বিজেপিক পৰাভূত কৰাৰ সংগ্ৰামৰ পৰা লক্ষ্যচ্যুত নহ'বলৈ ভূপেন বৰাক আহ্বান লুৰীণজ্যোতিৰ
ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ বিষয়টো কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় যদিও পদত্যাগৰ বিষয়টো নিষ্পত্তি কৰাৰ আহ্বান অজাপৰ সভাপতিৰ ।

Published : February 17, 2026 at 9:15 AM IST
মৰাণ : ’২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিত হোৱাক লৈ প্ৰস্তুতি চলাই থকা সময়তেই অসমৰ ৰাজনীতিত জোকাৰণি সৃষ্টি কৰিলে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ খবৰে । ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগে কংগ্ৰেছ দলটোৰ ভিতৰতে কেৱল জোকাৰণি সৃষ্টি কৰিছে তেনে নহয়; বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ । কাৰণ অসমত বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত কৰি বিৰোধী ঐক্য গঠনত মূল ভূমিকা পালন কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ।
ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ খোৱাঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ বিষয়টো কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়; কিন্তু ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থাকোতে বিৰোধী ঐক্য গঠনৰ ধাৰা আৰম্ভ হৈছিল । নিৰ্বাচনলৈ দিন যিহেতু নাই গতিকে ভূপেন বৰাৰ লগত আলোচনা কৰি পদত্যাগৰ বিষয়টো নিষ্পত্তি কৰিব লাগে কংগ্ৰেছৰ নেতৃবৃন্দই ।"
লগতে ভূপেন বৰাক আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে কয়, "আপুনি বিজেপিক পৰাভূত কৰাৰ যি সংগ্ৰাম কৰিছিল ইয়াৰ পৰা যাতে লক্ষ্যচ্যুত নহয় । বিজেপিক পৰাভূত কৰিবলৈ আপোনাৰ ত্যাগ আৰু প্ৰতিশ্ৰুতি আপোনাক অব্যাহত ৰাখিবলৈ আহ্বান জনাইছো । এতিয়া যুঁজৰ সময়, এই সময়ত যাতে আমি ভুল বুজাবুজিত মূল লক্ষ্যৰ পৰা বিচলিত নহওঁ । বিজেপি এটা ধনী দল, প্ৰশাসন বিজেপিৰ হাতত আছে সেয়ে বিৰোধীৰ সকলোৱে দায়িত্বশীলভাৱে কাম কৰিব লাগিব । বিজেপিক প্ৰতিহত কৰিবলৈ সকলোৱে ইগ’, অহংকাৰ পৰিহাৰ কৰিব লাগে । বিজেপিক হৰুৱাবলৈ সকলোৱে ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰিব লাগিব ।"
মুখ্যমন্ত্ৰীৰ সমালোচনাত প্ৰতিক্ৰিয়া লুৰীণজ্যোতিৰ:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীক সমালোচনা কৰি কৈছিল এবাৰ বিধায়ক হোৱাৰ সপোন দেখি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে লুৰীণজ্যোতি গগৈয়ে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ সমালোচনাৰ উত্তৰ দি লুৰীণজ্যোতি গগৈয়ে কয়, "মুখ্যমন্ত্ৰীৰ কথাত গুৰুত্ব দিব নালাগে । তেওঁ কি কথা কয় নিজেই নাজানে । তেওঁ মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাব আৰু বিজেপি হাৰিব বুলি ভাবি যি তি কথা কৈ আছে । মুখ্যমন্ত্ৰীৰ মুখত যি আহে তাকেই কৈ দিয়ে । এগৰাকী মুখ্যমন্ত্ৰীয়ে যি কথা ক'ব নালাগে তাকে কয়, মুখ্যমন্ত্ৰীৰ কোনো নীতি-আদৰ্শ নাই । তেওঁ কোনো আদৰ্শ লৈ বিজেপিলৈ যোৱা নাই । নিজৰ কেলেংকাৰি ঢাকিবলৈ বিজেপিত যোগদান কৰিছে মুখ্যমন্ত্ৰীয়ে ।"
মুখ্যমন্ত্ৰীৰ জীৱনত আদৰ্শ এটা আছে বুলি ক'বলৈ লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান জনাই কয়, "কাইলৈ AIDUF শক্তিশালী হ'লে তাতো যোগদান কৰিব, ৰাইজৰ দল শক্তিশালী হ'লে ৰাইজৰ দলত যোগদান কৰিব । নিজে ক্ষমতাত থাকি ছিণ্ডিকেট কৰি ধনী হ'ব লাগে সেয়াই তেওঁৰ লক্ষ্য । দুৰ্নীতি,ছিণ্ডিকেট আৰু কমিছন লোৱা আদৰ্শ আছে মুখ্যমন্ত্ৰীৰ । কংগ্ৰেছ চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ কংগ্ৰেছৰ ভৰিত পৰিবগৈ ।"
কেন্দ্ৰীয় নিৰ্বাচন আয়োগক লৈ ক্ষোভ :
কেন্দ্ৰীয় নিৰ্বাচন আয়োগ অসমলৈ আহি অসম জাতীয় পৰিষদ দলক আলোচনাৰ বাবে নিমন্ত্ৰণ নজনোৱাকলৈ লুৰীণজ্যোতি গগৈৰ ক্ষোভ । অজাপৰ সভাপতিগৰাকীয়ে কয়, "অসমলৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগ আহিছে আৰু পঞ্জীয়ণভুক্ত ৰাজনৈতিক দলসমূহক আলোচনাৰ বাবে মাতিছে । আমি পঞ্জীয়ণভুক্ত ৰাজনৈতিক দল নহয় যদিও আমি যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচন খেলিছো । অসমৰ সমাজ জীৱনত ৰাজনৈতিকভাৱে কামকাজ কৰি আছো; কিন্তু আমাক আলোচনালৈ নিমন্ত্ৰণ কৰা নাই । আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি বিজেপিৰ যি দৃষ্টিভংগী সেইটো নিৰ্বাচন আয়োগে অনুসৰণ কৰিছে ।" কেন্দ্ৰীয় নিৰ্বাচন আয়োগক পক্ষপাতমূলক ভূমিকা নল'বলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ ।

