ETV Bharat / politics

জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে আজিলৈকে বিশেষ একো নকৰিলে মুখ্যমন্ত্ৰীয়ে: লুৰীণজ্যোতি গগৈ

অসম জাতীয় পৰিষদৰ সত্যাগ্ৰহ কাৰ্যসূচী । জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি নামিল ৰাজপথত । ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবী ।

AJP protest seeking justice for the murder of Jubeen Garg
অসম জাতীয় পৰিষদৰ সত্যাগ্ৰহ কাৰ্যসূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 5:51 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবীত শুকুৰবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত গণ সত্যাগ্রহৰ আয়োজন কৰা হয় । অসম জাতীয় পৰিষদৰ উদ্যোগত এই গণ সত্যাগ্রহৰ আয়োজন কৰা হৈছিল ।

এই ধৰ্ণাৰ সময়ত প্ৰতিবাদকাৰীসকলে হাতে হাতে ফ্লেগ, বেনাৰ, ফেষ্টুন আদি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি চচলৰ প্ৰতিবাদৰ স্থান উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

অসম জাতীয় পৰিষদৰ সত্যাগ্ৰহ কাৰ্যসূচী (ETV Bharat Assam)

প্ৰতিবাদস্থলীত অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য় কৰি এইদৰে কয়,"মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়কলৈ ৰাজনীতি কৰিছে । নিৰ্বাচনী আচৰণ বিধিলৈ মাত্ৰ ১৫-২০ দিন থকা অৱস্থাত কিয় মুখ্যমন্ত্ৰীয়ে ফাষ্টট্ৰেক আদালতৰ কথা ক’লে । আজিলৈকে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে বিশেষ একো নকৰিলে মুখ্যমন্ত্ৰীয়ে ৷"

তেওঁ লগতে কয়, "২০২৬ত বিৰোধীৰ চৰকাৰ হ’লে সমগ্ৰ বিশ্বৰ ভিতৰত জুবিন ক্ষেত্ৰ দেখনিয়াৰ কৰি গঢ়ি তোলা হ’ব ৷ ফাষ্টট্ৰেক আদালত গঠন কৰিবলৈ চৰকাৰক তিনিমাহ সময় কিয় ল'ব লগা হ’ল ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জুবিন দাৰ ন্যায়ৰ বিষয়টো বিৰোধীয়ে উত্থাপন কৰাৰ ভয়ত ফাষ্টট্ৰেক আদালতৰ কথা ঘোষণা কৰিছে ৷ জুবিন ক্ষেত্ৰত এতিয়া কিহৰ বাবে চৰকাৰী হৰ্ডিঙছ লগাইছে ৷"

ইপিনে বিৰোধী মিত্ৰতা সন্দৰ্ভত নেতাগৰাকীয়ে কয়,"বিৰোধীৰ চৰকাৰ গঠন হলে জুবিন গাৰ্গক ন্যায় দিয়াটো নিশ্চিত ।"

আনহাতে, শদিয়া সমষ্টিত নিৰ্বাচন খেলা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতি গগৈয়ে কয়,"মই সকলো সমষ্টিত খেলিবলৈ সাজু, কিন্তু দলে যি কয় আৰু ৰাইজে যি কয় । ইপিনে মিত্ৰতা সন্দৰ্ভত বিজেপিক উৎখাত কৰিবলৈ হলে সকলো বিৰোধী দলে মিত্ৰতা কৰিব লাগিব । মিত্ৰতা কৰিবলৈ সকলো ৰাজনৈতিক দলক আহ্বান জনাইছোঁ । ৰাইজৰ দলৰ লগত মিত্ৰতা হ'ব বুলি মই আশাবাদী ।"

লগতে পঢ়ক:

অসুৰ-দানৱবোৰ এতিয়া বধ হ'ব লাগে : গৰিমা শইকীয়া গাৰ্গ

বিধানসভা বৃত্তান্ত: জানো আহক ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিক