এইবাৰ জাহাজত উঠিবলৈ সাজু হৈছে বৃন্দাবন গোস্বামী ! দুই এদিনতে জাহাজে পেলাব লংগৰ
বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন আওৰাই বিজেপিত যোগদান কৰিবলৈ ওলাইছে কোন ? কালৈ ইংগিত লুৰীণজ্যোতিৰ ?

Published : February 17, 2026 at 5:33 PM IST
ডিব্ৰুগড় : সমাগত বিধানসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিত তৎপৰ হৈ পৰিছে অসম জাতীয় পৰিষদ । খোৱাং সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো একপ্ৰকাৰে নিশ্চিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে দলটোৰ কৰ্মীসকল ।
মঙলবাৰে খোৱাং সমষ্টিৰ অন্তৰ্গত খোৱাং আজাৰগুৰিত অসম জাতীয় পৰিষদৰ প্ৰথমটো দলীয় কাৰ্যালয় মুকলি কৰে লুৰীণজ্যোতি গগৈয়ে । সমষ্টিটোৰ বহুসংখ্যক দলীয় কৰ্মীৰ উপস্থিতিত নাম-প্ৰসংগৰ মাজত কাৰ্যালয় মুকলি কৰা হয় ।
কাৰ্যালয় উদ্বোধন কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম জাতীয় পৰিষদে নিজৰ সাংগঠনিক ভেটি থকা অসমৰ সমষ্টিসমূহত দলীয় কাৰ্যকলাপ কৰিছে আৰু নিৰ্বাচনৰ বাবে দল সাজু হৈ আছে । এই কাৰ্যালয়ৰ পৰাই ৰাইজে নিজৰ সমস্যা সমাধানৰ বাবে যুঁজ দিব পাৰিব ।"
বৃন্দাবন গোস্বামীৰ লগতে আন বহুকেইজনে যোগ দিব অজাপত
অসমৰ গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা প্ৰবীণ জাতীয়তাবাদী নেতা বৃন্দাবন গোস্বামীয়ে দলটোত যোগদান কৰা সম্পৰ্কে লুৰীণজ্যোতি গগৈয়ে কয়, "কেৱল বৃন্দাবন গোস্বামীয়েই নহয়, আন বহুকেইজন নেতাৰ সৈতে আলোচনা চলি আছে । অসমীয়া জাতীয়তাবাদৰ ভেটি আৰু চেতনা আমি কেতিয়াও নিৰ্বাপিত হ'বলৈ নিদিওঁ । জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবলৈ যি কাম কৰিব লাগে সেইটো কৰিম । আমি আমাৰ আদৰ্শ কেতিয়াও পৰিহাৰ নকৰোঁ ।"

ভূপেন বৰাক তীব্ৰ সমালোচনা
আনহাতে, কংগ্ৰেছ নেতা ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত মঙলবাৰে পুনৰ সৰৱ হৈ পৰে লুৰীণজ্যোতি গগৈ । নাম উল্লেখ নকৰাকৈ লুৰীণজ্যোতি গগৈয়ে কয়, "আগদিনালৈকে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন আওৰাই থাকি পিছদিনাই বিজেপিৰ সৈতে মিত্ৰতা কৰা ব্যক্তিয়ে জনগণৰ বাবে, দেশৰ বাবে, সমাজৰ বাবে একো কৰিব নোৱাৰে । কিনা-বেচাৰ ৰাজনীতি, আপোচ কৰা, নিজৰ স্বাৰ্থৰ বাবে বিক্ৰী হোৱা, নিজৰ স্বাৰ্থৰ বাবে আদৰ্শ জলাঞ্জলি দিয়া এই ৰাজনীতি নাইকিয়া কৰিবৰ বাবে আমি ৰাজনীতি কৰিছোঁ । সততাৰ ৰাজনীতিৰ দেৰি হ'লেও এদিন জয় হয় ।"

