ETV Bharat / politics

ৰাহুল গান্ধীয়েও ভূপেন বৰাক বুজালে ১৫ মিনিট : মঙলবাৰে পুৱালৈকে কংগ্ৰেছ নেতৃত্বক সময় বিচাৰিলে বৰাই

সম্বিৎ ঘূৰিছে কংগ্ৰেছৰ ৷ ভূপেন বৰাক সৈমান কৰাৰ চেষ্টাৰে তিনি ঘণ্টাৰ ৰুদ্ধদ্বাৰ বৈঠক কংগ্ৰেছ নেতৃত্বৰ । গৌৰৱেও নিজৰ ভুলৰ বাবে বিচাৰিলে ক্ষমা ।

Bhupen Borah resigns
ভূপেন বৰাৰ ঘৰত উপস্থিত কংগ্ৰেছ নেতৃত্ব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 6:40 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : সোমবাৰে পুৱাবেলা অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অসমৰ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি কংগ্ৰেছ দল ত্যাগ কৰি পদত্যাগ-পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাৰ লগতে অসম কংগ্ৰেছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । লগে লগেই গুৱাহাটীৰ ঘোঁৰামাৰাত থকা ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয়গৈ জিতেন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈলৈকে কংগ্ৰেছ নেতৃত্ব । সকলো আহিল, কিন্তু নাহিল ৰকিবুল হুছেইন ।

প্ৰায় তিনি ঘণ্টা সময়জুৰি দল এৰি নাযাবলৈ সৈমান কৰোৱাৰ চেষ্টাত ভূপেন বৰাৰে ৰুদ্ধদ্বাৰ আলোচনাত বহিল কংগ্ৰেছ নেতৃত্ব । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰা নাই ভূপেন বৰাৰ পদত্যাগ-পত্ৰ ৷ আনহাতে, ভূপেন বৰাক কাষত বহুৱাই বৰাই কংগ্ৰেছ এৰি নাযায় বুলি দাবী কৰিলে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ।

মঙলবাৰে পুৱালৈকে কংগ্ৰেছ নেতৃত্বক সময় বিচাৰিলে ভূপেন বৰাই (ETV Bharat Assam)

ইফালে নিজৰ ভুল-ত্ৰুটিৰ বাবে ভূপেন বৰাৰ ওচৰত ৰাজহুৱা ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । আনহাতে, পদত্যাগ-পত্ৰ উঠাই লোৱাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্বৰ পৰা কিছু সময় বিচাৰিলে ভূপেন বৰাই ।

তাৎপৰ্যপূৰ্ণভাৱে অমিত শ্বাহক ২ ফেব্ৰুৱাৰীত সাক্ষাতৰ পিছতেই ভূপেন বৰাই বিজেপি দলত অহা ২১ ফেব্ৰুৱাৰীত যোগদান কৰিব বুলি ৰাজ্যত ব্যাপক চৰ্চা চলি থকাৰ সময়তে মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক ঘৰত গৈ লগ কৰিব বুলি ঘোষণা কৰে । এনে ৰাজনৈতিক পৰিস্থিতিত কংগ্ৰেছে ভূপেন বৰাক সৈমান কৰাবলৈ চেষ্টা অব্যাহত ৰাখে ।

ভূপেন বৰাৰে দীঘলীয়া বাৰ্তালাপৰ পিছত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিঙে দাবী কৰে যে ভূপেন বৰাই কংগ্ৰেছ নেৰে । ৰাহুল গান্ধীয়ে নিজেই ১৫ মিনিট ফোনযোগে কথা পাতে ভূপেন বৰাৰ সৈতে ।

ভূপেন বৰাৰ বাসগৃহত ভূপেন বৰাক কাষত লৈ জীতেন্দ্ৰ সিঙে সংবাদ মাধ্যমক কয়, “ভূপেন বৰা কংগ্ৰেছ পৰিয়ালৰ বহুত গুৰুত্বপূৰ্ণ সদস্য । তেখেতে পদত্যাগ-পত্ৰ আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষলৈ প্ৰেৰণ কৰিছে । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কংগ্ৰেছ নেতৃত্বই গ্ৰহণ কৰা নাই ভূপেন বৰাৰ পদত্যাগ-পত্ৰ ৷ পদত্যাগ-পত্ৰ উঠাই লৈছে ভূপেন বৰাই । আমাৰ নেতৃত্বই ভূপেন বৰাৰ সৈতে দীঘলীয়া আলোচনা কৰিছে । ফোনযোগে ১৫ মিনিট ধৰি ৰাহুল গান্ধীৰ সৈতে ভূপেন বৰাৰ আলোচনা হৈছে ৷ বিজেপিৰ চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আমাৰ যুঁজৰ মুখ্য ভূমিকাত থাকিব ভূপেন বৰা ৷”

পিছে জীতেন্দ্ৰ সিঙে সংবাদ মাধ্যমক ভূপেন বৰাই পদত্যাগ-পত্ৰ উঠাই লোৱাৰ কথা ঘোষণা কৰে যদিও কংগ্ৰেছ নেতৃত্বৰ পৰা কিছু সময় বিচাৰিছে বুলিহে প্ৰকাশ কৰে বৰাই । ১৯২৬ চনৰ পৰা কংগ্ৰেছ দলৰ সৈতে নিজৰ পৰিয়াল জড়িত হৈ আছে বুলি কৈ ১৯৯৪ চনত তেওঁ কংগ্ৰেছ দলত যোগদান কৰাৰ কথা উল্লেখ কৰি ভূপেন বৰাই কংগ্ৰেছৰ প্ৰতি থকা নিজা আনুগত্যৰ কথা উনুকিয়াই সদৰী কৰে দল ত্যাগৰ কাৰণ ।

বৰাই লগতে কয়, “৩২ বছৰ হ’ল দলটোৰ কাৰণে কাম কৰি থকা ৷ ৰাইজে দেখি আছে । ৰাষ্ট্ৰীয় নেতৃত্বক বহু কথা দীৰ্ঘদিন ধৰি মই জনাই আহিছোঁ । যেতিয়া মই দেখিছোঁ যে মোৰ কথাবোৰ দলত গুৰুত্বহীন হৈ আহিছে, তেতিয়াই মই পদত্যাগ কৰিছোঁ ৷”

পদত্যাগ-পত্ৰ উঠাই লোৱা বিষয়ত কংগ্ৰেছ নেতৃত্বৰ পৰা কিছু সময় বিচৰা বুলি উল্লেখ কৰি ভূপেন বৰাই কয়, “এতিয়া কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বই মোৰ সৈতে কথা পাতিছে ৷ তেখেতসকলে কৈছে যে পদত্যাগ গ্ৰহণ কৰা নাই বুলি । মই কংগ্ৰেছ নেতৃত্বৰ পৰা কিছু সময় বিচাৰিছোঁ । মোৰ পৰিয়ালৰ সৈতে আলোচনা কৰি কাইলৈ মই জনাম বুলি কৈছোঁ ।”

আনহাতে, জীতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈৰ সমুখতে ভূপেন বৰাৰ এক ৰাজহুৱা বিস্ফোৰণ— কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবে ভূপেন বৰাৰ ভাতৃৰ ব্যৱসায় নষ্ট হয় । আনহাতে, এ পি চি চিৰ সম্পাদকে ব্যৱসায় লাভ কৰে । এই কথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই জনা নাছিল ৷ এই বিষয়টোও ৰাষ্ট্ৰীয় নেতৃত্বক জনোৱা বুলি ভূপেন বৰাই সদৰী কৰে ।

আনহাতে, ভূপেন বৰাক সাক্ষাৎ কৰাৰ পিছত নিজৰ ফালৰ পৰা হোৱা সকলো ভুলৰ বাবে গৌৰৱ গগৈয়ে ভূপেন বৰাৰ ঘৰৰ চোতালত ভূপেন বৰাৰ ওচৰত ক্ষমা বিচৰা বুলি সংবাদ মাধ্যমত সদৰী কৰে ।

লগতে পঢ়ক :ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী : বৰাক বিধায়ক কৰাৰ চেষ্টা চলাব বিজেপিয়ে
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ফলিয়ালে ! কংগ্ৰেছ এৰিলে ভূপেন বৰাই