ETV Bharat / politics

জনজাতিকৰণ প্ৰসংগত বিধানসভাত দাখিল কৰা প্ৰতিবেদন এক প্ৰহসনহে মাথোঁ : লুৰীণজ্যোতি গগৈ

ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ ।

AJP presideny Lurinjyoti Gogoi
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 4:19 PM IST

4 Min Read
Choose ETV Bharat

মৰাণ : অসমৰ ছয় জনগোষ্ঠীৰ দল-সংগঠন আৰু ৰাইজে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে । অৱশেষত যোৱা শনিবাৰে অসম বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ'ল জনজাতিকৰণ সম্পৰ্কীয় প্ৰতিবেদন ।

৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় একাংশ দল-সংগঠন । অসম চৰকাৰৰ এই প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

সোমবাৰে ডিব্ৰুগড়ত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, "বিভিন্ন দল-সংগঠন বা জাতীয় জীৱনৰ আন বহুতো দল সংগঠনেও অতি সৰৱ আৰু শক্তিশালী ভূমিকা পালন কৰি আহিছিল । আমাৰ সকলোৰে স্পষ্ট দৃষ্টিভংগী যে অসমৰ জনজাতিসকলৰ স্বাৰ্থ সুৰক্ষিত কৰি আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আমি দীৰ্ঘদিনৰ পৰা কৰি আহিছো । এই বিষয়টো আমাৰ ফালৰ পৰা বিভিন্ন সময়ত উত্থাপন কৰি আহিছো । ইয়াৰ পিছত চৰকাৰে প্ৰতিবেদন প্ৰস্তুত কৰি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে যেন ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দি দিয়া হ'ল । ইয়াৰ পূৰ্বেও এনে ধৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দিয়া হৈছে; কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা নকৰিলে ।"

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে আৰু কয়, "ভাৰতৰ সংবিধানে জনজাতি ST(P) আৰু ST(H)ক অগ্ৰাধিকাৰ দি আহিছে; কিন্তু অসম চৰকাৰে প্ৰস্তুত কৰা ST(V) নামৰ নতুন শ্ৰেণীটো সাংবিধানিকভাৱে বৈধ হ'ব নে নাই সেই লক্ষণীয় হ'ব । নতুনকৈ আৰম্ভ কৰা ST(V) ত সংৰক্ষণ ব্যৱস্থা কি হ'ব সেই বিষয়ে প্ৰতিবেদনত কোনো ধৰণৰ উল্লেখ নাই । এই বিষয়সমূহ প্ৰতিবেদনত আলোচনা হ'ব লাগিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দহ বছৰ পাৰ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ল । অসমৰ দুজনকৈ মুখ্যমন্ত্ৰী হ'ল । ‌সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোট গঠন কৰা হৈছিল । হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰা হ'ল ; কিন্তু অসমত বিজেপি চৰকাৰৰ দহ বছৰ শেষ হ'বলৈ মাত্ৰ তিনি মাহ থকা সময়ত মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা বিষয়টোত এটা ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে সেই কথা প্ৰমাণ কৰিছে ।"

নিৰ্বাচনৰ প্ৰাকক্ষণত বিধানসভাত দাখিল কৰা প্ৰতিবেদন এক প্ৰহসনহে মাথোঁ বুলি উল্লেখ কৰি অজাপৰ সভাপতিগৰাকীয়ে কয়, "নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ বিজেপি চৰকাৰে প্ৰতিবেদন দাখিল কৰি দায়িত্ব সামৰিব বিচাৰিছে । '২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত অসম ছয় জনগোষ্ঠীক জনজাতি কৰিব নোৱাৰে । কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । জনজাতিকৰণৰ টোপ দি যাতে ভোট ল'ব নোৱাৰে তাৰ বাবে ছয় জনগোষ্ঠীৰ ৰাইজ আৰু দল-সংগঠন সজাগ সচেতন হ'ব লাগে‌ ।"

তেওঁ কয় যে মন্ত্ৰীগোটৰ প্ৰতিবেদনেৰে ছয় জনগোষ্ঠীক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিব বিচাৰিছে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন নিৰ্বাচনী ললীপপ । "মন্ত্ৰীগোটৰ প্ৰতিবেদন ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ'লেহে আমি আশ্বস্ত হম । সেইদিনাহে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনা অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিৰ পৰিচয় লাভ কৰিব । ৰাইজে বিভিন্ন প্ৰান্তৰত বিজয় উৎসৱ পালন কৰিছে যদিও আমি প্ৰতিটো বিষয় যুক্তিৰে উত্থাপন কৰিছো ৷ এই প্ৰতিবেদনক লৈ আনন্দ কৰাৰ প্ৰয়োজন নাই ।" গগৈয়ে কয় ।

যিখন চৰকাৰে ৰাতিৰ ভিতৰতে অনুচ্ছেদ ৩৭০ প্ৰত্যাখান কৰিব পাৰে, বিমুদ্ৰাকৰণ কৰিব পাৰে, সেই চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ তিনিটা কাৰ্যকাল কিয় লাগিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক:ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : মন্ত্রীগোটৰ প্ৰতিবেদন দাহ ট্ৰাইবেল সংঘৰ

মন্ত্রীগোটৰ প্ৰতিবেদন বিভাজন কৰি শাসন কৰা নীতিৰ এক উৎকৃষ্ট নিদৰ্শন : সাংসদ গৌৰৱ গগৈ