কংগ্ৰেছৰ পৰা ফোন অহাৰ আশাত বন্দী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ
কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে বুলি বিশ্বাস ৰাইজৰ দলৰ । বিশ্বাসঘাতকতা মানেই উজনিত এখনো আসন নাপাব কংগ্ৰেছে ।

Published : February 24, 2026 at 10:45 AM IST
কাজিৰঙা: "যদি কংগ্ৰেছে আমাৰ স’তে বিশ্বাসঘাতকতা কৰে তেন্তে কেৱল আমাৰ প্ৰতি নহয়, অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা কৰা হ’ব ৷ সংবাদ মাধ্যমত 'কংগ্ৰেছে আমাক এৰি লুৰীণজ্যোতি আৰু জন ইংতি কাথাৰক লৈ নিৰ্বাচন খেলিব, ৰাইজৰ দলক এৰি দিব' এইবুলি ওলাইছে যদিও মই বিশ্বাস কৰা নাই ৷" বিৰোধী ঐক্য়ৰে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে মন্তব্য় কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।
কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে :
ৰাইজৰ দলক বাদ দি আন বিৰোধী দলক আসন এৰি দিয়া বুলি সংবাদ মাধ্য়মত বাতৰি প্ৰকাশ পোৱাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক গগৈয়ে । সোমবাৰে কাজিৰঙাত সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, "মই নাভাবো যে কংগ্ৰেছে এই বিশ্বাসঘাতকতা কৰিব ৷ মই নাভাবো যে অসমৰ ৰাইজে কংগ্ৰেছক এই কাম কৰিবলৈ দিব ৷ কংগ্ৰেছক অসম জাতীয় পৰিষদ, চিপিআই, চিপিএম, চিপিইএমএল আৰু এপিএইছএলচিয়ে এই কাম কৰিবলৈ দিব বুলি নাভাবো ৷"
উজনিত এখনো আসন নাপাব :
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, "মই নাভাবো যে কংগ্ৰেছৰ ভিতৰৰ যিসকল কৰ্মী, যিসকলে প্ৰকৃত পৰিৱৰ্তনৰ কাৰণে ৰৈ আছে সকলোৱে জানে যে আমাক এৰি থৈ গ’লে উজনিত এখনো আসন জিকাৰ সম্ভাৱনা নহ’ব ৷ আমাক যদি এৰি থৈ যায়,বিশ্বাসঘাতকতা কৰে তেতিয়া আমিও নিৰ্বাচন খেলিব লাগিব ৷" তেতিয়া কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে ৷ গগৈয়ে কয়," কংগ্ৰেছে এনেকুৱা খৰতকীয়া আৰু হঠকাৰী সিদ্ধান্ত ল’ব বুলি মই নাভাবো ৷"
সংবাদমাধ্যমৰ আগত গগৈয়ে পুনৰ কয় ,"এই সময়ত অসমৰ সকলো সচেতন মানুহ, বুদ্ধিজীৱী সমাজ, অসমীয়া মানুহ যিসকলৰ অলপ হ’লেও চেতনা আছে, প্ৰত্যেকজন নাগৰিকে বিচাৰে যে সকলো বিৰোধী দল একলগ হৈ খেলক ৷ সেই সময়ত আমাৰ মাজত আলোচনা চলি থকা অৱস্থাত কংগ্ৰেছে কেতিয়াও আনকেইটা দলৰ লগত বুজাবুজি কৰি ৰাইজৰ দলক এৰি দিব এনেকুৱা কথা মই বিশ্বাস নকৰো ৷"
বিৰোধী দলে বিৰোধিতা কৰিছে :
অৱশ্যে গগৈয়ে কয় ,"এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা কোনোবা দলক কৈছিলে যে ২৪ তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম; কিন্তু বাকী দলবিলাকে মই জনা মতে আটাইবিলাক দলে বামপন্থী দল, সোঁপন্থী দল, আঞ্চলিকতাবাদী দল সকলো দলে মই জনা মতে ‘অপ’জ’ কৰিছে যে নহয় আমি সকলোৱে একেলগে খেলিম ৷ আনহাতে আমাৰ লগত বেছি সমস্যাও নাই ।"
এবাৰ কথা পাতি দিলেই শেষ হৈ যাব :
মাত্ৰ তিনিটামান সমষ্টিৰ সমস্যা বুলি উল্লেখ কৰি গগৈয়ে কয়, "এবাৰ কথা পাতি দিলেই শেষ হৈ যাব; কিন্তু তাৰ পাছতো যদি কংগ্ৰেছে এনে সিদ্ধান্ত লয়, তেন্তে এয়া ‘ছুইছাইডিয়েল’ বুলি ক’ব লাগিব ৷ নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক’ব লাগিব ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই।" কংগ্ৰেছৰ বেলেগ বেলেগ লোকে ফোন কৰি আছে বুলি উল্লেখ কৰি গগৈয়ে সংবাদমেলত কয়," এতিয়ালৈকে ইতিবাচক কথা কৈ আছে ৷ সেইকাৰণে ময়ো ইতিবাচক কথাই কৈ আছো । "
কংগ্ৰেছৰ বিশ্বাসঘাতকতা :
ইপিনে, কংগ্ৰেছৰ বিশ্বাসঘাতকতা সন্দৰ্ভত ২০২১ চনত আৰু দুবাৰ উপ-নিৰ্বাচনত এনেকুৱা কৰিছে বুলি উল্লেখ কৰি গগৈয়ে লগতে কয়, "মই নাভাবো যে ২০২৬ চনত এনেকুৱা কৰিলে কংগ্ৰেছক ৰাইজে সুদাম এৰিব ৷" ৰাইজৰ দলৰ মাজত কেৱল ১৫খন আসন লোৱাৰ বাবে বিদ্ৰোহ হৈ আছে বুলি উল্লেখ কৰি গগৈয়ে কয়, "বিৰোধী দলবিলাকৰ মাজত ঐক্য হ’ব, মই ঐক্যৰ বাবে ৰৈ আছো, টোপনি ক্ষতি কৰি টেনশ্যনত ৰৈ আছো ৷ আমাৰ দলত ৬৬খন আসনৰ কাৰণে ১৬৫ খন আবেদন কৰিছে । তাৰ পিছতো ১৫ খন আসনত খেলি আমি চব এৰি দিবলৈ লৈছো ৷ ইমানখিনি কৰাৰ পাছত কংগ্ৰেছে যদি আমাক এৰি থৈ নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্য মঞ্চৰ যদি ভাঙোন আনে তেতিয়া কংগ্ৰেছক কোনে মানিব,কোনে ভোট দিব কওক বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে ৷"
কংগ্ৰেছৰ পৰা ফোন আহিব বুলি আশা :
কংগ্ৰেছৰ পৰা ফোন আহিব বুলি আশা প্ৰকাশ কৰি গগৈয়ে কয়,"সেইকাৰণে মই নাভাবো যে কংগ্ৰেছে এনে হঠকাৰী কাম কৰিব আৰু আশাবাদী যে কংগ্ৰেছৰ পৰা ফোন আহিব আৰু আজিৰ ভিতৰতে কংগ্ৰেছৰ লগত বুজাবুজিৰ সিদ্ধান্ত হ’ব ৷"ইপিনে, ৰাইজৰ দলক আঁতৰাই পঠিয়ালে সংখ্যালঘু এলেকাত কংগ্ৰেছ নিৰাপদ নহ’ব বুলিও গগৈয়ে মন্তব্য কৰে ৷
বিজেপিৰ কোন বিধায়কে যোগাযোগ কৰিছে অখিলক ?
ৰাইজৰ দল এতিয়া সৰু পাৰ্টী হৈ থকা নাই বুলি উল্লেখ কৰি গগৈয়ে কয়,"উজনিতো কেইবাজনো বিজেপি বিধায়ক যোগাযোগত আছে ৷ দুজন বিজেপিৰ আৰু এজন অসম গণ পৰিষদৰ বিধায়ক যোগাযোগত আছে । আসন ‘ডিক্লেয়াৰ’ হৈ যোৱাৰ লগে লগে তেওঁলোকে আমাৰ লগত যোগ দিব৷ নামনিতো বহু বিধায়ক যোগাযোগত আছে ৷"

