰ অৱস্থাই ৰাইজক চূড়ান্ত কষ্টত পেলাইছে ।"

পথৰ দূৰৱস্থা আৰু উন্নয়নহীনতাৰ বাবে বৰছলা সমষ্টিৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । ৰাইজে দাবী কৰিছে যে এই জ্বলন্ত সমস্যাসমূহৰ শীঘ্ৰে স্থায়ী সমাধান লাগে ।

জনসংখ্যাৰ বিৱৰণ :

২০১৯ লোকসভা নিৰ্বাচনৰ সময়ৰ তথ্য অনুসৰি ভোটাৰ জনসংখ্যাৰ আনুমানিক গঠন প্ৰায় এনেধৰণৰ-

  • অনুসূচিত জাতিৰ ভোটাৰ : প্ৰায় ২০,০০০ - ২৫,০০০
  • অনুসূচিত জনজাতি ভোটাৰ : প্ৰায় ৮,০০০ - ১০,০০০
  • মুছলমান ভোটাৰ : প্ৰায় ৩৫,০০০ - ৪০,০০০
  • গ্ৰাম্য ভোটাৰ : প্ৰায় ১,৩০,০০০ - ১,৩৫,০০০
  • নগৰীয়া ভোটাৰ : প্ৰায় ২৫,০০০ - ৩০,০০০

ভোটাৰৰ সংখ্যা :

বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ হৈছে ২৫১ টা । বৰ্তমান নতুন সংযোজন হৈছে ৪,৪৯৫ ভোটাৰ । নাম কৰ্তন হৈছে ২,৯০৮ গৰাকী ভোটাৰৰ । মুঠ বৃদ্ধি হোৱা ভোটাৰ সংখ্যা ১,৫৮৭ টা ।

শেহতীয়াকৈ প্ৰকাশ পোৱা ভোটাৰৰ খচৰা তালিকা অনুসৰি সমষ্টিটোৰ মুঠ ভোটাৰ ১,৯৫,৭৪৪ গৰাকী । সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা ৯৫,৪০৩ জন । ৯৫,৫৯৭ গৰাকী মহিলা ভোটাৰ ।

লগতে পঢ়ক :বিধানসভা বৃত্তান্ত : জানো আহক টিংখাং সমষ্টিক