ৰাইদঙীয়া দ'লত সাষ্টাংগে সেৱা লৈ ৰণত নামিল লুৰীণ
ডিব্ৰুগড়ত বিৰোধী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী । শিল্পী লোহিত গগৈক লগত লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ লুৰীণজ্যোতি গগৈৰ ।

Published : March 26, 2026 at 8:06 PM IST
ডিব্ৰুগড় : উজনি অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে খোৱাং সমষ্টি । কিয়নো বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে এইবাৰ খোৱাং সমষ্টিত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈ । নিবাৰ্চন আয়োগৰ পৰা মনোনয়ন বৈধ বুলি স্বীকৃতি পোৱাৰ পাছতেই বৃহস্পতিবাৰৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিত প্ৰচাৰ অভিযান আৰম্ভ কৰে ।
বৃহস্পতিবাৰে খোৱাং সমষ্টিৰ কলাখোৱাৰ ঐতিহাসিক ৰাইদঙীয়া দ'লত সেৱা জনাই প্ৰচাৰ অভিযান আৰম্ভ কৰে লুৰীণজ্যোতি গগৈয়ে । ঐতিহাসিক দ'লটোত সেৱা লৈ বাম কলাখোৱাত প্ৰথমখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি বিধায়ক তথা খোৱাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ।
লুৰীণজ্যোতি গগৈৰ অভিযোগ, "চক্ৰধৰ গগৈ ১০ বছৰীয়া কাৰ্যকালত অবাধ সম্পত্তিৰ মালিক হ'ল । ভায়েক আৰু ভনীজোঁৱায়েকৰ উন্নতি হ'ল । গ্ৰামাঞ্চলৰ বাট-পথৰ উন্নতি নহ'ল । বিজেপি চৰকাৰে অৰুণোদয় দিয়াৰ নামত মহিলাসকলক হাৰাশাস্তি কৰিছে । ইউনিফৰ্মৰ মেখেলা-চাদৰ পিন্ধাৰ নামত অৰুণোদয়ৰ আধা টকাই খৰচ কৰাই দিছে
ইফালে জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে নিদিয়ে বুলি উল্লেখ কৰি বিৰোধী চৰকাৰ যেতিয়া আহিব জুবিন গাৰ্গৰ ন্যায় দিব বুলি মন্তব্য কৰে । এই নিৰ্বাচনী প্ৰচাৰ অভিযানত লুৰীণজ্যোতিক সংগ দিয়ে গণশিল্পী লোহিত গগৈয়ে । বিধায়ক চক্ৰধৰ গগৈক সমালোচনা কৰি লুৰীণজ্যোতি গগৈক অসমৰ স্বাৰ্থত বিধানসভালৈ নিৰ্বাচিত কৰিবলৈ খোৱাং সমষ্টিৰ ৰাইজক আহ্বান জনায় শিল্পী লোহিত গগৈয়ে ।
আনহাতে, চাৰি শতাধিক পুৰুষ-মহিলাৰ উপস্থিতিত অনুষ্ঠিত লুৰীণজ্যোতি গগৈৰ প্ৰথমখন নিৰ্বাচনী সভাতেই বিজেপি দলৰ কেইবাজনো কৰ্মকৰ্তাই অজাপত যোগদান কৰে ।

ৰাহুল গান্ধী আহিব প্ৰচাৰ চলাবলৈ
খোৱাং সমষ্টিৰ লগতে ডিব্ৰুগড়, চৰাইদেউৰ কেইবাটাও সমষ্টি সামৰি মৰাণত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ বিপৰীতে প্ৰচাৰত পিছপৰি নাথাকে বিৰোধীও । ডিব্ৰুগড়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰচাৰ চলোৱাৰ সম্ভাৱনা থকাৰ কথা কয় লুৰীণজ্যোতি গগৈয়ে ।
তেওঁ কয়, "আমি আহ্বান ৰাখিছোঁ ৰাহুল গান্ধী ডাঙৰীয়াক ইয়াত এখন সভা কৰিবৰ কাৰণে । ইতিমধ্যে এইটো কথা আলোচনা হৈছে । আমি আশা ৰাখিছোঁ যে ডিব্ৰুগড়ত আমি ৰাহুল গান্ধী ডাঙৰীয়াক পাম । কোনটো সমষ্টি ছিলেক্ট কৰিব সেইটো তেওঁলোকৰ এটা টীমে চোৱাচিতা কৰিব । আমি জিলাৰ ফালৰ পৰা আৰু মই মোৰ সমষ্টিৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ ।"
বয়সক লৈ কৰা সমালোচনাৰ দিলে উত্তৰ
লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচন আয়োগৰ ওচৰত নিজৰ বয়সৰ তথ্য ভুলকৈ দিয়া বুলি একাংশই প্ৰচাৰ চলাই সমালোচনা কৰিছিল । আনকি খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ তথা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়েও সমালোচনা কৰাক লৈ উত্তৰ দিলে লুৰীণজ্যোতি গগৈয়ে । তেওঁ কয়, "এইটো ইলেকচন কমিচনে পৰীক্ষা কৰে । তাৰ মানে ইলেকচন কমিচনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । বিধায়ক ডাঙৰীয়াই ইলেকচন কমিচনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । তেওঁৰ বিৰুদ্ধে contempt of court কৰিব লাগে । ইলেকচন কমিচনক অৱমাননা কৰাৰ গোচৰত তেওঁক অভিযুক্ত কৰিব লাগে ।"

তেওঁ লগতে কয়, "ইলেকচন কমিচনে গোটেইবোৰ চোৱাচিতা কৰিছে । তাত কি দিব লাগে লিখা আছে । নটিফিকেচনখনত কোনবোৰ তথ্যপাতি গ্ৰহণ কৰে তাৰ ওপৰত ভিত্তি কৰি এফিডএভিট বনায় । হয়তো বিধায়কে নাজানে । সত্য সত্যই । তথ্যই ক'ব । আইনে আইনৰ ৰাস্তা ল'ব । ইলেকচন কমিচনে চোৱাচিতা কৰি তেওঁলোকৰ ইতিমধ্যে পৰীক্ষা সম্পূৰ্ণ হৈছে আৰু আমাক চাৰ্টিফিকেট দিছে ।"
খোৱাং সমষ্টিৰ ৰাইজলৈ কি আহ্বান লোহিত গগৈৰ
ইফালে লুৰীণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই শিল্পী লোহিত গগৈয়ে কয়, "আমি হ'লো সংগীতৰ মানুহ । সংগীতৰ লগত ৰাজনীতিৰ কি সম্পৰ্ক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতেই আমাক কৰিব খোজে । আজিকালি সামাজিক মাধ্যমত প্ৰায়ে কোৱা দেখা যায় যে তুমি শিল্পী মানুহ শিল্পী হৈয়ে থাকা । কিন্তু গান গোৱা মানুহ হিচাপে আমাৰো এটা নৈতিক দায়িত্ব আছে । সমাজখনৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি কেতিয়াবা গানেৰে ৰাইজৰ মাজলৈ লৈ গৈছোঁ । কিন্তু এইক্ষেত্ৰত আজি মই প্ৰত্যক্ষভাৱে এই কাৰণেই ওলাই আহিছোঁ যে সমুখত আমি যিখিনি মানুহ পাইছোঁ তেখেতসকলক সন্মান জনাই বহু কথা ক'বলগা থাকে ।"

তেওঁ লগতে কয়, "পোৱা- নোপোৱা, নিমাখিত জনসাধাৰণৰ বিভিন্ন ধৰণৰ সমস্যা । তেনেকুৱাবিলাক সমস্যাৰে পৰিপূৰ্ণ কাৰণেই যিয়েই চৰকাৰেই গঠন নকৰক গণতন্ত্ৰ শক্তিশালী হ'বৰ কাৰণে বিৰোধী পক্ষও জৰুৰী । এইক্ষেত্ৰত বিৰোধীৰ এজন নেতা হিচাপে লুৰীণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো প্ৰতিবাদী কণ্ঠ, তেওঁৰ যিটো প্ৰতিবাদী সত্তা, মানুহৰ পক্ষত কৰিবলগীয়াখিনিৰ ওপৰত যথেষ্টখিনি সম্যক জ্ঞান আছে । সেইফালৰ পৰা লুৰীণজ্যোতিৰ পক্ষত মই দুআষাৰ ক'বলৈ ৰাইজৰ মাজলৈ আহিছোঁ । খোৱাং সমষ্টিত বিধায়ক চক্ৰধৰ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে বুলি জনসাধাৰণে ক'ব খোজে । এইক্ষেত্ৰত মই খোৱাংবাসী ৰাইজক ক'ব খোজো যে চক্ৰধৰ গগৈয়ে দুবাৰ বিধায়ক হ'ল, এইবাৰ চক্ৰধৰ গগৈৰ ভাতৃ হিচাপে লুৰীণজ্যোতি গগৈক জয়ী কৰাই বিধানসভালৈ নিৰ্বাচিত কৰিব লাগে । আমি আশা দেখিছোঁ খোৱাং সমষ্টিৰ ৰাইজে এইবাৰ আশা পূৰণ কৰিব ।"

