ETV Bharat / politics

য'তেই ৰাতি ত'তেই কাতি ! এইবাৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ

গাঁৱে গাঁৱে গৈ এনিশা থাকিব লাগিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে । গৌৰৱ গগৈয়ে ক'লে কংগ্ৰেছৰ আগন্তুক কাৰ্যসূচীৰ কথা ।

congress election strategy
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 6:48 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' শীৰ্ষক অভিযানৰ অংশ হিচাপে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে গাঁৱে গাঁৱে ৰাইজৰ পদূলিলৈ যাব । কেৱল ৰাইজৰ পদূলিলৈ যোৱাই নহয়, ৰাইজৰ মাজত থাকি সাধাৰণভাৱে এটা নিশাও কটাব । এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, "চাহ বাগান, চৰ অঞ্চল, জনজাতীয় এলেকা, গাঁও আদিলৈ গৈ আমাৰ নেতাসকলে মানুহৰ লগত আলোচনা কৰি সাধাৰণ লোকৰ ঘৰত এনিশা কটাব । আমি কিছুমান এনে সভাৰ আয়োজন কৰিম য'ত কংগ্ৰেছৰ নেতৃত্ব নহয়, বিভিন্ন ক্ষেত্রৰ লোকে অংশগ্ৰহণ কৰি আমাক দিহা-পৰামৰ্শ দিব । বিভিন্ন ক্ষেত্রত কি কি কৰিবলগীয়া আছে সেই বিষয়ে তেওঁলোকে আমাক জনাব ।"

এইবাৰ 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' (ETV Bharat Assam)

তেওঁ লগতে কয়, "আজি আমাৰ কংগ্ৰেছ দলৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত এনে বহু বিষয়ত আলোচনা কৰা হৈছে । অসমত যাতে ভোট চুৰি নহয় তাৰ বাবে অসমৰ প্ৰায় ২৯ হাজাৰ বুথত আমি বি এল এ নিযুক্তি কৰিলোঁ । এতিয়া আমি বুথ কমিটী গঠনৰ কাম আৰম্ভ কৰিছোঁ । এই মাহৰ ভিতৰত আমাৰ বি এল এ সম্পূৰ্ণ হোৱাৰ বাবে টাৰ্গেট লোৱা হৈছে ।"

জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ প্ৰসংগত তেওঁ কয়, "এই মাহৰ ১৮ তাৰিখে আয়োজন কৰা অনুষ্ঠানলৈ অসমৰ জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ শিল্পীসকলক আমন্ত্রণ জনোৱা হৈছে । জুবিন গাৰ্গৰ জন্মদিনৰ বাবে সন্ধিয়া এই সাংস্কৃতিক অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে । জুবিন গাৰ্গৰ জীৱনৰ উদ্দেশ্যটোক আমি জীয়াই ৰখাৰ বাবে সংকল্প ল'ম ।"

আনহাতে, বিৰোধী দলৰ সৈতে আয়োজন কৰা বৈঠকৰ প্ৰসংগত তেওঁ কয়, "বিয়লি কিছুসংখ্যক বিৰোধী দলৰ নেতাৰ সৈতে চাহমেলত মিলিত হ'ম । আমাৰ দলীয় মঞ্চত পাতিবলগীয়া কথা সংবাদ মাধ্যমৰ যোগেদি নাপাতো । সেইদৰে আন দলৰ লগতো সাংবাদিকৰ যোগেদি কথা নাপাতো । নিৰ্বাচন কাষ চাপিছে আৰু সকলো সক্ৰিয় হ'ব । আমিও সক্ৰিয় আৰু তৎপৰ হৈছোঁ । আমাৰ উদ্দেশ্য এটাই যে ভয়মুক্ত অসম, সাম্প্ৰদায়িক ৰাজনীতিমুক্ত অসম, সম্প্ৰীতিৰ অসম গঢ়াৰ বাবে কংগ্ৰেছ অগ্ৰসৰ হৈছে ।"

উল্লেখ্য যে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হয় । তাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, কেন্দ্ৰীয় তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক :কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ'বনে বিৰোধীৰে মিত্ৰতা ?
লগতে পঢ়ক :৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক মুকলি সমৰ্থন অগপৰ