ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই ছিণ্ডিকেট নিয়ন্ত্ৰণ হয় : গৌৰৱ গগৈ

'মামী চান্দা' কি জানেনে ? কোনে এই চান্দা সংগ্ৰহ কৰে ? গৌৰৱ গগৈয়ে হেনো শুনিছে 'মামী চান্দা'ৰ কথা ৷

APCC president Gaurav Gogoi on Syndicate
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 3, 2026 at 8:50 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰাই হেনো ছিণ্ডিকেট নিয়ন্ত্ৰণ হয় । কেৱল সেয়াই নহয়, অসমত যিবোৰ চান্দাক লৈ সততে চৰ্চা হৈ থাকে সেই চান্দাৰ বিপৰীতে ৰাজ্য়ত এইবাৰ ইয়াৰ সৈতে সাঙোৰ খালে এটা নতুন শব্দ । এই সন্দৰ্ভত ব্যাখ্য়া কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ।

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি এইবাৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গগৈয়ে কয়, "মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই সমগ্ৰ অসমত ছিণ্ডিকেট নিয়ন্ত্ৰণ হৈ আছে । বিভিন্ন দল-সংগঠনৰ চান্দাৰ কথা শুনিছো; কিন্তু 'মামী চান্দা'ৰ কথা এইবাৰ প্ৰথম শুনিছো । মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই সকলো ছিণ্ডিকেট চলি আছে ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল, শনিবাৰে তিনিচুকীয়াত (ETV Bharat Assam)

শনিবাৰে তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেলত মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কয়, “আজি এবছৰ হৈ গ’ল, মুখ্যমন্ত্ৰীগৰাকীয়ে মোৰ বিৰুদ্ধে কোনো তথ্য দিব নোৱাৰিলে । জুবিন গাৰ্গৰ তদন্তৰ পৰা ফালৰি কাটিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ মোৰ নাম লৈ থাকে পাকিস্তানৰ কথা কৈ । মুখ্যমন্ত্ৰীগৰাকীৰ স’তে ভাল সম্পৰ্ক থকা ছিংগাপুৰৰ মানুহখিনিৰ নাম চাৰ্জশ্বীটৰ পৰা কেনেকৈ কৰ্তন হ’ল সেয়া ৰহস্যজনক ।"

"মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে জুবিন গাৰ্গৰ তদন্তত তেওঁৰ কাম হৈ হ’ল বুলি; কিন্তু এতিয়া পৰীক্ষা হ’বহে ৷ জুবিন গাৰ্গে এতিয়াও ন্যায় লাভ কৰা নাই ৷ অসমৰ জনতাই জানিব বিচাৰে ক’ত কি হৈছিল ।” এইদৰে কয় সভাপতি গগৈয়ে ৷

আনহাতে মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "নীতি-নিয়মৰ মাজেৰে মিত্ৰতা হ’ব । ঠিক তেনেদৰেই আসনৰ ভাগ-বাটোৱাৰা হ'ব । মিত্ৰতা হোৱাটো নিশ্চিত; কিন্তু অগপৰ এইবাৰ কি দশা হ’ব ক'ব পৰা নাই । বিজেপিৰ পৰা অগপই কিমানখন আসন পাব সেয়া বুজি পোৱা নাই । হয়তো তিনিচুকীয়া, ডিব্ৰুগড়ত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে । বহু অগপ বিধায়কে এইবাৰ নিজৰ আসন যাব বুলি চিন্তিত হৈ আছে । পাঁচ-ছয়জনে ছিণ্ডিকেট কৰি আছে । বিজেপিত এতিয়া নতুনসকলে পুৰণিসকলৰ কথা বেয়াকৈ কয়, পুৰণিসকলে নতুনসকলৰ কথা বেয়াকৈ কয় ৷ এইবোৰ চলি আছে ।"

গগৈয়ে আৰু কয়, "মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে অৰুণোদয় আঁচনি সঠিক হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই । আমি গাঁৱে ভূঞে সোমাই বহু কথা উপলব্ধি কৰিছো । মুখ্যমন্ত্ৰীগৰাকীয়ে অযথা উৰণসেতু নিৰ্মাণ কৰাত গুৰুত্ব দি আহিছে ৷ সেয়া কামত আহে নাহে পাছৰ কথা; কিন্তু ঠিকাদাৰৰ কথাত গুৰুত্ব দি আহিছে । সকলোতে একে কেইগৰাকী ঠিকাদাৰেই কাম লাভ কৰি আহিছে ৷"

লগতে পঢ়ক:১০০ খন আসনত খেলিব কংগ্ৰেছে, ৰাজপাট হেৰুৱাব মুখ্যমন্ত্ৰীয়ে; ২০২৬ক লৈ আত্মবিশ্বাসী গৌৰৱ গগৈ

যিসকলে প্ৰতিবাদ কৰি আছে, তেওঁলোকৰ ওপৰত অন্যায় নকৰিব: গৌৰৱ গগৈ