ETV Bharat / politics

পাতল কথা কোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱ : বুজি পালে গৌৰৱ গগৈয়ে

দলীয় পদত্যাগৰ মাজতে তেজপুৰত সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঐক্যবদ্ধতাৰ আহ্বান ।

Gaurav Googoi
তেজপুৰত গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 3:10 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ কেইবাজনো নেতাই দল ত্যাগ কৰাৰ পিছত দেওবাৰে নিশা তেজপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে । ঢেকীয়াজুলিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ পদত্যাগৰ পিছত দেওবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ঢেকীয়াজুলিত উপস্থিত হয় ।

তেওঁ কয়, "দলীয়ভাৱে কোনো জ্যেষ্ঠ নেতাৰ পদত্যাগ গ্ৰহণ কৰা হোৱা নাই আৰু এই সময়ত সকলো নেতাই একগোট হৈ কাম কৰা প্ৰয়োজন আছে ।"

পাতল কথা কোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱ ! (ETV Bharat Assam)

তেওঁ লগতে কয় যে "অসমৰ বৃহত্তৰ স্বাৰ্থত ৰাইজে বিচাৰে যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সকলো বিৰোধী শক্তি একত্ৰিত হয় । আগন্তুক নিৰ্বাচনত ৰাইজে পৰিৱৰ্তনৰ পক্ষত সিদ্ধান্ত ল’ব ।"

আনহাতে, দলৰ ভিতৰৰ অভিযোগ বা মতানৈক্য সন্দৰ্ভত তেওঁৰ মন্তব্য, "কংগ্ৰেছৰ ভিতৰত সকলো বিষয় আলোচনা কৰাৰ বাবে যথেষ্ট মঞ্চ আছে আৰু দলীয় নেতৃত্বই প্ৰতিজন নেতাৰ মতামত শুনিবলৈ চেষ্টা কৰে । সেইকাৰণে বিশেষ বিষয়বোৰ সংবাদ মাধ্যমৰ আগত আলোচনা কৰাটো সদায় উচিত নহয় ।"

প্ৰাৰ্থী তালিকা সন্দৰ্ভত গৌৰৱ গগৈয়ে জানিবলৈ দিয়ে যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতিত বহু আগবাঢ়ি গৈছে । প্ৰথম তালিকাত প্ৰায় ৪২টা সমষ্টি আৰু দ্বিতীয় তালিকাত ২৩টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে । লগতে প্ৰায় ১৫টা সমষ্টি মিত্ৰদলৰ বাবে ৰখা হৈছে । তৃতীয় তালিকাও ইতিমধ্যে প্ৰস্তুত হৈ আছে আৰু যিকোনো সময়তে প্ৰকাশ কৰা সম্ভৱ বুলি তেওঁ কয় ।

তেওঁ লগতে উল্লেখ কৰে যে বিভিন্ন বিষয়ত আলোচনা চলি থকা বাবে এতিয়ালৈকে তৃতীয় তালিকা ঘোষণা কৰা হোৱা নাই । তথাপি অন্য দলসমূহৰ তুলনাত কংগ্ৰেছ আৰু মিত্ৰ দলসমূহ নিৰ্বাচনী প্ৰস্তুতিত আগবাঢ়ি আছে বুলি তেওঁ দাবী কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয়, "এইবোৰ পাতল ৰাজনীতিৰ অংশ । মুখ্যমন্ত্ৰীৰ এই অভ্যাস সলাব নোৱাৰিলেও আগন্তুক নিৰ্বাচনত ৰাইজে সিদ্ধান্ত ল’ব যে কোনে কোন আসনত বহিব ।"

লগতে পঢ়ক :গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ : পদত্যাগৰ ভাবুকিৰে দলৰ হাইকমাণ্ডলৈ পত্র প্ৰেৰণ
লগতে পঢ়ক :এইবাৰ অসমৰ ৰাইজে বিজেপিক খেদি কংগ্ৰেছক শাসনৰ গাদীত বহুৱাব, কংগ্ৰেছে নেতাৰ দাবী