দিল্লীৰ আক্ৰমণৰ ঘটনাক লৈ চৰকাৰে আত্মমন্থন কৰা উচিত : গৌৰৱ গগৈ
দোষীক কঠোৰ শাস্তি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে মনত বহুত প্ৰশ্ন আছে । প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

Published : November 11, 2025 at 7:44 PM IST
গুৱাহাটী : "অত্যন্ত দুখজনক কথা । দেশৰ ৰাজধানীত সন্ত্রাসবাদীয়ে এনেদৰে আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হ'ল । আমি বিচাৰোঁ দিল্লীৰ আক্ৰমণৰ ঘটনাৰ উচিত তদন্ত হওক আৰু জড়িতসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰক ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ ।
দিল্লীৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, "এই ঘটনা অত্যন্ত দুখজনক । নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ । এই বছৰত দুবাৰকৈ আক্ৰমণ হৈছে । বছৰৰ আৰম্ভণিতে পহলগামত হ'ল আৰু এইবাৰ ভাৰতৰ ৰাজধানীত ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা হৈছে । এইটো যথেষ্ট দুৰ্ভাগ্যজনক ।"
তেওঁ লগতে কয়, "পূৰ্বে সন্ত্রাসবাদীসকলে সেনাবাহিনী, আৰক্ষীক টাৰ্গেট কৰি প্লেনিং কৰে । সাধাৰণ জনতাক টাৰ্গেট কৰাৰ সাহস নকৰে বা কৰাৰ আগত আমি গোটেই ইণ্টেলিজেন্সটো পাই যাওঁ । কিন্তু আজি সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ কৰা হৈছে । মানুহে মুকলিকৈ থাকি ভালপোৱা ঠাইত আক্ৰমণ কৰা হৈছে ।"
চৰকাৰৰ দায়িত্বৰ কথা উল্লেখ কৰি তেওঁ কয়, "মই ভাবোঁ এইক্ষেত্ৰত চৰকাৰে আত্মমন্থন কৰিব । নিজৰ দায়বদ্ধতা ফিক্সড কৰিব । আমি বিচাৰোঁ দোষীসকলক ধৰি কঠোৰ শাস্তি দিব লাগে । মনত বহুত প্ৰশ্ন আছে এজন সাংসদ হিচাপে । এই প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিম বুলি আশাকৰোঁ । আমাৰ সকলো এজেন্সীয়ে একেলগে কাম কৰি আঁৰৰ কথাবোৰ উলিয়াব চেষ্টা কৰক । এই আক্ৰমণক পিছৰ পৰা নিয়ন্ত্রণ কৰি থকাসকলক ধৰিবলৈ চেষ্টা কৰক ।"

উল্লেখ্য যে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্রেছে । আগন্তুক নিৰ্বাচনীৰ ৰণনীতিক লৈ মঙলবাৰে প্ৰদেশ কংগ্ৰেছে দিনজোৰা বিশেষ বৈঠকৰ আয়োজন কৰে । গুৱাহাটীৰ ৰাজীৱ ভৱনত তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয় ।
প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সাংসদ গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে । প্ৰথমখন বৈঠক নিৰ্বাচনী ইস্তাহাৰ কমিটীক লৈ অনুষ্ঠিত হয় । ২০২৬ৰ নির্বাচনী ইস্তাহাৰত কোনবোৰ বিষয় থাকিব তাক লৈ বৈঠকত আলোচনা কৰা হয় । ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্বত বৈঠকখন অনুষ্ঠিত হয় ।

দ্বিতীয়খন বৈঠক বিটিচিক লৈ অনুষ্ঠিত হয় । বিটিচি নিৰ্বাচনত কংগ্রেছৰ শোচনীয় পৰাজয়ক লৈ বৈঠকত পৰ্যালোচনা কৰা হয় । বৈঠকত বিটিচি নিৰ্বাচনত অংশ লোৱা সকলো প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে ।
আনহাতে, তৃতীয়খন বৈঠক ২০২৬ৰ নিৰ্বাচন কমিটীৰ পাঁচগৰাকী অধ্যক্ষক লৈ আয়োজন কৰা হৈছে । এইখন বৈঠকত ভূপেন বৰা, দেৱব্রত শইকীয়া, ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰিব ।

