অপপ্ৰচাৰহে ! মিত্ৰতাক লৈ আলোচনা অব্যাহত আছে ৰাইজৰ দলৰে : দিল্লীত কংগ্ৰেছ নেতৃত্বৰ ঘোষণা
ৰাইজৰ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হওঁতে অলপ সময় লাগিব ৷ বিৰোধীৰ মিত্ৰতা ইতিবাচক দিশেৰে আগবাঢ়িছে । নতুন দিল্লীত গৌৰৱ গগৈ-দেৱব্ৰত শইকীয়াৰ ঘোষণা ।

Published : February 23, 2026 at 8:42 PM IST
গুৱাহাটী : ২০২৬ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ মিত্ৰতাৰ চৰ্চা, ঘোষণা বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ "অসমত কংগ্ৰেছৰ মিত্ৰজোঁট চূড়ান্ত হৈছে ! পিছে আন দল থাকিলেও এই মুহূৰ্তলৈকে মিত্ৰতাৰ পৰা বাদ পৰিছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল ৷ ৰাইজৰ দলক লৈ সিদ্ধান্তত উপনীত হ’ব পৰি নাই কংগ্ৰেছ দল ৷" —এই কথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বা কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰা নাই ৷ এই ঘোষণা কৰিছে অসম বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে ।
মুখ্যমন্ত্ৰী শৰ্মাৰ এই দাবীৰ পিছত ৰাজ্যজুৰি ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনক লৈ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে । ৰাইজৰ দলক বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত আঁতৰাই পঠিওৱাৰ উপক্ৰম বুলি একাংশ সংবাদ মাধ্যম আৰু মুখ্যমন্ত্ৰীৰ দাবী নস্যাৎ কৰি অসম কংগ্ৰেছৰ নেতৃত্বৰ মন্তব্য যে এয়া অপপ্ৰচাৰ । ৰাইজৰ দলৰে মিত্ৰতাক লৈ দুই-এখন আসনক লৈ আলোচনা এতিয়াও অব্যাহত আছে বুলি দিল্লীত বাহৰ পাতি থকা অসম কংগ্ৰেছৰ নেতৃত্বৰ দাবী ।
শাসকীয় বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছ দলে আন আন বিৰোধী শক্তিক লৈ শক্তিশালী আৰু একত্ৰিতভাৱে ২০২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব । নতুন দিল্লীত সোমবাৰে এই কথা পুনৰ স্পষ্ট কৰি দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
নতুন দিল্লীস্থিত ইন্দিৰা ভৱনত সোমবাৰে অনুষ্ঠিত স্ক্ৰীণিং কমিটীৰ বৈঠকৰ মাজতে দুয়োজন নেতাই সাংবাদিকৰ আগত কয় যে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, এ পি এইচ এল চি আৰু বাঁও দলসমূহৰ লগত আলোচনা চলি আছে আৰু এয়া অত্যন্ত ইতিবাচক । ৰাইজৰ দলৰ সভাপতিৰ লগত ২-৩ খন আসন বুজাপৰাৰ ক্ষেত্ৰত বাৰ্তালাপ চলি আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সদৰী কৰে । মিত্ৰতাৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত গৌৰৱ গগৈয়ে সকলো ইতিবাচকভাৱে আগবাঢ়িছে বুলিও স্পষ্ট কৰি দিয়ে ।
আনহাতে, দেৱব্ৰত শইকীয়াই কয়, "নামবোৰক লৈ স্ক্ৰীণিং সমিতিত চৰ্চা চলিছে ৷ সিদ্ধান্ত নিৰ্বাচন সমিতিয়ে কৰিব ৷ এতিয়ালৈকে কোনো নাম ফাইনেল হোৱা নাই ৷ দুই-এটা সমষ্টিত দুই-এটা নামহে আহিছে ৷"
ৰাইজৰ দলৰে মিত্ৰতা হোৱা-নোহোৱা সন্দৰ্ভত অসমত বহু অপপ্ৰচাৰ চলিছে বুলিও কয় শইকীয়াই। তেওঁ কয়, "ৰাইজৰ দলৰ সৈতে আলোচনা সমাপ্ত কৰা বুলি অপপ্ৰচাৰ চলিছে ৷ এনে অপপ্ৰচাৰ কোনে চলাইছে সেয়া নাজানো ৷ তেনে প্ৰচাৰক মন নিদিবলৈ অনুৰোধ জনাইছোঁ ৷ মিত্ৰতাক লৈ আলোচনা চলি আছে । এতিয়াই কোনো সিদ্ধান্ত হোৱা নাই ৷ অখিল গগৈ ডাঙৰীয়াই বহু আসনৰ ক্ষেত্ৰত যোগাযোগ কৰি আছে ৷ যিমান পৰা যায় মিলাবলৈ প্ৰয়াস কৰি থকা হৈছে ৷ অল পাৰ্টী হিলছৰ নেতাৰ সৈতেও আলোচনা চলি আছে ৷ গঠন কৰি দিয়া চাৰিজনীয়া সমিতিয়ে আলোচনা কৰি আছে ৷ অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই এমৰ সৈতে আলোচনা হৈ আছে ৷"
আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সোমবাৰে সংবাদমেল পাতি মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়া সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়, “অখিল গগৈ ডাঙৰীয়াই আজি নহয়, সদায়েই সংবাদমেল দি আছে ৷ অখিল গগৈৰ সৈতে কেইবালানি আলোচনা হৈছে ৷ আলোচনা আৰু হ’ব ৷ মিত্ৰতা চূড়ান্ত হওঁতে অলপ সময় লাগিব ৷ বুজাবুজিলৈ আহিবলৈ নিশ্চয়কৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলি আছে ৷”
সাংবাদিকেৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে প্ৰাক্তন সভাপতি ভূপেন বৰাই দল এৰি যোৱাত দলৰ সাংগঠনিক ক্ষেত্ৰত সামান্যতমো প্ৰভাৱ পৰা নাই । তেওঁ কয়, "সাধাৰণতে নেতাজন গ’লে সেই সমষ্টিৰ বহু নেতা তেওঁৰ সৈতে গুচি যায় ৷ মই সভাপতি হিচাপে ৰঙানদী সমষ্টিৰ কৰ্মীসকলক চেলুট দিছোঁ যে যিদিনা তেওঁ গৈছে সিদিনা কৰ্মীসকলে নিজৰ কাৰ্যালয়ত বহি ব্লক স্তৰৰ সভা পাতিছিল ৷ সেই সভাত ৰঙানদী সমষ্টিৰ দুয়োটা ব্লকৰ সভাপতি, মণ্ডলৰ সভাপতিসকলে ভাগ লৈছিল ৷ আমি বিহপুৰীয়াৰ কথা নাজানো ৷ মই গোটেই দিনটো ব্যস্ত আছিলোঁ ৷ বিহপুৰীয়াত বহু লোকে কংগ্ৰেছ দলত যোগদান কৰা কথাটো ওলাইছে । সেই লৈ পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম ৷"

