হিমন্ত বিশ্ব শৰ্মাৰ দিনত উজনি অসমত গোহালিত গৰুও সুৰক্ষিত নহয়: গৌৰৱ গগৈ
কংগ্ৰেছ কৰ্মীয়ে ঘৰে ঘৰে গৈ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন কাহিনী, মাটি কেলেংকাৰী, তেওঁৰ অহংকাৰৰ কথা ৰাইজক অৱগত কৰিব বুলি মন্তব্য গৌৰৱ গগৈৰ ।

Published : January 23, 2026 at 8:08 AM IST
ডিব্ৰুগড়: বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে কংগ্ৰেছ । দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে অনুষ্ঠিত কৰিছে বিশাল কৰ্মীসভা । বৃহস্পতিবাৰে উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মীসভা ।
'হাতত হাত ধৰো, নতুন বৰ অসম গঢ়ো' শীৰ্ষক এই দলীয় কৰ্মীসভাত কেইবাসহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে । মৰাণত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত আক্ৰমণাত্মক ৰূপত দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ৷
'হু ইজ হিমন্ত বিশ্ব' বুলি প্ৰশ্নৰ অৱতাৰণাৰে গৌৰৱ গগৈয়ে সভাত উদাত্ত ভাষণ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে অসমৰ বিভিন্ন স্থানত ভূমি ক্ৰয় কৰা, চাহ বাগিচা ক্ৰয় কৰা, ৰিজ'ৰ্ট ক্ৰয় কৰা আদি অভিযোগেৰে মুখ্যমন্ত্ৰীক সৰ্বকালৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে গৌৰৱ গগৈয়ে ৷ গৌৰৱ গগৈৰ 'হু ইজ হিমন্ত বিশ্ব' প্ৰশ্নই বিজেপি দলত জোঁকাৰণি আনিছে বুলিও কয় গৌৰৱ গগৈয়ে ৷
"প্ৰয়াত তৰুণ গগৈৰ পিঠিত ডেগাৰ মৰা ব্যক্তি হিমন্ত বিশ্ব শৰ্মা । তৰুণ গগৈয়ে ৰাজনৈতিকভাৱে আগবঢ়া নাছিল, সুৰক্ষা দিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাই ডেগাৰ মাৰিলে" বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত কোন কোন জিলাত মুখ্যমন্ত্ৰী আৰু পৰিয়ালে সম্পত্তি ক্ৰয় কৰিছে তাৰ বিতং তথ্য পোহৰলৈ আনিব বুলিও হুংকাৰ দিয়ে গৌৰৱ গগৈয়ে ৷ তদুপৰি অসমত চলি থকা কয়লা ছিণ্ডিকেট, কাঠৰ ছিণ্ডিকেট, গৰুৰ ছিণ্ডিকেটতো মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷

কংগ্ৰেছৰ আমোলত আটাইতকৈ দুৰ্নীতি কৰা মানুহবোৰ আজি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী, আন আন দায়িত্বশীল মন্ত্ৰী বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে ২০২৬ ৰ নিৰ্বাচনত বিজেপি চৰকাৰ ওফৰাব লাগিব বুলি কয় । 'হাতত হাত ধৰো, নতুন বৰ অসম গঢ়ো' শীৰ্ষক এই দলীয় কৰ্মীসভাত অসম কংগ্ৰেছৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়, ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাকে ধৰি উজনি অসমৰ বহুসংখ্যক নেতা উপস্থিত থাকে ৷
কংগ্ৰেছ কৰ্মীয়ে ঘৰে ঘৰে গৈ হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ কাহিনী ৰাইজক অৱগত কৰিব:
অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমত অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়,"আজি মৰাণত কংগ্ৰেছ দলৰ দ্বিতীয়খন কৰ্মী সভা অনুষ্ঠিত হয় । আজিৰ সভাত হিমন্ত বিশ্ব শৰ্মাৰ বাস্তৱ ছবি দলীয় কৰ্মীসকলৰ মাজত দাঙি ধৰিছোঁ । পৰৱৰ্তী সময়ত আমাৰ দলীয় কৰ্মী ঘৰে ঘৰে গৈ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন কাহিনী, মাটি কেলেংকাৰী, তেওঁৰ অহংকাৰৰ কথা ৰাইজক অৱগত কৰিব ।"
তেওঁ আৰু কয়,"ৰাইজে বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মা যদি থাকে অসমৰ মাটি অসমৰ ৰাইজৰ ওচৰত নাথাকিব । সকলো আদানী, আম্বানী আৰু পতঞ্জলিৰ ওচৰলৈ যাব । হিমন্ত বিশ্ব শৰ্মাৰ দিনত উজনি অসমত গোহালিত গৰু সুৰক্ষিত নহয় । অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে বিদায় দিলেহে আমাৰ স্বাভিমান ঘূৰি আহিব । হিমন্ত বিশ্ব শৰ্মা আঁতৰিলে উন্নয়ন এটা পৰিয়ালৰ নহ'ব, সমগ্ৰ অসমৰ হ'ব ।"

ভোটাৰ তালিকাক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে:
ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ(SR) ক লৈ বিভিন্ন সমষ্টিত খিলঞ্জীয়া ভোটাৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়, "বিজেপি দলৰ ভিতৰত SR ৰ পৰিকল্পনা হৈছিল । ভোটাৰ তালিকাৰ Special Revision (SR)-ক লৈ সৃষ্টি হোৱা বিসংগতিক লৈ কংগ্ৰেছ দলে গোচৰ দিয়াৰ পাছতো কিয় ব্যৱস্থা লোৱা নাই ? আজি অসমৰ খিলঞ্জীয়া মানুহ হাৰাশাস্তিৰ সন্মুখীন হৈছে । এতিয়া ডিজিটেল যুগ , মনত ইচ্ছা থাকিলে ভোটাৰ তালিকাৰ Special Revisionৰ কাম ভালদৰে কৰিব পাৰিলে হয় ।"
তেওঁ লগতে কয়, "ক্ষমতা আৰু চিণ্ডিকেটৰ বাবেই, ৰাইজৰ ক্ষোভৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ আজি ভোটাৰ তালিকাক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে । বিজেপিৰ জুম মিটিঙত ইয়াৰ পৰিকল্পনা হৈছে । কংগ্ৰেছ দলে গোচৰ দিছোঁ ইয়াৰ তদন্ত হ'ব লাগে । বিজেপি কাৰ্যালয়ৰ ভিতৰত ৰেইড হ'ব লাগে, জুম মিটিঙৰ ৰেকৰ্ড আনিলে এই সকলো কথা পোহৰলৈ আহিব ।"

