ETV Bharat / politics

এদিন অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ

কংগ্ৰেছ দলত যোগদান আমছুৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন উপদেষ্টা এম এম কেৰ প্ৰাক্তন সভাপতিসহ বিজেপিৰ প্ৰাক্তন নেতাৰ ।

Gaurav Gogoi in Congress joining meeting
দলৰ যোগদান সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 5:53 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ছাত্র ৰাজনীতিৰ পৰা সক্ৰিয় ৰাজনীতিলৈ আহিল ৰেজাউল কৰিম সৰকাৰ । সুদীৰ্ঘ সময় সভাপতি হিচাপে সদৌ অসম সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছুৰ নেতৃত্ব বহন কৰা ৰেজাউল কৰিম সৰকাৰে দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত আয়োজন কৰা এক অনুষ্ঠানত আমছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে আন কেইবাইজনো সতীৰ্থৰ সৈতে কংগ্ৰেছ দলত যোগদান কৰে ।

কোনে কোনে যোগদান কৰিলে ?

ৰেজাউল কৰিম সৰকাৰৰ লগতে আমছুৰ প্ৰাক্তন উপদেষ্টা আজিজুৰ হক, প্ৰাক্তন উপ-সভাপতি দিলৱাৰ হুছেইন, প্ৰাক্তন নেতা খান হুছেইন জামান আৰু ছিৰাজুল সৰকাৰে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে । সকলোকে কংগ্ৰেছ দলত আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে । আনহাতে বিভিন্ন দল-সংগঠনৰ আন কেইবাজনো নেতাই কংগ্ৰেছ দলত যোগদান কৰে । ইয়াৰ ভিতৰত বিজেপিৰ প্ৰাক্তন নেতা মনোজ কুমাৰ মহন্তই আন বহুকেইজন সতীৰ্থৰ সৈতে কংগ্ৰেছত যোগদান কৰে ।

কংগ্ৰেছ দলত যোগদান কাৰ্যসূচী (ETV Bharat Assam)

তদুপৰি এম এম কেৰ প্ৰাক্তন সভাপতি ৰুক্ম কুমাৰ মেদক, ইউ পি পি এলৰ শীলা বসুমতাৰী, অৰুণ বসুমতাৰী, অধিবক্তা অলকেশ মেধি, বাবুল চহৰীয়েকে ধৰি কেইবাজনো লোকে কংগ্ৰেছ দলত যোগদান কৰে ।

ভয়ৰ পৰিৱেশ কৰা হৈছে :

সকলোকে দলত আদৰণি জনাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "আমাৰ মাটি আৰু জাতি আজি সংকটত আছে । যাৰ ফলত প্ৰতিগৰাকী মানুহৰ মনত এটা অশান্তি আছে । দুখ-বেদনা আছে যদিও ব্যক্ত কৰিব নাই । কাৰণ হৈছে ভয় । আজি ভয়ৰ পৰিৱেশ কৰা হৈছে । সকলো ক্ষেত্রত ভয় । এইবাৰ আমি সংকল্প লৈছো যে অসমৰ পৰা ভয়ৰ এই ৰাজনীতি নাইকিয়া কৰিম । অসমীয়া স্বাভিমানী । অসমৰ ইতিহাসত আমাৰ সকলোৰে অৰিহণা আছে । স্বাধীনতা সংগ্ৰামৰ ইতিহাস আছে । মোগলক পৰাজিত কৰিছিল । এয়া হৈছে বৰ অসমৰ পৰিচয় । বৰঅসম হৈ থাকিলে অসম সদায় শক্তিশালী হৈ থাকিব ।"

Congress joining meeting
কংগ্ৰেছ দলত যোগদান কাৰ্যসূচী (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমি এখন নতুন বৰ অসমৰ সপোন দেখিছো । বৰ্তমানৰ চৰকাৰে গম পাই গৈছে যে যদি ৰাইজ ঐক্যবদ্ধ হৈ পৰে তেন্তে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হৈ নাথাকে । অসমৰ ৰাইজ একত্রিত হ'লে হিমন্ত বিশ্ব শৰ্মাৰ বাবে ভয়ানক হ'ব । তেওঁ গম পাই যে তেওঁ এজন অহংকাৰী ৰজা নহয় । তেওঁ কোনো ডাঙৰ মানুহ নহয় । তেওঁ মাত্র এজন সাধাৰণ ব্যক্তি । তেওঁ অহংকাৰী ৰজাৰ দৰে চিৰদিন ক্ষমতাত বহি থাকিব বুলি যদি ভাবিছে, তেন্তে সেইটো তেওঁৰ আটাইতকৈ ডাঙৰ ভুল । অসমৰ ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত দেখাই দিব যে কোনেও হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে । যিদিনা অসমৰ ৰাইজ একত্রিত হৈ থিয় দিব সিদিনা অসমৰ ৰাইজে ক'ব 'হু ইজ হিমন্ত বিশ্ব শৰ্মা'।"

‘‘অসমৰ ভিতৰত ৰাইজেহে ৰজাৰ দৰে থাকিব পাৰে, কোনো ব্যক্তি ৰজা হ'ব নোৱাৰে । আমাৰ সংকল্প হৈছে যে আমি ৰাইজক ৰজা পাতিবলৈ গৈ আছো"- এইদৰে কয় গগৈয়ে । উল্লেখ্য যে ভাষণ দি থকাৰ সময়তে আজান দিয়াৰ বাবে কিছু সময় ৰৈ দি আজান শেষ হোৱাৰ পিছত পুনৰ ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে ।

দলে যিদৰে বিচাৰিব সেইদৰে কাম কৰিম : ৰেজাউল

আনহাতে কংগ্ৰেছত যোগদানৰ পাছতে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে কয়, "নতুন অসমৰ সপোন লৈ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলত যোগদান কৰিলো । গৌৰৱ গগৈৰ সপোনৰ অসমৰ এজন সেনানি হিচাপে সহযোগ কৰাৰ বাবে আহিছো । মই আশাবাদী যে এইবাৰ অসমৰ ৰাইজে গৌৰৱ গগৈৰ নেতৃত্বত এখন সুন্দৰ অসম গঢ়াৰ দিশত অগ্ৰসৰ হ'ব ।"

Congress joining meeting
কংগ্ৰেছত যোগদান আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰৰ (ETV Bharat Assam)

আগন্তুক বিধানসভা নিৰ্বাচনত টিকট বিচাৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"দলত আজি মই যোগদান কৰিলো । দলে মোক যি দায়িত্ব দিব মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম । মই সংখ্যালঘু ৰাইজৰ মাজৰ পৰা আহিছো । সংখ্যালঘু ৰাইজৰ বহুত সমস্যা আছে । সেই সমস্যাসমূহ মই দলৰ মজিয়াত দাঙি ধৰিম । সকলো জাতি-জনগোষ্ঠীৰে সমন্বয়ৰে বৰঅসম গঢ়াৰ লক্ষ্যৰে কাম কৰিম । দলে যিদৰে বিচাৰিব সেইদৰে কাম কৰিম । এটাই লক্ষ্য লৈ আহিছো যে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমখনক বচোৱাৰ বাবে কাম কৰিম । বৰঅসম গঢ়াৰ বাবে কাম কৰিম । মোৰ যোগদানলৈ কোনে বিৰোধ কৰিছে মই গম পোৱা নাই । মই কৰ্মী হিচাপে কাম কৰিবলৈ আহিছো । ইয়াত বিৰোধ কৰাৰ কথা নাই ।"

পত্নী বিজেপিত আৰু স্বামী কংগ্ৰেছত :

ইফালে আজি কংগ্ৰেছত যোগদান কৰা বাবুল চহৰীয়া বিজেপি নেত্রী তথা ৪২ নং ৱাৰ্ডৰ পাৰিষদ মাচুমা বেগমৰ স্বামী । পত্নী বিজেপিত আৰু স্বামী কংগ্ৰেছত । যোগদান অনুষ্ঠানত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান, বিধায়িকা নন্দিতা দাস, শিৱামণি বৰা, বিধায়ক নুৰুল হুদা, আব্দুল ৰচিদ মণ্ডলকে ধৰি ভালেসংখ্যক বিধায়ক আৰু দলীয় নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:অসম বিধানসভা নিৰ্বাচন: কংগ্ৰেছৰ দিল্লীত কৌশলী যোগদান

অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়াৰ চাকৰি এৰি কংগ্ৰেছত যোগ দিয়া কোন এইগৰাকী মহিলা ? - Congress joining program