বিহাৰত বিপৰ্যয় সন্দৰ্ভত কি ক'লে গৌৰৱ গগৈয়ে ?
কংগ্ৰেছৰ দিছপুৰ দখল কৰাৰ সংকল্প । তাৰ পিছত দখল কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ ।

Published : November 14, 2025 at 7:56 PM IST
হাফলং: অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰথমে দিছপুৰ দখল কৰিব । ইয়াৰ পিছতেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ দখল কৰিব বুলি হুংকাৰ দিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ । 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' অভিযানৰ অংশ হিচাপে ডিমা হাছাও জিলাত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি এইদৰে সকীয়ালে বিজেপি চৰকাৰক ।
বুথ সন্মিলনলৈ আমন্ত্ৰণ জনাব ৰাহুল গান্ধীক :
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়,"আমি কাকো ভয় নকৰো ।" শুকুৰবাৰে মাইবঙত এইদৰে মন্তব্য় কৰি সাংবাদিকৰ আগতে গৌৰৱ গগৈয়ে কয়, "ডিমা হাছাও জিলাত কংগ্ৰেছ দলে বুথ সন্মিলনৰ আয়োজন কৰিব বুলি আজি কৰ্মীসভাত আলোচনা কৰা হয় । এই বুথ সন্মিলনত ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধীকো আমন্ত্ৰণ জনোৱা হ'ব ।"
বিহাৰত বিহাৰৰ মানুহে ভোট দিব আৰু অসমত অসমৰ মানুহে ভোট দিব :
আনহাতে আজি বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগতে মহাজোঁট বন্ধনৰ বিপৰ্যয় সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, "বিহাৰত বিহাৰৰ মানুহে ভোট দিব আৰু অসমত অসমৰ মানুহে ভোট দিব । অসমত ডিমাছা, বড়ো, কাৰ্বি, ৰাভা, মৰাণ, মটক, গোর্খা, বাঙালী মানুহে ভোট দিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ব শেষ কৰাৰ বাবে এইবাৰ অসমৰ মানুহে ভোট দিব । অসমত কংগ্ৰেছৰ চৰকাৰ হ'লে অসমৰ ৰাইজৰ সেৱা কৰাৰ উপৰি ইয়াৰ মানুহৰ ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব । হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত জাতি-জনগোষ্ঠীৰ মানুহৰ ৪০ হাজাৰ বিঘা ভূমি আম্বানী-আদানী আৰু ডালমিয়াক দিয়া হৈছে । কংগ্ৰেছ দলৰ চৰকাৰ হ'লে ডিমা হাছাও জিলাত শিল্পনীতিৰ ওপৰত অধিক গুৰুত্ব দিব ।"
প্ৰমোদ বড়োৰ দলক শেষ কৰিলে মুখ্য়মন্ত্ৰীয়ে :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অতি ঘনিষ্ঠ মন্ত্ৰী অশোক সিংহলৰে বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰোৱায় । এই সীমা নিৰ্ধাৰণত জনজাতি লোকসকল হতাশ হৈছে বুলি মন্তব্য় কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাই দেৱলাল গাৰ্লচা, তুলিৰাম ৰংহাঙৰ দৰে জনজাতীয় নেতাৰ সৃষ্টি কৰি সৰ্বানন্দ সোণোৱালৰ দৰে নেতাক আঁতৰাই মুখ্যমন্ত্ৰী হয় । হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োৰ দলক শেষ কৰি দিয়ে । তাৰ আগতে হাগ্ৰামা মহিলাৰীক শেষ কৰি দিছিল । হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ জনজাতিসকলৰ কোনো কাম নহ'ব । তেওঁলোকে ভূমিৰ সুৰক্ষা নাপাব ।"
মই মুখ্যমন্ত্ৰীক ভয় নকৰো :
মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয়, "মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত মোৰ বিৰুদ্ধে ভুৱা অভিযোগ কৰি থাকে; কিন্তু মই মুখ্যমন্ত্ৰীক ভয় নকৰো । তেওঁ যদি ভাবে এনে অভিযোগ উত্থাপন কৰি মোৰ মুখ বন্ধ কৰি দিব তেনেহ'লে সেয়া সম্ভৱ নহয় । মই ভয় নকৰো, অসমৰ ৰাইজেও এতিয়া আৰু মুখ্যমন্ত্ৰীক ভয় নকৰে । এতিয়া দিল্লীৰ বিজেপি নেতা আৰু অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস নকৰে ।" মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা পাতে তেতিয়া সৰু ল'ৰাই কথা কোৱাৰ দৰে বুলি মন্তব্য় কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

