চৰকাৰ অহাৰ পিছত ফাদিল কৰিব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটিৰ হিচাপ; তিনিচুকীয়াত গৌৰৱ গগৈ
তিনিচুকীয়াত কংগ্ৰেছৰ সময় পৰিবৰ্তনৰ যাত্ৰাত গৌৰৱ গগৈ ৷ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ সংকল্প লৈ আগবঢ়া বুলি উল্লেখ ।

Published : March 2, 2026 at 9:29 PM IST
তিনিচুকীয়া: "সময় পৰিবৰ্তনৰ যাত্ৰাৰ প্ৰথম দিনটোৰ পৰাই সমাজৰ সকলো শ্ৰেণীৰ লোকে আমাক শুভেচ্ছা, স্বাগতম জনাইছে । এয়াই সকলো একগোট হৈ এক নতুন বৰ অসমৰ পোষকতা কৰাৰ ইংগিত" - এই মন্তব্য সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ।
সভাপতি গৌৰৱ গগৈয়ে তিনিচুকীয়াত বাহৰ পাতি সোমবাৰে পুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত এই যাত্ৰাৰ বাবে সমবেত হয় । নেতাজী সুভাষ চন্দ্ৰ বসু আৰু পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে গায়ন-বায়ন, দিহানাম আদিৰে গৌৰৱ গগৈক আদৰণি জনায় কেইবা শতাধিক লোকে ।
উক্ত স্থানতে দিহানাম পৰিবেশন কৰা আইমাতৃসকলক সেৱা জনাই আশিস গ্ৰহণ কৰি যাত্ৰা আৰম্ভ কৰা গগৈয়ে কয়, "আমাৰ যাত্ৰাৰ মূল উদ্দেশ্যই হৈছে এইখন অসমত কেৱল এজন ব্যক্তিৰ বা এটা পৰিয়ালৰ উন্নয়ন নহয়, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ সংকল্প লৈ আমি আগবাঢ়ি গৈছোঁ ।"
আনহাতে, অখিল গগৈৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত কয়, "কথা-বতৰা চলি আছে, মিত্ৰতাৰ সম্ভাৱনা আছে । অখিল গগৈ বা তেওঁৰ দলে একাংশ বিধায়কৰ সৈতে যি সিদ্ধান্ত আগবঢ়াইছে বিগত দিনত, তাক লৈয়ো বৰ্তমান সময়ত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, "দুখীয়া ৰাইজ ভূমিপট্টা লাভৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে অসমৰ এটা বিশেষ পৰিয়ালৰ ১২ হাজাৰ বিঘা ভূমি তেওঁলোকৰ নামত আছে । ৰাইজে এই কথা জানিবলৈ বিচাৰে আৰু আমিও চৰকাৰ অহাৰ পিছত এই কথা ফাদিল কৰিম ।"

সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ আদিয়ে অংশ লোৱা যাত্ৰাত কংগ্ৰেছ সমৰ্থকে গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে । তিনিচুকীয়াৰ পৰা যাত্ৰা কৰি মাকুমত উপস্থিত হৈ গৌৰৱ গগৈয়ে ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই ৰাইজৰে মত বিনিময় কৰি ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা অভিমুখে অগ্ৰসৰ হয় ।

