ETV Bharat / politics

কংগ্ৰেছৰ লক্ষ্য হৈছে মানুহৰ মনৰ পৰা ভয় দূৰ কৰা: গৌৰৱ গগৈ

হাফলঙত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । 'ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ' মিছনৰ বাবে হাফলঙত উপস্থিত হয় সভাপতিগৰাকী ।

APCC president Gaurav Gogoi in Haflong for the mission 'Raijor Padulit Raijor Congress'
হাফলঙত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 8:32 PM IST

2 Min Read
Choose ETV Bharat

হাফলং: 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' এই মিছন লৈ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ডিমা হাছাও জিলাত আহি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী বৃহস্পতিবাৰে বিয়লিৰ ভাগত হাফলঙত উপস্থিত হৈ প্ৰথমতে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক মত-বিনিময় অনুষ্ঠানত ভাগ লয় । ইয়াৰ পিছতে হাফলং ৰাজীৱ ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ লগত এখন বৈঠকত মিলিত হয় ।

হাফলঙত আহি উপস্থিত হৈ গগৈয়ে সাংবাদিকৰ আগতে কয়,"'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' এই মিছন লৈ ডিমা হাছাও জিলাত আহি উপস্থিত হৈছোঁ । গুৱাহাটীত কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় আৰু উক্ত সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে কংগ্ৰেছ দলে মানুহৰ ওচৰলৈ যাব আৰু ৰাইজৰ সমস্যাক লৈ আলোচনা কৰাৰ উপৰি ৰাইজৰ মতামত গ্ৰহণ কৰিব ।"

হাফলঙত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)

গৌৰৱ গগৈয়ে আৰু কয়, "প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বত যেতিয়া ৰাজ্যত চৰকাৰ আছিল তেতিয়া কংগ্ৰেছ চৰকাৰৰ মিছন আছিল 'ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ' । এতিয়া কংগ্ৰেছৰ দলৰ ওচৰত চৰকাৰৰ কাম কৰাৰ সুবিধা নাই, যাৰ বাবে এতিয়া কংগ্ৰেছ দল ৰাইজৰ ওচৰলৈ যাব । ডিমা হাছাও জিলা অসমৰ এক গুৰুত্বপূৰ্ণ স্থান, ইয়াৰ মানুহৰ মাজত বহু প্ৰতিভা আছে । কিন্তু তেওঁলোকে তেনেকৈ সুযোগ-সুবিধা, সাহায্য নাপায় ।"

গগৈয়ে পুনৰ কয়, "ডিমা হাছাও জিলাত ভয়তে মানুহে কথা ক'ব নোৱাৰে, যেনেকৈ দিছপুৰৰ মানুহে ভয়ত কথা ক'ব নোৱাৰে ডিমা হাছাও জিলাত এনে পৰিৱেশ বিৰাজ কৰিছে । কংগ্ৰেছৰ লক্ষ্য হৈছে দিছপুৰ, ডিমা হাছাওসহ মানুহৰ মাজৰ পৰা ভয় দূৰ কৰা ।"

বৃহস্পতিবাৰে সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হাফলং আৱৰ্ত ভৱনত ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনত আৰু সাধাৰণ ৰাইজৰ লগত পাহাৰীয়া জিলাখনৰ বিভিন্ন সমস্যাক লৈ এখন বৈঠকত ভাগ লয় । শুকুৰবাৰ পুৱা গৌৰৱ গগৈ হাফলং অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মাইবঙলৈ যাব । মাইবঙত তেওঁ 'ভোট চোৰ, গাদী চোৰ' গণ স্বাক্ষৰ অভিযানত ভাগ ল'ব । ইয়াৰ পিছতে গৌৰৱ গগৈয়ে মাইবঙত এখন বুথ সন্মিলনতো ভাগ ল'ব ।

লগতে পঢ়ক: আলোচনা সভা হ'লগৈ ৰণক্ষেত্ৰ ! অগপৰ সাংসদ-বিধায়কৰ সন্মুখতে উত্তপ্ত পৰিস্থিতি

হাতত ধনু-কাঁড়, মুখত জনজাতি স্বীকৃতিৰ দাবীত শ্ল'গান