বিধানসভা বৃত্তান্ত : বৰছলা বিধানসভা সমষ্টিক জানো আহক
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে এই বছৰতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । কিদৰে সলনি হৈছে বৰছলা বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট? এক প্ৰতিবেদন ।

Published : January 10, 2026 at 9:23 PM IST
তেজপুৰ : সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ সমষ্টি পুনৰ নিৰ্ধানৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ'ব । শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত অন্য়তম হৈছে বৰছলা সমষ্টি । স্বাধীনতাৰ পিছত বৰছলা বিধানসভা সমষ্টি ঢেকীয়াজুলি দক্ষিণ সমষ্টি হিচাবে আছিল । সেই সময়ত বৰছলা আৰু মিছামাৰী অঞ্চল সামৰি আছিল এই বিধানসভা সমষ্টিটো ।
বৰছলা বিধানসভা সমষ্টি ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি । এই সমষ্টিটোৰ বিধানসভাৰ আসন সংৰক্ষিত সাধাৰণ শ্ৰেণীৰ বাবে । বৰছলা সমষ্টি শোণিতপুৰ জিলাৰ অন্তৰ্গত । তেজপুৰ লোকসভা সমষ্টিৰ ৯টা বিধানসভা খণ্ডৰ এইটো এটা সমষ্টি ।
পুনৰ নিৰ্ধাৰণৰ পিছত :
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত বৰছলা সমষ্টিৰ প্ৰায় ৭খন পঞ্চায়ত ঢেকীয়াজুলি সমষ্টিৰ পৰা বৰছলাত অন্তৰ্ভুক্ত হৈছে । পূৰ্বৰ জীয়াগাভৰু, মিছামাৰী, গৰুবন্ধা, বাঘজোৰা, গড়মৰা, কেহেৰুখণ্ডা আৰু ঘগৰা পঞ্চায়ত ঢেকীয়াজুলিৰ পৰা বৰ্তমান সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বৰছলা সমষ্টিত অন্তৰ্ভুক্ত হয় । সমষ্টিটোত মুঠ ২২খন পঞ্চায়ত আছে ।
জনসংখ্যাৰ বিৱৰণ :
২০১৯ লোকসভা নিৰ্বাচনৰ নির্বাচনী তথ্য অনুসৰি ভোটাৰ জনসংখ্যাৰ আনুমানিক গঠন প্ৰায় এনেধৰণৰ-
অনুসূচিত জাতিৰ ভোটাৰ: প্ৰায় ২০,০০০-২৫,০০০ গৰাকী
অনুসূচিত জনজাতিৰ ভোটাৰ: প্ৰায় ৮,০০০-১০,০০০গৰাকী
মুছলমান ভোটাৰ: প্ৰায় ৩৫,০০০- ৪০,০০০গৰাকী
গ্ৰাম্য ভোটাৰ: প্ৰায় ১,৩০,০০০ - ১,৩৫,০০০গৰাকী
নগৰীয়া ভোটাৰ: প্ৰায় ২৫,০০০ -৩০,০০০ গৰাকী

ভোটাৰৰ সংখ্যা :
বিশেষ পুনৰীক্ষণ (Special Revision–SR) প্ৰক্ৰিয়াৰ অন্তৰ্গত ৬৬ নং বৰছলা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ আছে ২৫১টা । মুঠ ভোটাৰৰ সংখ্য়া হৈছে ১,৯৫,৭৪৪ গৰাকী । বৰ্তমান নতুনকৈ ভোটাৰ সংযোজন হৈছে ৪,৪৯৫ গৰাকী । ইয়াৰ ভিতৰত নাম কৰ্তন হৈছে ২,৯০৮ গৰাকীৰ । মুঠ বৃদ্ধি হোৱা ভোটাৰৰ সংখ্যা ১,৫৮৭ গৰাকী । এই সংখ্যাৰ সম্পূৰ্ণ বিৱৰণ ফেব্ৰুৱাৰীত প্ৰকাশ পাব ।
পূৰ্বতে সমষ্টিটোত ৯৫,৪০৩ জন পুৰুষ ভোটাৰৰ বিপৰীতে ৯৫,৫৯৭ গৰাকী মহিলা ভোটাৰ । মুঠ ১,৯১,০০০ ভোটাৰ আছিল যদিও এছ আৰৰ জৰিয়তে নতুন ভোটাৰ অন্তৰ্ভুক্ত আৰু কৰ্তন কৰি বৰ্তমান ১,৯৫,৭৪৪ গৰাকী ভোটাৰৰ সংখ্যা হৈছেগৈ ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভোটদানৰ হাৰ আছিল ৭৯.২৯% আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ ভোটদানৰ হাৰ ৮৩.০৮% আছিল । সমষ্টিটোত মুঠ ২২খন পঞ্চায়ত আছে ।
সমষ্টিৰ বিৱৰণ :
বৰছলা বিধানসভা সমষ্টি মূলতঃ গ্ৰাম্য বসতি প্ৰধান যদিও কিছুমান নগৰীয়া ভোটাৰো আছে । সামাজিক আৰু জনসংখ্যাগত দৃষ্টিকোণৰ পৰা এই সমষ্টিটোৱে তেজপুৰ লোকসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । স্থানীয় ব্যক্তি পংকজ বৰাৰ মতে, স্বাধীনতাৰ পিছত বৰচলা বিধানসভা সমষ্টি ঢেকীয়াজুলি দক্ষিণ, বৰচলা আৰু মিচামাৰী অঞ্চল সামৰি আছিল । এই বিধানসভা সমষ্টিটো ১৯৫২–১৯৭৮ আৰু ১৯৫২–১৯৫৭ লৈকে ঢেকীয়াজুলি দক্ষিণ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল ।

বিধায়কৰ তালিকা :
সমষ্টিটোত ১৯৫২ চনত মুহিকান্ত দাস (কংগ্ৰেছ), ১৯৫৭ চনত মুহিকান্ত দাস (কংগ্ৰেছ) ১৯৬২ চনত মুহিকান্ত দাস ( কংগ্ৰেছ ) মিছামাৰী বিধানসভা সমষ্টি (১৯৬৭–১৯৭৮) ১৯৬৭ চনত মুহিকান্ত দাস (কংগ্ৰেছ), ১৯৭২চনত বিজয় চন্দ্ৰ শৰ্মা (কংগ্ৰেছ), ১৯৭৮ চনত কমল চন্দ্ৰ বসুমাতাৰী (প্লেইন ট্ৰাইবেলছ কাউন্সিল অৱ অসম), ১৯৮৫চনত প্ৰফুল্ল গোস্বামী (অসম গণ পৰিষদ), ১৯৯১ চনত ৰুদ্ৰ পৰাজুলী ( কংগ্ৰেছ), ১৯৯৬ চনত প্ৰফুল্ল গোস্বামী (অসম গণ পৰিষদ), ২০০১ চনত টংক বাহাদুৰ ৰায় (কংগ্ৰেছ), ২০০৬ চনত টংক বাহাদুৰ ৰায় (কংগ্ৰেছ), ২০১১ চনত টংক বাহাদুৰ ৰায় (কংগ্ৰেছ) ২০১৬ চনত গণেশ কুমাৰ লিম্বু (বিজেপি), ২০২১ চনত গণেশ কুমাৰ লিম্বু (বিজেপি)ই বৰ্তমানলৈ বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে ।

সমষ্টিটোত অধিক সময় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধীনত আছিল । সৰ্বাধিক সময় বিধায়ক আছিল প্ৰাক্তন বিধায়ক, মন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষ টংক বাহাদুৰ ৰায় । তেওঁ ১৫ বছৰ সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰিছিল । আনহাতে মুহিকান্ত দাসে ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈ বিধায়ক হিচাবে চাৰিবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল ।





