৪০ লাখ বিদেশীক খেদিবলৈ বিজেপিক অসমখন ঠিকাত দি দিব লাগিব: অখিল গগৈ
বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ । সংবাদমেলযোগে কৰিলে কটু সমালোচনা ।

Published : December 30, 2025 at 3:49 PM IST
কাজিৰঙা: দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ অখিল গগৈ ৷ অসমৰ পৰা বিদেশী অনুপ্ৰৱেশকাৰীক খেদিবলৈ বিজেপিক আৰু পাঁচটা বছৰ দিয়ক বুলি সোমবাৰে অমিত শ্বাহে কৰা বক্তব্যৰ পাছতে মঙলবাৰে কাজিৰঙাত এক সংবাদমেলযোগে বিদেশী খেদা প্ৰসংগত বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক লৈ কেতবোৰ তথ্য উদঙাই অখিল গগৈয়ে কঠোৰ সমালোচনা কৰে ৷
মঙলবাৰে কাজিৰঙাৰ দুৰ্গাপুৰস্থিত অৰ্কিড উদ্যানত আয়োজিত সংবাদমেলত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়,"২০১৬ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ত আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল বিদেশীমুক্ত অসম ৷ বিদেশীমুক্ত, বানপানীমুক্ত, দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা বিজেপিয়ে বাৰম্বাৰ কৈছিল ৷ নৰেন্দ্ৰ মোদীয়ে দেশত তিনিটা কাৰ্যকাল আৰু অসমত বিজেপিয়ে দুটা কাৰ্যকাল চলোৱাৰ পাছত আকৌ বিজেপিয়ে এতিয়া একেটা কেছেটকে বজাইছে । বিজেপিয়ে কৈছে আৰু পাঁচটা বছৰ সময় দিয়ক ৷ এটা এটাকৈ বিদেশী, অনুপ্ৰৱেশকাৰী খেদিম ৷”
বিজেপিয়ে বিগত বছৰকেইটাত কিমান বিদেশী খেদিলে সংবাদমেলতে তাৰ তথ্য দাঙি ধৰি বিধায়ক গগৈয়ে কয়,"বিগত দহটা বছৰত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা বিদেশী কিমান খেদিলে ?" অসম বিধানসভাত কৰা তৰাবিহীন প্ৰশ্ন নং ৫০ ৰ উত্তৰত অসমৰ গৃহমন্ত্ৰীৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩ বৰ্ষৰ ১১ ছেপ্টেম্বৰত এই তথ্যসমূহ দিছিল বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়,"অসমত বিজেপিৰ প্ৰথমটো কাৰ্যকালৰ ২০১৬ চনত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে ৫০৯৬ জন চিনাক্তকৰণ আৰু ১৩ জন বহিস্কাৰ কৰা হয় ৷ তেনেকৈ ২০১৭ চনত ১৫৫৪১ জন চিনাক্ত আৰু ২৬ জনক বহিস্কাৰ, ২০১৮ চনত ২৬৮২৩ জন চিনাক্ত আৰু ৬৫ জনক বহিস্কাৰ, ২০১৯ চনত ২৪২০৯ জনক চিনাক্ত আৰু ৮৭ জনক বহিস্কাৰ কৰাৰ লগতে ২০২০ চনত ৪,৩৫৫ জনক চিনাক্তকৰণ আৰু ৬৯ জনক বহিস্কাৰ কৰা হয় ৷"
"বিজেপিৰ প্ৰথমটো কাৰ্যকালত সৰ্বানন্দ সোণোৱালৰ দিনত মুঠ ৭৬,০২৪ জন বিদেশী চিনাক্তকৰণৰ বিপৰীতে ২৬০ জনক বহিস্কাৰ কৰা হয়" বুলিও তথ্য দাঙি ধৰে অখিল গগৈয়ে ৷ পাঁচ বছৰত ২৬০ জন বিদেশী যদি খেদে তেন্তে এইটো হিচাপত যদি বিদেশী খেদিবলৈ আৰু পাঁচ বছৰ দিওঁ তেতিয়া অসমৰ পৰা কিমান বিদেশী নাইকীয়া হ’ব ? অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত ৪০ লাখ বিদেশী আছে বুলি মাজে মাজে কৈ থকা শুনোঁ ৷ এই ৪০ লাখ বিদেশীক খেদিবৰ কাৰণে বিজেপিক আমি কিমান দিন শাসন কৰিবলৈ দিব লাগিব !" ৪০ লাখ বিদেশী খেদিবলৈ বিজেপিক অসমখন ঠিকাত দি দিব লাগিব বুলিও কটাক্ষ কৰে গগৈয়ে ৷
ইপিনে, বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে ২০২১ চনত বিদেশী চিনাক্তকৰণ ৬৩৯৫ জন আৰু বহিস্কাৰ ৩৩ জন, ২০২২ চনত ৮৪০০ জন আৰু বহিস্কাৰ ৬৩ জন, ২০২৩ চনত ৩,৫২২ জন আৰু বহিস্কাৰ ২৫ জনক কৰা হয় ৷ একেদৰে ২০২৪ চনত ৬১২০ জন আৰু ২০২৫ চনৰ অক্টোবৰ মাহলৈকে ৪২৯০ জন বিদেশী চিনাক্তকৰণৰ বিপৰীতে দুয়োটা বৰ্ষতে ১২৯৫ জনক বহিস্কাৰ কৰা হয় ৷ ২০২৪ আৰু ২০২৫ বৰ্ষৰ তথ্যসমূহ অসম বিধানসভাত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা তৰাচিহ্নিত প্ৰশ্ন নং ৩৮ ৰ জৰিয়তে চলিত ২০২৫ বৰ্ষৰ ২৬ নৱেম্বৰত লাভ কৰা উত্তৰৰ পৰা প্ৰদান কৰা হৈছে বুলিও সংবাদমেলত গগৈয়ে উল্লেখ কৰে ৷
গগৈয়ে কয়,"বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ দিনত উল্লেখিত সময় পৰ্যন্ত ২৮,৭২৪ জন বিদেশী চিনাক্ত কৰাৰ বিপৰীতে মুঠ ১৪১৬জনক বহিস্কাৰ কৰা হৈছে ৷ আনহাতে, বিজেপিৰ ১০ বছৰীয়া শাসন কালত মুঠ বিদেশী চিনাক্তকৰণ ১,০৪,৭৪৮ জন হোৱাৰ বিপৰীতে ১০ টা বছৰৰ শাসন কালত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, এই দুই পুৰুষে বিদেশীৰ বিৰুদ্ধে অনবৰতে গদা ঘূৰাই মুঠ বিদেশী খেদিলে মাত্ৰ ১,৬৭৬ জন ৷"
ইপিনে, অসমত বিজেপি চৰকাৰৰ শাসনৰ বিগত ১০ বছৰত ১৬৭৬ জন বিদেশী খেদাৰ বিপৰীতে ২০০১ চনৰ পৰা ২০১৫ চনলৈ তৰুণ গগৈ চৰকাৰৰ দিনত অসমত ৩৭৩১১ জন বিদেশী চিনাক্তকৰণ কৰা হৈছিল বুলি তথ্য সদৰী কৰি অখিল গগৈয়ে কয়,"সেই ১৫ বছৰত ২৭১৯ গৰাকী বিদেশী বহিস্কাৰ কৰা হৈছিল ৷ এয়াই অসমত বিগত ২৫ বছৰত বিদেশী খেদাৰ হিচাপ ৷"
বিধায়কগৰাকীয়ে পুনৰ কয়,"এতিয়া নিৰ্বাচন অহাৰ লগে লগে বিজেপি আকৌ টেঙা আম লৈ অসমৰ বজাৰলৈ আহি গ’ল ৷ য’ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনে ২০১৪ চনত ঘোষণা কৰিছিলে যে বিজেপি শাসনত অহাৰ লগে লগে এজন এজন বিদেশীয়ে টালি-টোপোলা লৈ ভাগিব লাগিব ৷ গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত কৈ আহিছে অনুপ্ৰৱেশকাৰীক ‘বাচি বাচি’ তেওঁলোকে খেদিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশী খেদাৰ যি ডাঙৰ ভাওনা দেখুৱাই দিয়ে সিমান ডাঙৰ ভাওনা অসমৰ নামঘৰতে হোৱা নাই ৷ চিনেমাও হোৱা নাই ৷"
তেওঁ লগতে কয়,"তেওঁলোকৰ মতে ২০১৬ চনৰ নিৰ্বাচনেই আছিল শৰাইঘাটৰ শেষ ৰণ ৷ সেই ৰণত জিকি যদি বিদেশী খেদিব নোৱাৰে তেন্তে অসমীয়া জাতি শেষ হ’ব বুলি কৈছিল ৷ যোৱা সময়খিনিত অসমীয়া জাতিক খতম কৰিবলৈ দিল্লীয়ে আকৌ মোগলৰ নিচিনা একেই ব্যৱস্থা কৰিলে ৷ এই বিজেপি চৰকাৰে য’ত বিদেশী নেখেদিলে তাত বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে প্ৰবৰ্তন কৰিলে ৷ বাংলাদেশ, আফগানিস্থান আৰু পাকিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা বিদেশী নাগৰিক বিলাকক অসমত বা ভাৰতত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল’লে ৷"
বিজেপি এটা ‘কমপ্লিট উল্টা পাৰ্টী' বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়,"নিৰ্বাচনৰ আগত এওঁলোক গণতান্ত্ৰিক, দেশপ্ৰেমিক, বিদেশী খেদাৰ পক্ষত । কিন্তু নিৰ্বাচনৰ পাছত স্বৈৰাতান্ত্ৰিক, দেশদ্ৰোহী, বিদেশীক ঠাই দিয়াৰ পক্ষত ৷" সংবাদমেলতে গগৈয়ে অসমৰ ৰাইজক কৰযোৰে অনুৰোধ জনাই কয়,"দিল্লীৱালা নেতা, এই গুজৰাটী গেঙৰ নৰেন্দ্ৰ মোদী বা অমিত শ্বাহৰ ওপৰত ভিত্তি কৰি অসমৰ মানুহে কেতিয়াও ভোট দিয়া উচিত নহয় ৷ এওঁলোকে অসমখনক উপনিৱেশ সাজিব খুজিছে ৷ আদানী আৰু আম্বানীৰ কাৰণে সকলো সম্পদ দি দিব খুজিছে ৷"
ইপিনে, হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক সেৱা কৰাৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয়, "তেনে সেৱা আমি নামঘৰতো নকৰোঁ ৷ সেৱা কৰোতে হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰত থকা ৰাজহাড়ডাল নোহোৱা হৈ যোৱা যেন লাগিছিল । এনে লাগিছিল যেন হিমন্ত বিশ্ব শৰ্মা কেঁচুত পৰিণত হৈ গ’ল, ৰাজহাড়ডাল নাই আৰু !"
গগৈয়ে শেষত কয়,"অৰ্থাৎ অসমে ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীক দিল্লীৰ ওচৰত দি দিয়াৰ কাৰণে আজি অসমত আমি বিদেশী খেদিব পৰা নাই ৷ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল ২০২৫ ত শেষ কৰি ২০২৬ ত তেওঁক বিদায় দিব লাগে ৷"

