কিয় বাৰে বাৰে ন্যায়ালয়ে মুখ্যমন্ত্ৰীলৈ জাননী জাৰি কৰে; কাৰণ দৰ্শালে গৌৰৱ গগৈয়ে
তিতাবৰত কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ যাত্ৰা' । বিৰোধী ঐক্য়ক আসন এৰি দিয়াক লৈ কি কয় গৌৰৱ গগৈয়ে ?

Published : February 27, 2026 at 6:58 PM IST
যোৰহাট : বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ যাত্ৰা'ৰ গতি দ্ৰুততৰ হৈছে । অসমৰ মানুহৰ মাজত এখন নতুন বৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন জয় কৰিবলৈ শুক্ৰবাৰে তিতাবৰত উপস্থিত হোৱা এই যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ ।
তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰত কংগ্ৰেছৰ এই যাত্ৰাত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গগৈয়ে কয়," সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি আমি অসমৰ মানুহৰ মাজলৈ এখন নতুন বৰ অসমৰ কল্পনা লৈ গৈছো । এই নতুন বৰ অসমত আমি মানৱতাবাদৰ ইতিহাস সৃষ্টি কৰিবলৈ বিচাৰিছো । আজিৰ তাৰিখত ঘৃণামূলক ভাষণ দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্য়ায়ালয়ে মুখ্যমন্ত্ৰীক জাননী দিছে । আজি প্ৰদেশৰ মূৰব্বীগৰাকীয়ে সকলোকে আইন শিকাব লাগে ।"
গগৈয়ে লগতে কয়, "নৱ প্ৰজন্মৰ মাজত আদৰ্শ হিচাপে তেওঁ নিজৰ পৰিচয় দিব লাগে ; কিন্তু বাৰম্বাৰ আইন উলংঘাৰ বাবে বিভিন্ন সময়ত তেওঁ কেতিয়াবা উচ্চ ন্যায়ালয় আৰু কেতিয়াবা উচ্চতম ন্য়ায়ালয়ৰ পৰা জাননী দিব লগা হৈছে । অসমৰ ভিতৰত বাৰম্বাৰ উদাহৰণ পাইছো কিয় তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহা যোগ্য নহয় ! সেয়েহে আমি সময়ৰ পৰিৱৰ্তন যাত্ৰা জৰিয়তে আমি নতুন বৰ অসমৰ কল্পনা লৈ ৰাইজৰ মাজলৈ গৈছো আৰু সংকল্পও লৈছো ।"
বিৰোধী ঐক্য়ক আসন এৰি দিয়াক লৈ কি কয় ?
আনহাতে কংগ্ৰেছৰ ভেঁটি থকা আসন বিৰোধী ঐক্য়ক এৰি দিয়াক লৈ কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভৰ উদগীৰণ ঘটা সম্পৰ্কত গৌৰৱ গগৈয়ে কয়," দলৰ প্ৰতি তেওঁলোকৰ আৱেগ থকাটো স্বাভাৱিক । যদি তেওঁলোকে দলৰ নেতৃত্বৰ ওচৰত ক্ষোভ প্ৰকাশ নকৰে তেতিয়াহ'লে ক'ত কৰিব ? আমাৰো কৰ্তব্য তেওঁলোকৰ কথাবোৰ শুনা,আমি কথা দিছো,তেওঁলোকৰ মনোবল দুৰ্বল হ'বলৈ নিদিও । কংগ্ৰেছ দল সবল হ'লেহে বিভিন্ন সমষ্টিত আমি জয়ী হ'ব পাৰিব বা জয়ী কৰাব পাৰিম । কংগ্ৰেছ দল যদি পিছপৰি যায়,আমি কাকো সমৰ্থন কৰিব নোৱাৰিম । আমি কংগ্ৰেছ কৰ্মীসকলক লগ পাই আছো আৰু তেওঁলোকৰ কষ্টবোৰ তেওঁলোকৰ আৱেগৰ জৰিয়তে দেখা পাইছো ।"
নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত চৰকাৰ ব্যৰ্থ :দেৱব্ৰত শইকীয়া
আনহাতে এই যাত্ৰাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কয়," বান সমস্যা, বিদেশী সমস্যা, নিৱনুৱা সমস্যাকে আদি কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰাত চৰকাৰ ব্যৰ্থ হৈছে ।"
শুকুৰবাৰে তিতাবৰত আৰম্ভ কৰা সময় পৰিৱৰ্তন যাত্ৰাৰ কাৰ্যসূচীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে জ্য়েষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাও উপস্থিত থাকে ।

