ETV Bharat / politics

বিধানসভা বৃত্তান্ত: নোহোৱা হ'ল একমাত্র নগৰীয়া সমষ্টি, নতুনকৈ হোৱা নিউ গুৱাহাটী সমষ্টিৰ এক অৱলোকন

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । কিদৰে সলনি হ'ল পূব গুৱাহাটী সমষ্টিৰ পৰা নিউ গুৱাহাটী সমষ্টিলৈ ? এক প্ৰতিবেদন ।

An overview of the newly formed New Guwahati constituency
নতুনকৈ হোৱা নিউ গুৱাহাটী সমষ্টিৰ এক অৱলোকন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 5:25 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে এতিয়া নিৰ্বাচনী ব্যস্ততা । বিশেষকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে টিকটৰ আশাৰে নিজা নিজা সমষ্টিত আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান । মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । যাৰ বাবে এইবাৰৰ পৰিৱেশ পৰিস্থিতি কিছু পৃথক ।

পূৰ্বৰ সমষ্টিসমূহৰ যথেষ্ট সালসলনি হৈছে । বহু সমষ্টি নোহোৱা হোৱাৰ বিপৰীতে বহু নতুন সমষ্টি হৈছে । অৱশ্যে সমষ্টি সংখ্যা পূৰ্বৰ দৰে ১২৬ টা আছে । সমষ্টিৰ সীমাৰ যথেষ্ট সালসলনি হৈছে আৰু বহু বিধায়কৰ সমষ্টিয়ে নোহোৱা হৈছে । এই প্ৰতিবেদন গুৱাহাটীৰ পূৰ্বৰ পূব গুৱাহাটী সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নতুনকৈ হোৱা নিউ গুৱাহাটী সমষ্টিক সামৰি প্ৰস্তুত কৰা হৈছে । আগত আৰু নতুন সমষ্টিক সামৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

নিউ গুৱাহাটী বিধানসভা সমষ্টি:

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নোহোৱা হৈ পৰিল ৰাজ্যৰ একমাত্র নগৰীয়া সমষ্টি ৰূপে পৰিচিত পূব গুৱাহাটী বিধানসভা সমষ্টি । তাৰ ঠাইত নতুনকৈ গঠন কৰা হয় নিউ গুৱাহাটী সমষ্টি । অৱশ্যে পূৰ্বৰ পূব গুৱাহাটী সমষ্টিৰ আধাৰতে নিউ গুৱাহাটী সমষ্টি কৰা হৈছে । কিন্তু বহু অঞ্চল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰী আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ অধীনলৈ যায় । পূব গুৱাহাটী বিধানসভা সমষ্টিয়ে গুৱাহাটীৰ এক গুৰুত্বপূৰ্ণ অংশ সামৰি লৈছিল ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৩৫নং নিউ গুৱাহাটী সমষ্টিটো কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত । উল্লেখ্য যে ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা পূব গুৱাহাটী সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ২০২৩ চনত বিলুপ্ত হৈছে । এতিয়া সমষ্টিটো নিউ গুৱাহাটী ৰূপে পৰিচিত আৰু এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

নিউ গুৱাহাটী সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা:

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৩৫নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ শেহতীয়া প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৯৬ হেজাৰ ১৬ গৰাকী । ইয়াৰ ভিতৰত আছে ৯৪,৩৯০ জন পুৰুষ ভোটাৰ, ১,০১,৬২১ গৰ‍াকী মহিলা ভোটাৰ আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । এই সমষ্টিটো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা ২০১ টাৰ পৰা ২১৯ টালৈ বৃদ্ধি কৰা হৈছে ।

An overview of the newly formed New Guwahati constituency
ভোটাৰৰ পৰিসংখ্যা (ETV Bharat Assam GFX)

নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এলেকাসমূহ:

৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিটো পৌৰ নিগমৰ ১৭ টা ৱাৰ্ডৰ এলেকাক সামৰি লোৱা হৈছে । এই সমষ্টিটোত পৌৰ নিগমৰ ৩৩ নম্বৰ ৱাৰ্ডৰ চোলাপাৰা, পল্টনবজাৰ, আমবাৰী, লেম্বৰোড, লতাশিল, ৩৪ নং ৱাৰ্ডৰ উজানবজাৰ, ৩৫ নং ৱাৰ্ডৰ চেনিকুঠী, হেপীভিলা, ৩৬ নং ৱাৰ্ডৰ নেহৰু ষ্টেডিয়াম, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিতনগৰ, ৩৭ নং ৱাৰ্ডৰ চানমাৰি, কৰ্নাচল, পদুমপুখুৰী, ৩৮ নং ৱাৰ্ডৰ কৃষ্ণনগৰ, ৩৯ নং ৱাৰ্ডৰ ৰাজগড়, গান্ধীবস্তিৰ অংশবিশেষ, ৪০ নং ৱাৰ্ডৰ জ্যোতিনগৰ, মিলনপুৰ ।

An overview of the newly formed New Guwahati constituency
নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্ভুক্ত উগ্ৰতাৰা দেৱালয় (ETV Bharat Assam)

লগতে ৪১ নং ৱাৰ্ডৰ হাতীগড় চাৰিআলি, জুৰোড, ৪২ নং ৱাৰ্ডৰ তৰুণ নগৰ, অনিল নগৰ অঞ্চলৰ অংশ বিশেষ, ৪৪ নং ৱাৰ্ডৰ চিৰিয়াখানা, জাপৰিগোগ অঞ্চলৰ অংশবিশেষ, ৪৫ নং ৱাৰ্ডৰ বামুণীমৈদামৰ অংশবিশেষ, ৪৭ নং ৱাৰ্ডৰ জ্যোতিনগৰ, গোপালনগৰ, ৪৮ নং ৱাৰ্ডৰ নুনমাটিৰ অংশবিশেষ, ৫০ নং ৱাৰ্ডৰ হেঙেৰাবাৰী, লিচুবাগানৰ অংশ বিশেষ, ৫১ নং ৱাৰ্ডৰ বৰবাৰী আৰু ৫৩ নং ৱাৰ্ডৰ ছয়মাইল, আনন্দনগৰৰ অংশ বিশেষেৰে সামৰি লোৱা হৈছে ।

বিলুপ্তি ঘটা পূব গুৱাহাটী আৰু নতুনকৈ হোৱা নিউ গুৱাহাটী সমষ্টি:

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূব গুৱাহাটী সমষ্টিৰ বিলুপ্তি ঘটিল। তাৰ ঠাইত নতুনকৈ হ'ল নিউ গুৱাহাটী । ফলত বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ একপ্ৰকাৰ সমষ্টি নোহোৱা হৈ পৰিল । নিউ গুৱাহাটী সমষ্টিটো নতুনকৈ হৈছে আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচন হ'ব । সমষ্টিটোৱে এইবাৰহে প্ৰতিনিধি লাভ কৰিব । সেই বাবে এই প্ৰতিবেদনত বিলুপ্ত হোৱা পূব গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী ইতিহাসৰ কিছু আভাস দাঙি ধৰা হৈছে ।

An overview of the newly formed New Guwahati constituency
সিদ্ধাৰ্থ ভট্টাচাৰ্য (ETV Bharat Assam)

পূব গুৱাহাটী সমষ্টিক ২০১৬ চনৰ পৰা একেলেথাৰীয়ে দুবাৰকৈ প্ৰতিনিধিত্ব কৰি আহিছে বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই । ২০১৬ চনৰ নিৰ্বাচনত সিদ্ধাৰ্থ ভট্টাচাৰ্যই কংগ্ৰেছৰ ববিতা শৰ্মাক পৰাজিত কৰিছিল । সিদ্ধাৰ্থ ভট্টাচাৰ্যই ১,২৭,৬০২ টা (৭৮.৪৯ শতাংশ) ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ববিতা শৰ্মাই ৩০,৯৬৫ টা (১৯ শতাংশ) ভোট লাভ কৰিছিল । আনহাতে ২০২১ চনৰ নিৰ্বাচনত সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৰাজিত কৰে কংগ্ৰেছৰ অসীমা বৰদলৈক । সিদ্ধাৰ্থ ভট্টাচাৰ্যই ১,১৩,৪৬১ টা (৬৬ শতাংশ) ভোট লাভ কৰাৰ বিপৰীতে অসীমা বৰদলৈয়ে লাভ কৰে ২৯,৩৬১ টা (১৭ শতাংশ) ভোট ।

An overview of the newly formed New Guwahati constituency
২০২১ চনৰ নিৰ্বাচনৰ ফলাফল (ETV Bharat Assam GFX)

নিৰ্বাচনী ইতিহাসৰ পৰা চালে পূব গুৱাহাটী সমষ্টিত প্ৰতিষ্ঠাৰ পাছতে ১৯৬৭ চনত কংগ্ৰেছৰ হৈ মহেন্দ্ৰ মোহন চৌধুৰী প্ৰথম বিধায়ক হৈছিল । ইয়াৰ পিছত ১৯৭৩ চনত কংগ্ৰেছৰ অতুল চন্দ্ৰ শইকীয়া, ১৯৭৮ চনত জনতা পাৰ্টীৰ অজয় কুমাৰ দত্ত, ১৯৮৩ চনত কংগ্ৰেছৰ মুনীন শৰ্মা, ১৯৮৫ চনত অসম গণ পৰিষদৰ বিৰাজ কুমাৰ শৰ্মা, ১৯৯১ চনত কংগ্ৰেছৰ চিত্তৰঞ্জন পাটোৱাৰী, ১৯৯৬ চনত অসম গণ পৰিষদৰ বিৰাজ কুমাৰ শৰ্মা, ২০০১ চনত কংগ্ৰেছৰ পংকজ বৰা, ২০০৬ চনত কংগ্ৰেছৰ ৰবীন বৰদলৈ আৰু ২০১১ চনত পুনৰ ৰবীন বৰদলৈয়ে সমষ্টিটোৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল ।

An overview of the newly formed New Guwahati constituency
বৰ্তমানলৈ বিধায়কসকল (ETV Bharat Assam GFX)

নগৰীয়া সমষ্টিটোত কোনেও দুবাৰৰ বেছি প্ৰতিনিধিত্ব কৰিব পৰা নাই । পূব গুৱাহাটী সমষ্টিৰ বিলুপ্তিৰ পাছত নতুনকৈ হোৱা নিউ গুৱাহাটী সমষ্টিত এইবাৰ কোনে প্ৰতিনিধিত্ব কৰিব সেয়া সময়েহে ক'ব । ইতিমধ্যে প্ৰাৰ্থিত্ব লাভৰ বাবে বহু নেতাই সমষ্টিটোত কুচ-কাৱাজ আৰম্ভ কৰিছে ।

An overview of the newly formed New Guwahati constituency
মহেন্দ্ৰ মোহন চৌধুৰী প্ৰথম বিধায়ক (ETV Bharat Assam)

লগতে পঢ়ক: ভোটাৰে কি কয়: খোৱাং সমষ্টিত বিকাশ হ’ল নে উন্নয়নৰ চকা থমকিল ? এইবাৰ চক্ৰবেহুত সোমাব নেকি চক্ৰ গগৈ ?

শাসকীয় শিবিৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ: শিৱসাগৰ সমষ্টিত তৎপৰ বহুজন, বিচাৰিছে মিত্রদল অগপয়ো