টিকটক লৈ বিজেপিৰ মাজতে আছে কাজিয়া, মুখ্যমন্ত্ৰীক নিজৰ ঘৰত চকু দিবলৈ পৰামৰ্শ গৌৰৱ গগৈৰ
বিজেপি দলৰ ভিতৰত টিকটক লৈ হোৱা কাজিয়াৰ কাৰণ সন্দৰ্ভত কটাক্ষ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ।

Published : January 6, 2026 at 9:23 AM IST
ডিব্ৰুগড় : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ৰণশিঙা বজোৱাৰ লগে লগে আৰম্ভ হৈছে বাকযুদ্ধ । সমান্তৰালভাৱে কংগ্ৰেছ-বিজেপিয়ে সহযোগী দলবোৰক কিমান আসন এৰি দিব সেই লৈ চলিছে চৰ্চা ।
ইয়াৰ মাজতেই এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "বিজেপিয়ে মিত্ৰজোঁটৰ অংশীদাৰ অগপক কিমানখন আসন এৰি দিব তাক লৈ চলিছে কাজিয়া । বিপিএফক দিব নে ইউপিপিএলক দিব তাক লৈও কাজিয়া ।"
শাসক দল বিজেপিৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে । সোমবাৰে দলীয় কাৰ্যসূচীৰে চৰাইদেউৰ সদৰ সোণাৰিত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । সোণাৰিত সংবাদ মাধ্যমক সম্বোধন কৰি বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰা লগতে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ।
মুখ্যমন্ত্ৰীয়ে নিজৰ দলৰ কথা ক'ব লাগে :
কংগ্ৰেছ দলে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি টিকট বিক্ৰী কৰাৰ অভিযোগ বিজেপিয়ে উত্থাপন কৰা সন্দৰ্ভত সাংবাদিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, "বিজেপি দলৰ ভিতৰত টিকটক লৈ যথেষ্ট কাজিয়া । অগপ দলটোক কিমান আসন দিব তাক লৈ যথেষ্ট কাজিয়া । আসন বিপিএফক দিব নে ইউপিপিএলক দিব তাক লৈ কাজিয়া । নিজৰ দলৰে কোনো এটা সিদ্ধান্ত ল'ব পৰা নাই । নিজৰ দলৰ ভুল আৰু বিফলতা লুকুৱাবলে মুখ্যমন্ত্ৰীয়ে এই কথা কৈ আছে । নিজৰ দলৰ মাজত চলি থকা শীতল যুদ্ধ লুকুৱাবলৈ কংগ্ৰেছ দলৰ কথা কৈ আছে । মুখ্যমন্ত্ৰীয়ে নিজৰ দলৰ কথা ক'ব লাগে । মুখ্যমন্ত্ৰীয়ে কৰা ৰাজনীতি বহুদিনৰ পৰা চাই আছো । তেওঁ কোৱা কথাৰ বাস্তৱতা কি ভালদৰে বুজি পাওঁ । "
১০ বছৰে চৰকাৰ গৰু, কয়লা, বালি ছিণ্ডিকেটৰ হাতত:
ৰাজ্যত বিজেপিক ৰোধিবলৈ গঠন কৰিবলৈ লোৱা বিৰোধী মিত্ৰতাক লৈ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "বিৰোধীৰ মিত্ৰতা সুন্দৰভাৱে আগবাঢ়ি গৈ আছে । এটা প্ৰক্ৰিয়াৰ মাজেদি সকলো কথা চলি আছে । কংগ্ৰেছ দলে ১০০ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছো । কংগ্ৰেছ দলক কিছুমান আসন এৰি দিব লাগিব আৰু কংগ্ৰেছ দলেও কিছুমান আসন এৰি দিব । ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীৰ জড়িয়তে ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছো । ৰাইজ মাটি আৰু জাতিক লৈ শংকিত । ৰাইজে গম পায় গৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি সুৰক্ষিত হৈ নাথাকে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ জনজাতিকৰণ কৰিবলৈ ইচ্ছা নাই, এতিয়া আন দল-সংগঠনক দোষ জাপি দিবলৈ চেষ্টা কৰিছে । বিজেপি চৰকাৰৰ এই ১০ বছৰ চৰকাৰ তন্ত্ৰটো থাকিলে গৰু, কয়লা, বালি ছিণ্ডিকেটৰ হাতত । সেয়ে ৰাইজে পৰিৱৰ্তন বিচাৰিছে । চৰকাৰৰ দায়িত্ব গৰু চোৰ, মাটি চোৰৰ হাতৰ পৰা কাঢ়ি ৰাইজক প্ৰতিনিধিত্ব কৰা লোকৰ হাতত দিবলৈ বিচাৰিছে ।"
বিৰোধী ঐক্য হোৱাক লৈ আত্মবিশ্বাসী গগৈ:
বিৰোধী ঐক্য গঠনৰ চৰ্চা চলি থকাৰ মাজতে বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম বিভিন্ন সমষ্টিত ঘোষণা কৰি আহিছে । সেই সম্পৰ্কে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "বিৰোধী ঐক্যৰ মাজত আলোচনা হৈ চূড়ান্ত তালিকা ওলালে সকলো চূড়ান্ত হ'ব । মই আত্মবিশ্বাসেৰে ক'ব পাৰো মিত্ৰতা হ'বই ।"

