ETV Bharat / politics

জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল ব্যক্তিজন মুখ্যমন্ত্ৰী: লুৰীণজ্যোতি গগৈ

যদি জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সকলো জানিছিল, তেন্তে আগতেই কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি লুৰীণজ্যোতি গগৈৰ প্ৰশ্ন ।

Lurinjyoti Gogoi on Zubeen murder
শ্ৰীভূমিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি লৱুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 7:27 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীভূমি : "বিজেপিক বটলা পাৰ্টী বুলি কৈছে । জুবিন গাৰ্গ ডাঙৰীয়াৰ পুৰণা ভিডিঅ' ভালকৈ উলিয়াই চাব তাত জুবিন গাৰ্গ ডাঙৰীয়াই ধুনীয়াকৈ কৈছে বিজেপি এটা বটলা পাৰ্টী সেইটোক খেদাব লাগিব বুলি কৈছে । খেদাবলৈ পোৱাৰ আগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণ হ'ল ।" শ্ৰীভূমিত জুবিন গাৰ্গৰ প্ৰসংগৰে বিজেপিক আক্ৰমণ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

বুধবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ শ্ৰীভূমি জিলা ভ্ৰমণলৈ আহে । কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা গাড়ীৰে তেওঁ শ্ৰীভূমিত উপস্থিত হৈ দলীয় নেতৃবৃন্দৰ সৈতে চহৰখনৰ ছেটেলমেণ্ট ৰোডত অৱস্থিত সংগীতশিল্পী জুবিন গাৰ্গৰ শৈশৱৰ স্মৃতি জড়িত কোৱার্টাৰত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ।

জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল ব্যক্তিজন মুখ্যমন্ত্ৰী: লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

আনহাতে, কোৱার্টাৰটোৰ শোচনীয় অৱস্থা প্ৰত্যক্ষ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে ইয়াৰ সংস্কাৰৰ অভাৱত মূল্যৱান স্মৃতিচিহ্নসমূহ নষ্ট হৈ গৈছে । তেওঁ কোৱার্টাৰটোক সংৰক্ষণ আৰু পুনৰ্নিমাণৰ ক্ষেত্ৰত চৰকাৰে সক্ৰিয় ভূমিকা ল’ব লাগিব বুলিও দাবী জনায় ।

ইফালে জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্র কৰি চলি থকা বিতৰ্ক সম্বন্ধেও তেওঁ তীব্র ক্ষোভ প্ৰকাশ কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ মন্তব্যৰ সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে কয়, “আঠ বছৰৰ আগৰে পৰা জুবিনৰ মৃত্যুৰ পৰিকল্পনা হৈছিল— এইধৰণৰ মন্তব্য অত্যন্ত দায়িত্বজ্ঞানহীন । যদি মুখ্যমন্ত্ৰীয়ে সকলো জানিছিল, তেন্তে আগতেই ব্যৱস্থা গ্ৰহণ নকৰিলে কিয় ?"

অজাপৰ সভাপতিগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয়, "তেওঁ যোৱাকালি কৈছে যে আঠ বছৰ আগৰে পৰাই ষড়যন্ত্ৰ ৰচনা কৰিছিল । বিধানসভাৰ মজিয়াত কৈছে আঠ বছৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । এতিয়া পাঁচ বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে, হিমন্ত বিশ্ব শৰ্মা । পাঁচ বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে, হিমন্ত বিশ্ব শৰ্মা । পাঁচ বছৰত জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ত কৰিব নোৱাৰিলে । আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে, মৃত্যুৰ মুখলৈ কিয় ঠেলি দিলে ।"

জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল মানুহজন মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহজনেই অসমৰ মুখ্যমন্ত্ৰী, সেইটো যোৱাকালি বিধানসভাৰ কথাত স্পষ্টকৈ প্ৰকাশ পাইছে । সেই কাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈৰ ভিতৰতে পদত্যাগ কৰিব লাগে ।"

লগতে তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন নকৰা পৰ্যন্ত অসম জাতীয় পৰিষদৰ আন্দোলন অব্যাহত থাকিব ।

উল্লেখ্য যে বুধবাৰে লুৰীণজ্যোতি গগৈয়ে ভাৰত-বাংলাদেশ সীমান্তও পৰিদর্শন কৰে । লগতে ঘোষণা কৰে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে বৰাক উপত্যকাৰ পৰাও প্রাৰ্থী দিব ।

লগতে পঢ়ক :জুবিন গাৰ্গৰ হত্যাৰ মাষ্টাৰমাইণ্ড কোন: গৌৰৱ গগৈৰ প্ৰশ্ন
লগতে পঢ়ক :জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু চৰকাৰৰ নীৰৱতা: বিধানসভাত সৰৱ বিৰোধী দলপতি