ETV Bharat / politics

এদিন পাছতে বিধায়ক তাঞ্জিল হুছেইনৰ নিযুক্তিত স্থগিতাদেশ : দিয়া হৈছিল প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি পদ

চৰ্চা অনুসৰি তাঞ্জিল হুছেইনৰ নিযুক্তিত সভাপতি গৌৰৱ গগৈ শিবিৰৰ আপত্তিৰ বাবেই এই স্থগিতাদেশ জাৰি কৰা হৈছে ।

vice president of the APYC
বিধায়ক তাঞ্জিল হুছেইন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 11:36 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: নিযুক্তিৰ এদিন পাছতেই স্থগিতাদেশ । চামগুৰিৰ নৱনিৰ্বাচিত বিধায়ক তাঞ্জিল হুছেইনক দেওবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে দিয়া হৈছিল । যাক লৈ ব্যাপক চৰ্চা হৈছিল আৰু সেই চৰ্চাৰ মাজতে এদিন পিছত তেওঁৰ সেই নিযুক্তিত স্থগিতাদেশ জাৰি কৰা হয় ।

ইয়াৰ দ্বাৰা প্ৰদেশ কংগ্ৰেছত অন্তৰ্কলহ থকাৰ কথাটো যেন পুনৰ এবাৰ প্ৰতিপন্ন হ'ল । কাৰণ বিতৰ্ক হোৱাৰ এদিন পাছতে তাঞ্জিল হুছেইনক প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে দিয়া নিযুক্তিত স্থগিতাদেশ জাৰি কৰা হয় । চৰ্চা অনুসৰি তাঞ্জিল হুছেইনৰ নিযুক্তিত সভাপতি গৌৰৱ গগৈ শিবিৰৰ আপত্তিৰ বাবেই এই স্থগিতাদেশ জাৰি কৰা হৈছে । কংগ্ৰেছ হাই কমাণ্ডে অনিৰ্দিষ্টকাললৈ স্থগিত কৰিলে তাঞ্জিল হুছেইনৰ নিযুক্তি ।

vice president of the APYC
বিধায়ক তাঞ্জিল হুছেইনৰ নিযুক্তিত স্থগিতাদেশ (ETV Bharat Assam)

লক্ষণীয় বিষয় যে চৰ্চা অনুসৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ দায়িত্বত থকা নৱনিযুক্ত বিধায়ক জুবেইৰ আলমৰ যোগেদি তাঞ্জিল হুছেইনক উপ-সভাপতিৰ পদত নিযুক্তি দিয়া হৈছিল । কিন্তু অৱশেষত তাঞ্জিল হুছেইনৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হোৱাৰ আশাত চেঁচাপানী পৰিল । তাঞ্জিল হুছেইনৰ নিযুক্তিত আপত্তি দৰ্শাই প্ৰদেশ যুৱ কংগ্ৰেছৰ এটা পক্ষই । এই নিযুক্তিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক আপত্তি দৰ্শাইছিল প্ৰদেশ যুৱ কংগ্ৰেছৰ সেই পক্ষটোৱে । সেই আপত্তিৰ কথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰে গৌৰৱ গগৈয়ে । তাৰ পাছতেই তাঞ্জিল হুছেইনৰ নিযুক্তিত স্থগিতাদেশ জাৰি কৰা হয় ।

vice president of the APYC
বিধায়ক তাঞ্জিল হুছেইনৰ নিযুক্তিত স্থগিতাদেশ (ETV Bharat Assam)

উল্লেখ্য যে, ৩১ মে’ত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰদেশ যুৱ কংগ্ৰেছৰ দায়িত্বত থকা মিতেন্দ্ৰ দৰ্শন সিঙে এক নিৰ্দেশযোগে তাঞ্জিল হুছেইনক প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে নিযুক্তি দিছিল । কিন্তু সেই নিযুক্তিৰ এদিন পাছতে সোমবাৰে আন এক নিৰ্দেশযোগে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰদেশ যুৱ কংগ্ৰেছৰ দায়িত্বত থকা মিতেন্দ্ৰ দৰ্শন সিঙে তাঞ্জিল হুছেইনৰ সেই নিযুক্তিত স্থগিতাদেশ জাৰি কৰে । নিৰ্দেশটোত কোৱা হয় যে ‘‘কৌশলগত নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মে’ত জাৰি কৰা আপোনাৰ নিযুক্তি ইয়াৰ দ্বাৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত কৰা হয় আৰু জাৰি কৰা পত্ৰখন তেতিয়ালৈকে অবৈধ বুলি গণ্য কৰা হ'ব, যেতিয়ালৈকে কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰা নহয় । পুনৰ্গঠনৰ মূল্যায়ন আৰু স্পষ্ট নিৰ্দেশনা সম্পূৰ্ণ হোৱাৰ লগে লগে যথাযথভাৱে আপডেট কৰা হ’ব ।’’

লগতে পঢ়ক: ৰাইজ য'ত সন্তুষ্ট, তাতেই আমিও সন্তুষ্ট: বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী