ETV Bharat / politics

বিধানসভা বৃত্তান্ত: জানো আহক বৰপেটা বিধানসভা সমষ্টিক

ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ এই বছৰতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । কিদৰে সলনি হৈছে বৰপেটা বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট ? এক প্ৰতিবেদন ।

An overview of Barpeta assembly constituency after delimitation
জানো আহক বৰপেটা বিধানসভা সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 2:38 PM IST

4 Min Read
Choose ETV Bharat

বৰপেটা : ২০২৬ চনটোৰ যিমানে দিন বাগৰিছে সিমানে বাঢ়ি আহিছে নিৰ্বাচনী উৎসুকতা । এনে সময়তে আমি লুটিয়াই চাইছোঁ কিছু বিশেষ সমষ্টিৰ বিশেষ পৃষ্ঠা । ৰাজ্যৰ অন্যান্য সমষ্টিসমূহৰ দৰে বৰপেটা জিলাৰ বৰপেটা বিধানসভা সমষ্টিটো এটা গুৰুত্বপুৰ্ণ সমষ্টি ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মভূমি অন্তৰ্ভুক্ত হৈ থকা বৰপেটা সমষ্টিত স্বাধীনতাৰ পিছৰ পৰা বিভিন্ন দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে ৷

বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰ অধ্যুষিত সমষ্টি হ'ল বৰপেটা সমষ্টি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা সমষ্টিৰ ৰেহৰূপ তথা জনগাঁথনি সলনি হৈ পৰিছে ৷ স্বাধীনতাৰ পিছৰে পৰা বৰপেটা বিধানসভা সমষ্টিয়ে অসমৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে ।

An overview of Barpeta assembly constituency after delimitation
বৰপেটা সত্ৰ (ETV Bharat Assam)

১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সুৰেন্দ্ৰ নাথ দাসে এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বৰপেটাত ৰাজনৈতিক পৰিৱর্তনৰ দীঘল যাত্ৰা আৰম্ভ হয় ।

An overview of Barpeta assembly constituency after delimitation
ইছমাইল হুছেইন (ETV Bharat Assam)

১৯৫২-২০২১ চনলৈ বৰপেটা বিধানসভা সমষ্টিৰ বিধায়কসকল হ'ল:

An overview of Barpeta assembly constituency after delimitation
১৯৫২-২০২১ চনলৈ বৰপেটা বিধানসভা সমষ্টিৰ বিধায়কসকল (ETV Bharat Assam GFX)
  • ১৯৫২-সুৰেন্দ্ৰ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ১৯৫৭-মহাদেৱ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ১৯৫৭-শ্ৰীহৰি দাস, পিএছপি (উপ-নিৰ্বাচন)
  • ১৯৬২-মধুসূদন দাস, পিএছপি
  • ১৯৬৭-সুৰেন্দ্ৰ নাথ দাস, পিএছপি
  • ১৯৭২-সুৰেন্দ্ৰ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ১৯৭৮-এ. লতিফ, নিৰ্দলীয়
  • ১৯৮৩-ইছমাইল হুছেইন, নিৰ্দলীয়
  • ১৯৮৫-কুমাৰ দীপক দাস, নিৰ্দলীয়
  • ১৯৯১-ইছমাইল হুছেইন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ১৯৯৬-ইছমাইল হুছেইন, অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ
  • ২০০১-ইছমাইল হুছেইন, ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ২০০৬-গুণীন্দ্ৰ নাথ দাস, অসম গণ পৰিষদ
  • ২০১১-আব্দুৰ ৰহিম খান, অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট
  • ২০১৬-গুণীন্দ্ৰ নাথ দাস, অসম গণ পৰিষদ
  • ২০২১-আব্দুৰ ৰহিম আহমেদ, ভাৰতীয় জাতীয় কংগ্ৰেছ

৫০ দশক আৰু ৬০ৰ দশকত কংগ্ৰেছৰ লগতে প্ৰজা সমাজবাদী পাৰ্টীৰ শক্তিশালী উপস্থিতি দেখা গৈছিল । মহাদেৱ দাস, শ্ৰীহৰি দাস আৰু মধুসূদন দাসৰ দৰে নেতাসকলে সেই সময়ছোৱাত সমষ্টিটোৰ নেতৃত্ব দিছিল । ১৯৭২ চনত পুনৰ কংগ্ৰেছৰ সুৰেন্দ্ৰ নাথ দাসে বৰপেটাত জয় সাব্যস্ত কৰে ।

An overview of Barpeta assembly constituency after delimitation
বৰপেটা সমষ্টিত কেইটা ৱাৰ্ড (ETV Bharat Assam GFX)

তাৰ পিছত ১৯৭৮, ১৯৮৩ আৰু ১৯৮৫ চনত স্বতন্ত্ৰ প্ৰাৰ্থীসকলৰ জয়েই সমষ্টিটোৰ ৰাজনৈতিক দিশত এক উল্লেখযোগ্য পৰিৱর্তন সূচায় । এই সময়ছোৱাত এ. লতিফ, ইছমাইল হুছেইন আৰু কুমাৰ দীপক দাস বিধায়ক হিচাপে নিৰ্বাচিত হয় । নব্বৈৰ দশক আৰু দুই হাজাৰ চনৰ আৰম্ভণিত ইছমাইল হুছেইনে কংগ্ৰেছ আৰু পিছত অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (তিৱাৰী)ৰ পৰা একাধিকবাৰ জয় লাভ কৰে । ২০০৬ চনত অসম গণ পৰিষদৰ গুণীন্দ্ৰ নাথ দাসে জয়ী হৈ সমষ্টিটোত আঞ্চলিক ৰাজনীতিৰ প্ৰভাৱ দৃঢ় কৰে ।

An overview of Barpeta assembly constituency after delimitation
আব্দুৰ ৰহিম আহমেদ (ETV Bharat Assam)

২০১১ চনত AIUDFৰ আব্দুৰ ৰহিম খানে জয় লাভ কৰাৰ পিছত ২০১৬ চনত পুনৰ AGPৰ গুণীন্দ্ৰ নাথ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হয় । সাম্প্ৰতিকভাৱে, ২০২১ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদে জয় সাব্যস্ত কৰে । এইদৰে, বৰপেটা বিধানসভা সমষ্টিয়ে কংগ্ৰেছ, সমাজবাদী দল, স্বতন্ত্ৰ প্ৰাৰ্থী, আঞ্চলিক দল আৰু AIUDFৰ মাজেৰে অগ্ৰসৰ হৈ অসমৰ ৰাজনৈতিক ইতিহাসত এক বিশেষ অধ্যায় ৰচনা কৰি আহিছে ।

An overview of Barpeta assembly constituency after delimitation
গুণীন্দ্ৰ নাথ দাস (ETV Bharat Assam)

ভৌগোলিক পৰিসীমা:

বৰপেটা সমষ্টিটোৰ পূবে চেঙা সমষ্টি, পশ্চিমে মন্দিয়া আৰু পাকাবেতবাৰী সমষ্টি, উত্তৰে পাকাবেতবাৰী সমষ্টি আৰু দক্ষিণে মন্দিয়া সমষ্টি আছে ৷ ৪৩ নং বৰপেটা সমষ্টিটোত ২০২১ চনত ভোটাৰৰ সংখ্যা আছিল ২,০৮,৯৫৭ জন ৷ ২০২১ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে ১,১১,০৩৮ টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসে লাভ কৰিছিল, ৬৬,৩৬৪ টা ভোট ৷ ভোটৰ ব্যৱধান আছিল ৪৪,৬৭৪ টা ৷

An overview of Barpeta assembly constituency after delimitation
আব্দুৰ ৰহিম খান (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা সমষ্টিটো হয় অনুসুচিত জনজাতিৰ বাবে সংৰক্ষিত ২৪ নং বৰপেটা সমষ্টি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা সমষ্টিৰ ভৌগোলিক পৰিসীমাৰ লগতে জনগাঁথনি আৰু জনসংখ্যাৰ ব্যাপক সালসলনি হয় ৷ ইয়াৰ প্ৰভাৱ নিৰ্বাচনতো পৰাতো নিশ্চিত হৈছে । সমষ্টিটোত পূৰ্বে ধৰ্মীয় সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল যদিও নতুন সীমা নিৰ্ধাৰণত এই জনগাঁথনি সম্পূৰ্ণ বিপৰীত হৈ পৰিছে ।‌

An overview of Barpeta assembly constituency after delimitation
বৰপেটা সমষ্টিৰ মুঠ ভোটাৰ (ETV Bharat Assam GFX)

২০২৬ চনৰ বৰপেটা সমষ্টিৰ আনুমানিক ভোটাৰৰ সংখ্যা ১,৭০,৭৩৫ জন ইয়াৰে পুৰুষ ভোটাৰ ৮৫,৮৮১ জন, মহিলা ভোটৰ ৮৪,৮৫১ জন আৰু তৃতীয় লিংগৰ ৩ জন ভোটাৰ আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২৪ নং বৰপেটা সমষ্টিৰ অন্তৰ্গত বৰপেটা পৌৰসভাত ২২টা ৱাৰ্ড আৰু সৰ্থেবাৰী পৌৰসভাত ১০ টা ৱাৰ্ড আছে ৷

An overview of Barpeta assembly constituency after delimitation
কুমাৰ দীপক দাস (ETV Bharat Assam)

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত: জানো আহক তেজপুৰ সমষ্টিক

বিধানসভা বৃত্তান্ত: জানো আহক নৱগঠিত ৰূপহীহাট বিধানসভা সমষ্টিক