ETV Bharat / politics

ভোটাৰে কি কয় ? ৫ বছৰে হোৱা 'উন্নয়ন'ক লৈ সন্তুষ্টনে বজালীবাসী ?

ভোটাৰে বিগত পাঁচ বছৰত চৰকাৰৰ পৰা কি পালে, কি নাপালে ? স্থানীয় ভোটাৰে কি কয় ?

Bajali Assembly constituency
বজালী বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 10, 2026 at 12:54 PM IST

3 Min Read
Choose ETV Bharat

বাক্সা : সমষ্টি পুনৰ গঠন হোৱাত পাটাছাৰকুছিৰ সমষ্টি বিলুপ্তি ঘটাই নতুনকৈ গঠন কৰা হৈছে ২৬ নং বজালী বিধানসভা সমষ্টি ৷ ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী বিধানসভা সমষ্টিটোত মুঠ ভোটাৰ এক লাখ ৬৮ হাজাৰ ৷ সমষ্টিটোত নতুনকৈ ৬০ হাজাৰ ভোটাৰ অন্তৰ্ভুক্ত হয় ৷

সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ সংখ্যা প্ৰায় ৪০ হাজাৰ ৷ পূৰ্বতে ইয়াত সংখ্য়ালঘু লোক নাছিল যদিও সমষ্টি পুনৰ গঠন কৰাত এতিয়া এইসকল ভোটাৰেই সমষ্টিটো নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

বজালী বিধানসভা সমষ্টি (ETV Bharat Assam)

এই সমষ্টিটোত ২০ খন পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে ৷ পঞ্চায়তসমূহৰ ভিতৰত আছে ভৱানীপুৰৰ ৩ খন, সৰুক্ষেত্ৰীৰ ২ খন আৰু টিহুৰ ৩ খন পঞ্চায়ত ৷

শিক্ষা আৰু নাট্যনগৰী :

বিগত সময়ত ভোটাৰসকলে কি পালে ? এই সম্পৰ্কে জানিব বিচৰাত এগৰাকী ভোটাৰে কয়, "অচ্যুত লহকৰে বজালীত নাট্য আন্দোলনৰ গুৰি ধৰিছিল ৷ অচ্যুত লহকৰৰ মৃত্যুৰ পিছত ৰতন লহকৰে নাট্য আন্দোলন আগবঢ়াই নিছিল ৷ অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী পৱিন্দ্ৰ ডেকাই অচ্যুত লহকৰ আৰু ৰতন লহকৰৰ মৃত্যুৰ পিছত পাঠশালাত তেওঁলোকৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল ৷ পিছত এই প্ৰতিমূৰ্তি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উন্মোচন কৰে ৷ বজালী কৃষিপ্ৰধান অঞ্চল ৷

Swahid Bhawan in Bajali
বজালী বিধানসভা সমষ্টি (ETV Bharat Assam)

বজালী অঞ্চলত এতিয়া পানীৰ অভাৱত কেইবাশ হেক্টৰ কৃষিভূমি পৰিত্য়ক্ত অৱস্থাত আছে ৷ কৃষি হিচাপে বিশেষকৈ ধান খেতি হয় ৷ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কৃষিৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ৷"

ভোটাৰগৰাকীয়ে আৰু কয়, "যদি নদীৰ পানী নিষ্কাশন কৰি পথাৰত বোৱাই নিব পাৰে তেনেহ'লে খেতিৰ উপযোগী হ'ব ৷ ইতিমধ্যে অসম চৰকাৰে কৃষিৰ ক্ষেত্ৰত ছয় কোটি টকা অনুদান হিচাপে আগবঢ়াইছিল; কিন্তু আজিলৈকে এই কাম হৈ নুঠিল ৷ তদুপৰি বান্দৰ আৰু কেৰ্কেটুৱাই কৃষকক যথেষ্ট হাৰাশাস্তি কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'লে কৃষকৰ যথেষ্ট লাভ হ'ব ৷"

Swahid Bhawan in Bajali
শ্বহীদ ভৱন (ETV Bharat Assam)

চৰকাৰ পৰিৱৰ্তন হোৱাটো বিচাৰে :

চৰকাৰ পৰিৱৰ্তন হোৱাটো বিচাৰে বুলি উল্লেখ কৰি এগৰাকী ভোটাৰে কয়, "কেৱল আঁচনিৰ দ্বাৰাই সমাজৰ সমস্যা সমাধান কৰিব নোৱাৰি ৷ অসমত কৃষি খণ্ডত কাম কৰাত, যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াত বিজেপি চৰকাৰ ব্য়ৰ্থ হৈছে ৷ বিজেপিৰ দিনত কেৱল উদ্যোগপতিহে ধনী হৈছে ৷" জনতাৰ কাম কৰা চৰকাৰ বিচাৰে সমষ্টিবাসীয়ে ।

Patsala sahitya Sabha
পাঠশালা সাহিত্য় সভা (ETV Bharat Assam)

শিক্ষাৰ ক্ষেত্ৰত বজালীবাসীয়ে কি কয় ?

আন এগৰাকী ভোটাৰে কয়, "পাঠশালাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গঢ়ি উঠিছে যদিও ইয়াৰ আন্তঃগাথনি আৰু শিক্ষক পৰ্যাপ্ত পৰিমাণে নাই ৷ বজালী মহাবিদ্যালয় বিলুপ্ত কৰি ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰাত অঞ্চলবাসীৰ যথেষ্ট ক্ষোভ আছে ৷ পূৰ্বৰ বজালী মহাবিদ্যালয়খন পুনৰ পাঠশালালৈ ঘূৰাই আনিবলৈ দাবী জনাইছো ৷ তদুপৰি চৰকাৰী বিদ্যালয়সমূহতকৈ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান বেছিকৈ গঢ়ি উঠিছে ৷ যাৰ ফলত সাধাৰণ অঞ্চলবাসীৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কামকাজত বজালীবাসী সন্তুষ্ট হৈছে ৷"

Bhattadev University
ভট্টদেৱ বিশ্ববিদ্য়ালয় (ETV Bharat Assam)

কি কি দাবী জনালে ?

সমষ্টিটোৰ এগৰাকী ভোটাৰে কয়, "ৰঞ্জিত কুমাৰ দাসে সমষ্টিটোত মন্ত্ৰী হিচাপে যিমান উন্নয়ন কৰিব লাগিছিল সিমান কৰিব পৰা নাই ৷ পাঠশালাত দুৰণিবটীয়া ৰে'ল ৰখোৱাব লাগে, ষ্টেচনত উৰণীয়া সেতু বনাব লাগে ৷ পাঠশালা চিকিৎসালয়খন উন্নত কৰিব লাগে ৷ নৱগঠিত ২৬ নং বজালী বিধানসভা সমষ্টিত অহা নিৰ্বাচনত অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থী দিয়াটো বিচাৰো ৷"

লগতে পঢ়ক:ভোটাৰে কি কয় ? ৫ বছৰে হোৱা 'উন্নয়ন'ক লৈ সন্তুষ্টনে জোনাই সমষ্টিবাসী ৰাইজ ?

উন্নয়ন হৈছেনে নাওবৈচা সমষ্টিত ? কি কয় ভোটাৰে ?