ETV Bharat / politics

অসম বিধানসভাৰ নিৰ্বাচন ২০২৬: তুংগত অখিল গগৈৰ প্ৰচাৰ অভিযান

শিৱসাগত অখিল গগৈৰ প্ৰচাৰ অভিযান । শিৱসাগৰ বিধানসভা সমষ্টিত তেওঁ জয়যুক্ত হোৱাটো নিশ্চিত বুলি দাবী কৰে ।

Assam Assembly election 2026
অখিল গগৈৰ প্ৰচাৰ অভিযান (Akhil Gogoi's FB post)
author img

By ETV Bharat Assamese Team

Published : March 23, 2026 at 12:19 AM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ : শিৱসাগৰ বিধানসভা সমষ্টিৰ অস্পষ্ট ৰাজনৈতিক প্ৰেক্ষাপটৰ মাজতে অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে । অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ মনোনয়ন দাখিলৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিত ঘনে ঘনে সলনি হৈছে এন ডি এ সমৰ্থিত প্ৰাৰ্থীৰ নাম ।

শুকুবাবৰে মনোনয়ন দাখিলৰ পাছতেই শিৱসাগৰ বিধানসভা সমষ্টিত অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰি দেওবাৰে শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয় । শিৱসাগৰ নগৰস্থিত হিন্দু ধৰ্মসভা নামঘৰত অখিল গগৈৰ উপস্থিতিত লোকে যোগদান কৰে ৰাইজৰ দলত ।

যোগদান কৰা লোকসকলক অখিল গগৈয়ে শপত বাক্য পাঠ কৰোৱাই। যোগদান কাৰ্যসূচীৰ সভাত অখিল গগৈয়ে উপস্থিত ৰাইজৰ সন্মুখত দাঙি ধৰিলে বিগত পাঁচবছৰৰ উন্নয়নৰ খতিয়ান ।

Assam Assembly election 2026
অখিল গগৈৰ প্ৰচাৰ অভিযান (Akhil Gogoi's FB post)

সংবাদ মাধ্যমৰ সমুখত গগৈয়ে কয়, "অংকিতা দত্ত আৰু শৃংখল চলিহাক ৰাইজৰ দলৰ তৰফৰ পৰা টিকট দিয়াৰ চিন্তা কৰা হৈছে । এই সন্দৰ্ভত তেওঁলোকৰ সৈতে আমাৰ কাৰিকৰীগত কথা বতৰা হৈ আছে । কিন্তু এতিয়ালৈকে তেওঁলোকে সিদ্ধান্ত ল'ব পৰা নাই । কাৰিকৰীগত কথা বতৰা তথা কাগজপত্ৰ সম্পূৰ্ণ হ'লেই আমি প্ৰাৰ্থী ঘোষণা কৰিম ।''

শিৱসাগৰ সমষ্টিৰ বিৰোধী প্ৰাৰ্থী কুশল দুৱৰী সন্দৰ্ভত অখিল গগৈয়ে কয়, ''অসমত কুশল দুৱৰী বিখ্যাত কেতবোৰ কুখ্য়াত কামৰ বাবে আৰু মই অসমত সবাটোতকৈ সৰৱ বিধায়ক হিচাপে পৰিচিত । গতিকে ৰাইজে মোকেই আদৰি ল'ব । বিগত পাঁচ বছৰে মই শিৱসাগৰবাসী ৰাইজৰ লগত আছো । গতিকে শিৱসাগৰবাসী ৰাইজে কোনোবা কুশল দুৱৰী নাইবা পূৰ্বৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক আদৰি নলয় ।''

তেওঁ লগতে উল্লেখ কৰি কয়, ''মই বিগত পাঁচ বছৰত একাধিক প্ৰকল্প শিৱসাগৰলৈ আনিলো, সেয়া শিৱসাগৰবাসী ৰাইজে জানে আৰু বহুকেইটা উন্নয়নমূলক কাম-কাজ মই কৰিছো । গতিকে ৰাইজে মোকেই জয়যুক্ত কৰিব ।''

আনহাতে মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, ''কংগ্ৰেছৰ সৈতে মিত্ৰতা অনুসৰি আমাক মাত্ৰ তেৰখন আসন এৰি দিয়া হৈছে । গতিকে অনিচ্ছা স্বত্বেও আমি দলৰ বহুকেইজন জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা নাই । ধৈৰ্য কোঁৱৰ, বাবুল সোণোৱালৰ দৰে আমাৰ দলৰ নেতাক বিজয়ী হ'বলগা সমষ্টিৰ পৰা টিকেট প্ৰদান কৰিব পৰা নাই । তাৰ বাবে তেওঁলোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী ।''

লগতে পঢ়ক :

কংগ্ৰেছৰ সাতজনীয়া অন্তিমখন প্ৰাৰ্থী তালিকা প্ৰকাশ : বিজেপিৰ পৰা আহি টিকট পালে অমৰ চান্দ জৈনে