বিধানসভা বৃত্তান্ত : জানো আহক জোনাই বিধানসভা সমষ্টিক
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে এই বছৰতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । কিদৰে সলনি হৈছে জোনাই বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট ? এক প্ৰতিবেদন ।

Published : January 10, 2026 at 7:17 PM IST
জোনাই: ৰাজ্যত সমাগত ২০২৬ বিধানসভা নিৰ্বাচন । ৰাজ্যখনৰ সমষ্টি নিৰ্ধাৰণ পিছত অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই বিধানসভা সমষ্টিটোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰাৰ বাবে সাজু । জোনাই সমষ্টিৰ পৰা পৃথকে চিচিবৰগাঁও সমষ্টি গঠিত হ'ল । ৰাজ্যখনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে ১২৬ টা আছে । অৱশ্যে নতুন সমষ্টি নিৰ্ধাৰণ কৰাৰ বিপৰীতে পুৰণা সমষ্টি কিছুমান বিলুপ্ত হৈ পৰিল ।
জোনাই বিধানসভা সমষ্টি:
পূৰ্বতে ১১৪ নং জোনাই বিধানসভা সমষ্টি হিচাপে আছিল । সমষ্টি নিৰ্ধাৰণৰ পিছত ৮০ নং জোনাই বিধানসভা সমষ্টি হিচাপে নিৰ্ধাৰণ হ'ল । ৮০ নং জোনাই বিধানসভা সমষ্টি চিলাপথাৰ, চেঙাজান ঘাট, ডিমৌ, চিমেন চাপৰিৰ পৰা অসম অৰুণাচল সীমান্ত ঐৰামঘাট অংশ সামৰি লৈছে আৰু সমষ্টিটোত বিভিন্ন জাতি-জনগোষ্ঠীৰ ভোটাৰক সামৰি লৈছে যদিও মিছিং জনগোষ্ঠীৰ ভোটাৰ সংখ্যা অধিক ।
জোনাই সমষ্টি পূৰ্বতে ধেমাজি জিলা জোনাই মহকুমাত অন্তৰ্গত আছিল । ৪ অক্টোবৰ ২০২৪ চনৰ জোনাইক সমজিলা হিচাপে ঘোষণা কৰা পিছৰ পৰা বৰ্তমান জোনাই সমষ্টি জোনাই সমজিলাত অন্তৰ্গত হয় । জোনাই সমষ্টিটো বৰ্তমান বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন পেগুৱে প্ৰতিনিধিত্ব কৰি আছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জোনাই বিধানসভা সমষ্টি:
ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জোনাই সমষ্টিৰ সীমাৰ সালসলনি ঘটে । চিলাপথাৰত নগৰৰ পৰা বহু অঞ্চলৰ লগতে চিচিবৰ গাঁও উন্নয়ন খণ্ডৰ ১৭ টা পঞ্চায়তৰ প্ৰায় সংখ্যক পঞ্চায়ত চিচিবৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হ'ল । বৰ্তমান জোনাই সমষ্টিত ৪ খন জিলা পৰিষদ, ২৪ খন গাঁও পঞ্চায়ত আৰু ২৪০ টা ৱাৰ্ডেৰে গঠিত ।
পূৰ্বতে জোনাই সমষ্টিত মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ খন গাঁও পঞ্চায়ত আৰু চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭ খন গাঁও পঞ্চায়ত মুঠ ৩২ খন গাঁও পঞ্চায়ত আছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জোনাই সমষ্টিত মূৰ্কংচেলেক উন্নয়ন খণ্ড আৰু নতুনকৈ গঠিত চিচি টাঙনী উন্নয়ন খণ্ডত ২৪ খন গাঁও পঞ্চায়তক লৈ ৮০ নং জোনাই সমষ্টি গঠিত । পূৰ্বতকৈ হ্ৰাস পালে গাঁও পঞ্চায়তৰ সংখ্যা ।
জিলা পৰিষদসমূহ:
- পূৱ জোনাই জিলা পৰিষদ
- মধ্য জোনাই জিলা পৰিষদ
- পশ্চিম জোনাই জিলা পৰিষদ
- চিমেন চিচি টাঙনী জিলা পৰিষদ
পঞ্চায়ত সমূহ:
- পূব জোনাই জিলা পৰিষদৰ অন্তৰ্গত পাঁচখন গাঁও পঞ্চায়ত হ'ল:
- কেমি জেলম গাঁও পঞ্চায়ত
- জোনাই বজাৰ গাঁও পঞ্চায়ত
- চিলে গাঁও পঞ্চায়ত
- বাহিৰ জোনাই গাঁও পঞ্চায়ত
- ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়ত
- মধ্য জোনাই জিলা পৰিষদৰ অন্তৰ্গত ছয়খন গাঁও পঞ্চায়ত হ'ল:
- গালী চিকাৰী গাঁও পঞ্চাযয়ত
- ৰাজাখানা গাঁও পঞ্চাযয়ত
- চিগা গাঁও পঞ্চায়য়ত
- ৰামধন গাঁও পঞ্চায়ত
- লাইমেকুৰী গাঁও পঞ্চায়ত
- তেলাম গাঁও পঞ্চায়ত
- পশ্চিম জোনাই জিলা পৰিষদৰ অন্তৰ্গত ছয়খন গাঁও পঞ্চায়ত হ'ল:
- ডেকাপাম গাঁও পঞ্চায়ত
- মিছামৰা গাঁও পঞ্চায়ত
- চমকং গাঁও পঞ্চায়ত
- চিমেন চাপৰি গাঁও পঞ্চায়ত
- ডিমৌ গাঁও পঞ্চায়ত
- চেঙাজান গাঁও পঞ্চায়ত
- চিমেন চিচি টাঙনী জিলা পৰিষদৰ অন্তৰ্গত সাতখন গাঁও পঞ্চায়ত হ'ল:
- অকাজন গাঁও পঞ্চায়ত
- বুঢ়িসুঁতি গাঁও পঞ্চায়ত
- মুক্তিয়াৰ গাঁও পঞ্চায়ত
- চিমেমুখ গাঁও পঞ্চায়ত
- কুলাজান গাঁও পঞ্চায়ত
- মধ্য চিচিটঙানী গাঁও পঞ্চায়ত
- নামনি চিচি টঙানী গাঁও পঞ্চায়ত
জোনাই সমষ্টিৰ ভোটাৰ:
বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে যাবতীয় সকলো প্ৰস্তুতি আৰম্ভ কৰিছে । জোনাই সমষ্টিত ২৮২ টা ভোট কেন্দ্ৰত, পুৰুষ ভোটাৰ ১,১১,৩৯৪ গৰাকী, মহিলা ভোটাৰ ১,১২,৩৩৩ গৰাকী । মুঠ ভোটাৰ সংখ্যা ২,২৩, ৭৩১ গৰাকী ইয়াৰে চাকৰিয়াল ২০২ গৰাকী । সমষ্টিটোত মহিলা ভোটাৰৰ সংখ্যা অধিক হিচাপে বিবেচিত হৈছে ।

জোনাই সমষ্টিৰ নিৰ্বাচনী ৰূপৰেখা:
জোনাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিজেপি মিত্ৰজোঁটৰ ভূৱন পেগুৱে ২০১৬ চনৰ পৰা একেলেঠাৰীয়ে জোনাই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে । ২০২১ৰ নিৰ্বাচনত ভূৱন পেগুৱে ১,৬৮,৪১১ টা ভোট লাভ কৰি জয়ী হৈছিল । ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ হেমহৰি প্ৰসন্ন পেগুৱে ৫৭,৪২৪ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল আৰু অসম জাতীয় পৰিষদৰ ফণীৰাম টায়েঙে ৭,৭২৬ টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল ।

আনহাতে ২০১৬ চনৰ নিৰ্বাচনত ভূৱন পেগুৱে গণশক্তি দলৰ প্ৰাৰ্থী হৈ ৮৮,৪৪১ টা ভোট লাভ জয়ী হৈছিল । আনহাতে বিজেপিৰ দলৰ নেতা অশ্বিনী পাইটে ৩৯,১৪৮ ভোট লাভ কৰি পৰাস্ত হয় । ইফালে বিজেপিৰ দল পৰিত্যাগ কৰি নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰা সথ বসুমতাৰীয়ে ৩৩,২৬৫ টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল । সেই সময়ত কংগ্ৰেছ দলৰ সুশীল পেগুৱে ৩০,৮৯০ টা ভোট চতুৰ্থ স্থানত আছিল ।
জোনাই সমষ্টিৰ নিৰ্বাচনী ইতিহাস:
নিৰ্বাচনী ইতিহাসৰ পৰা চালে জোনাই সমষ্টিত কংগ্ৰেছ আৰু অগপই ১৯৭৮ পৰা ধৰি ২০০৬ চনলৈ দখল কৰি আহিছে । তাৰ মাজতে ২০০৬ পৰা ২০১১ চনলৈ গণশক্তি (নিৰ্দলীয়) প্ৰাৰ্থী হিচাপে জয়ী হৈছিল ভূৱন পেগুৱে । ইয়াৰ পিছত পুনৰ ২০১১ ৰ পৰা ২০১৬ চনলৈ কংগ্ৰেছ দলৰ পৰা জয়ী হয় জোনাই সমষ্টিত প্ৰদান বৰুৱাই । আনহাতে পুনৰ ২০১৬ চনৰ পৰা ২০২৫ লৈকে দুটা কাৰ্যকালত বৰ্তমানৰ বিধায়ক ভূৱন পেগুৱে জোনাই সমষ্টিটোত প্ৰতিনিধিত্ব কৰি আহিছে ।

জোনাই বিধানসভা সমষ্টিৰ পূৰ্বৰ প্ৰতিনিধিসকল:

- ১৯৭৮-১৯৮৩ ৰমেশ মোহন কুলি(জনতা পাৰ্টী)
- ১৯৮৩-১৯৮৫ পুষ্পধৰ পেগু (কংগ্ৰেছ)
- ১৯৮৫-১৯৯১ ফণীৰাম টায়েং(অগপ)
- ১৯৯১-১৯৯৬ গমেশ্বৰ পেগু(কংগ্ৰেছ)
- ১৯৯৬-২০০১ প্ৰদান বৰুৱা(অগপ)
- ২০০১-২০০৬ প্ৰদান বৰুৱা(কংগ্ৰেছ)
- ২০০৬-২০১১ ভূৱন পেগু (গণশক্তি)
- ২০১১-২০১৬ প্ৰদান বৰুৱা(কংগ্ৰেছ)
- ২০১৬-২০২১ ভূৱন পেগু(গণশক্তি)নিৰ্দলীয়
- ২০২১ৰ পৰা বৰ্তমান লৈকে বিজেপি মিত্ৰজোঁটৰ ভূৱন পেগুৱে প্ৰতিনিধিত্ব কৰি আছে ।

