ETV Bharat / politics

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এটা নিৰ্বাচনী ললীপ'প: লুৰীণজ্যোতি গগৈ

জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্রীৰ মন্তব্যক লৈ সৰৱ অজাপৰ সভাপতি ।

Lurinjyoti Gogoi
জনজাতিকৰণক লৈ সৰৱ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2026 at 8:40 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল ওৰামে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিচাৰাধীন হৈ আছে আৰু সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনত জনজাতিকৰণ বিধেয়ক উত্থাপন নহয় বুলি বুধবাৰে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে মন্তব্য কৰিছিল ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এয়া এক দীঘলীয়া প্ৰক্ৰিয়া বুলিও মন্তব্য কৰিছিল । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

জনজাতিকৰণক লৈ সৰৱ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

নিজৰ প্ৰতিক্ৰিয়াত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বাৰে বাৰে প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে । কেন্দ্ৰত তিনিবাৰ আৰু ৰাজ্যত তিনিবাৰ বিজেপিৰ চৰকাৰ আছে । ২০১৪ চনত প্ৰথমবাৰ বিজেপি চৰকাৰ আহোঁতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মূল বিষয় আছিল । বাৰে বাৰে ঠগিছে । এইটো এটা নিৰ্বাচনী ললীপ'প, নিৰ্বাচনী ইচ্ছ্যু ।"

তেওঁ লগতে কয়, "ভোটৰ অংকত নিৰ্বাচনৰ সময়ত কয় । নিৰ্বাচন যোৱাৰ পিছত এনেকুৱা পৰিৱেশ প্ৰতিবাৰে হয় । অসমৰ ৰাইজে তথা ছটা জনগোষ্ঠীৰ ৰাইজে এই কথা পাহৰি যোৱা নাই বুলি মই ভাবোঁ । তিনিবাৰ চৰকাৰ কৰিলে যদিও বিষয়টোৰ নিষ্পত্তি নহ'ল । জনজাতি পৰিক্ৰমা মন্ত্রণালয়ে বিষয়টো আলোচনা নকৰিলে । সকলো প্ৰতিবেদন লোৱা হ'ল যদিও কাৰ্যত একো নহ'ল ।

জনজাতিকৰণৰ বিষয়টোত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ কৰি তেওঁ কয়, "আমাৰ কথা হ'ল, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে । আনহাতে, যিসকল জনজাতি আছে তেওঁলোকৰ অধিকাৰ খৰ্ব হ'ব নালাগে । দিল্লীৰ সিদ্ধান্ত আমি দেখিছোঁ আৰু প্ৰতাৰণা দেখিছোঁ । জনজাতিকৰণৰ বিষয়টো কেতিয়াও গুৰুত্ব দিয়া নাই । এই প্ৰতাৰণা সকলোৱে অনুধাৱন কৰিব লাগে ।"

উল্লেখ্য যে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ‘যুৱকণ্ঠ’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ সৰৱ টাইপা: আগন্তুক বিধানসভা অধিৱেশনত আলোচনাৰ দাবী
লগতে পঢ়ক :অসমত স্থাপন হ’ব জনজাতীয় সংগ্ৰহালয়, ৰাজ্য চৰকাৰে কেন্দ্ৰক দিছে প্ৰস্তাৱ