ETV Bharat / politics

মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ সম্ভাব্য় প্ৰাৰ্থী ঘোষণা; প্ৰদ্যুৎ বৰদলৈয়েও পুত্ৰক অভিষেক ঘটোৱাৰ সম্ভাৱনা !

মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি দিব নে কংগ্ৰেছে ? অখিল গগৈয়ে চলাইছে প্ৰচাৰ ।

Raijor Dal joining meeting in Margherita
মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত ৰাইজৰ দলত দুই শতাধিকৰ যোগদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 1:38 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটো এইবাৰ কংগ্ৰেছে এৰি দিব নে ৰাইজৰ দলক ? কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে একগোট হৈ নিৰ্বাচন খেলিবলৈ আলোচনা চলি থকাৰ মাজতেই অখিল গগৈয়ে ৰাইজৰ দলৰ হৈ এই সমষ্টিটোত ৰাহুল চেত্ৰীক প্ৰক্ষেপ কৰিবলৈ চলাইছে প্ৰচাৰ । আনহাতে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত অভিষেক কৰাৰ মন মেলিছে ।

২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । ইয়াৰ মাজতেই মাৰ্ঘেৰিটাত সোমবাৰে এক দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত ৰাইজৰ দলৰ কৰ্মীসকলৰ সৈতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয় বিধায়কগৰাকী ।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তীব্ৰ ভাষাৰে কটাক্ষ কৰিলে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক । মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ হৈ এইবাৰ নিৰ্বাচনত ৰাহুল চেত্ৰী অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্য়ে ৰাহুল চেত্ৰীয়ে নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে ।

Raijor Dal workers meet in Margherita
মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত ৰাইজৰ দলৰ সভাত অখিল গগৈ (ETV Bharat Assam)

কংগ্ৰেছৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে মাৰ্ঘেৰিটাত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰা সন্দৰ্ভত অখিল গগৈয়ে কয় যে এই বিষয়ত তেওঁ কংগ্ৰেছৰ লগত আলোচনা কৰিব ।

Raijor Dal joining meeting in Margherita
মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত ৰাইজৰ দলৰ সভাত অখিল গগৈ (ETV Bharat Assam)

অখিল গগৈয়ে কয়, "বিৰোধী ঐক্যমঞ্চৰ কোনটো দলে কিমান আসন লাভ কৰিব সেইটো ডাঙৰ কথা নহয়, মুঠতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক পৰাজিত কৰিবই লাগিব । বিৰোধী ঐকমঞ্চত থকা প্ৰতিটো দলৰ এইটোৱেই একমাত্ৰ লক্ষ্য ।" সোমবাৰে ৰাইজৰ দলৰ এই সভাত প্ৰায় দুই শতাধিক লোকে ৰাইজৰ দলৰ নীতি আৰ্দশত বিশ্বাস কৰি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ।

আনহাতে ৰাইজৰ দলৰ সম্ভাৱ্য় প্ৰাৰ্থী তথা দলৰ ৰাজ্যিক সম্পাদক ৰাহুল চেত্ৰীয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁক অকৰ্মণ্য় বিধায়ক আখ্যা দিয়াৰ লগতে বিগত ১০ বছৰে মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত শূন্য কৰ্মফল বুলি কয় । আগন্তুক নিৰ্বাচনত এক ন-উদ্যমেৰে ৰাইজৰ স্বাৰ্থত কাৰ্য সম্পাদন কৰিবলৈ আগবাঢ়ি আহিছে বুলি মন্তব্য় কৰে ৰাহুল চেত্ৰীয়ে ৷

Raijor Dal workers meet in Margherita
মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত ৰাইজৰ দলৰ সভাত অখিল গগৈ (ETV Bharat Assam)

ইপিনে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক ৰেগিং তথা মাৰধৰ কৰাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'বলগা হোৱা ৰাহুল চেত্ৰীক অগন্তুক নিৰ্বাচনত ৰাইজে কিদৰে আদৰি লয় সেয়া লক্ষণীয় হ'ব । ৰাহুল চেত্ৰীক মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰাৰ্থী হিচাপে ঘোষণা কৰা কাৰ্য কংগ্ৰেছ শিবিৰত সমগ্ৰ বিষয়টো কিদৰে বিবেচনা কৰে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত অভিষেক কৰাৰ মন মেলাত কংগ্ৰেছে মাৰ্ঘেৰিটাৰ আসনখন ৰাইজৰ দলক সহজে এৰি দিব নে তাক লৈ ৰাজনৈতিক মহলত চলিছে চৰ্চা ।

লগতে পঢ়ক:মিত্ৰতাৰ মেৰপেচ: কেইখন আসন লাগে ৰাইজৰ দলক ! সেই তালিকা কংগ্ৰেছলৈ আগবঢ়ালে অখিল গগৈয়ে

কংগ্ৰেছে ১০০+ আসনত খেলিলে কেইখন আসন পাব অখিল-লুৰিণৰ দলে ? অসন্তুষ্ট 'মিত্ৰ'