জনতাৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে 'ভাৰতৰত্ন' প্ৰদানৰ আহ্বান অজাপৰ
৮ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ খানাপাৰাত হ’বলগীয়া 'কনছার্ট ইক'নমি'ৰ প'ষ্ট মেল'নৰ কনচাৰ্ট বাতিল কৰাৰ আহ্বান অসম জাতীয় পৰিষদৰ ।

Published : October 30, 2025 at 9:02 PM IST
গুৱাহাটী: ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন । তাৰ প্ৰাকসন্ধ্য়া ১৭ নৱেম্বৰৰ নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৰণোত্তৰভাৱে জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ ঘোষণা কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷ লগতে, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সম্পূর্ণ নোহোৱালৈকে অসম চৰকাৰে আয়োজন কৰা প'ষ্ট মেল'নৰ কনচাৰ্ট স্থগিত ৰখাৰ দাবী জাতীয় পৰিষদৰ ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰিবলৈ বৃহস্পতিবাৰে এক সংবাদমেলত আহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । গগৈয়ে সংবাদমেলত কয়,“অহা ১৭ নৱেম্বৰৰ নিশা ৮ বজাত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমবাসী ৰাইজক সম্বোধন কৰিব লাগে আৰু অসমবাসীৰ আবেগ আৰু স্বাভিমানৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰিব লাগে । এয়া আমাৰ দাবী নহয়, এয়া আহ্বান ৷”
কেৱল প্ৰধানমন্ত্ৰীলৈয়ে নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গৰ প্ৰতি ভাৰতৰত্ন প্ৰদানৰ ক্ষেত্ৰত নিজৰ জাতীয় দায়িত্ব পালনৰো আহ্বান অসম জাতীয় পৰিষদৰ । “মুখ্যমন্ত্ৰীৰো দায়িত্ব আছে । দিল্লী-দিছপুৰ দুয়ো ঠাইতে বিজেপি চৰকাৰ । এইটো আপোনাৰ জাতীয় দায়িত্ব । তেওঁ নিশ্চয় এইটো পাৰিব ৷ দিল্লীত মুখ্যমন্ত্ৰীৰ ভাল দখল আছে । সেয়ে তেওঁ এই কামটো কৰিব পাৰিব বুলি আমি ভাবোঁ ।”— ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও লগতে তেওঁৰ দায়িত্ব পালন কৰিবলৈ আহ্বান দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।
উল্লেখ্য যে অসমীয়াৰ হৃদস্পন্দন,যুগজয়ী শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্রদান কৰিবলৈ অসম জাতীয় পৰিষদে যোৱা ২১ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি দাবী উত্থাপন কৰিছিল ।
জুবিন গাৰ্গৰ প্ৰতি ভাৰতৰত্ন প্ৰদানৰ আহ্বান জনাই ইতিপূৰ্বে প্ৰধানমন্ত্ৰীক অসম জাতীয় পৰিষদৰ ফালৰ পৰা যুক্তি হিচাবে কোৱা হৈছিল যে জুবিন গাৰ্গ কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ ভাৰতৰে একক আৰু অনন্য সম্পদ আছিল । তেখেতৰ কণ্ঠ আছিল সমগ্ৰ ভাৰতৰ ভিতৰত অদ্বিতীয় । তেখেতৰ দৰে ৪০ টা ভাষাত ৩৪ হেজাৰ গান গোৱা কণ্ঠশিল্পী সমগ্ৰ ভাৰততে বৰ কম আছে । তেখেতে মানৱতাৰ গান গাইছিল, ভালপোৱাৰ কথা কৈছিল, দেশজুৰি সমন্বয়ৰ সেঁতু গঢ়িছিল ।
যিসময়ত সাম্প্রদায়িক তথা গোষ্ঠীগত বাদ-বিবাদ সমগ্ৰ দেশৰ সাতামপুৰুষীয়া একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতি প্ৰত্যাহ্বান হৈ দেখা দিছে, সেই সময়ত জুবিন গাৰ্গৰ আদর্শই কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰতজুৰি সমন্বয়ৰ সেঁতু হিচাপে কাম কৰিছে ।
সেয়েহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ২০২৫ চনৰ ভাৰতৰত্ন সন্মান প্রদান কৰিবলৈ বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে পুনৰ দাবী উত্থাপন কৰে ।
উল্লেখযোগ্য যে কলা, সাহিত্য, বিজ্ঞান আৰু জনসেৱা খণ্ডত উৎকৃষ্ট আৰু ব্যতিক্রমী সেৱা আগবঢ়োৱা ব্যক্তিলৈ ভাৰতৰ সৰ্বোচ্চ এই সন্মান প্ৰদান কৰা হয় । কিয় জুবিন গাৰ্গৰ প্ৰতি এই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান দাবী অজাপৰ ? লুৰীণজ্যোতি গগৈয়ে কয়,“জুবিন গাৰ্গে তেওঁৰ জীৱন কালত কলা, সাহিত্য আৰু জনসেৱাৰ ক্ষেত্ৰত উৎকৃষ্ট আৰু ব্যতিক্রমী সেৱা আগবঢ়াই গৈছে যি ভাৰত ৰাষ্ট্ৰৰ বাবে গৌৰৱৰ বিষয় হোৱাৰ যোগ্য । জুবিনদাই গান আৰু কবিতা লিখাৰ লগতে গান গোৱা, সংগীত পৰিচালনা, কথাছবি পৰিচালনা, প্রযোজনা, সামাজিক সংস্কাৰ আদি বহুকেইটা খণ্ডত কাম কৰি গৈছে ।” ইয়াৰ পূৰ্বে অসমৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্রদান কৰা হৈছিল ৷
প'ষ্ট মেল'নৰ কনচাৰ্ট বাতিল কৰাৰ আহ্বান:
জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সম্পূর্ণ নোহোৱালৈকে বিশ্ব বিখ্যাত গায়ক প'ষ্ট মেল'নৰ গুৱাহাটীত হ'বলগীয়া কনচাৰ্ট বাতিল কৰিবলৈ আহ্বান জনাই অসম জাতীয় পৰিষদে । এই প্ৰসংগত লুৰীণজ্যোতি গগৈয়ে কয়,“অহা ৮ ডিচেম্বৰত গুৱাহাটী খানাপাৰা ফিল্ডত প'ষ্ট মেল'নৰ সংগীতানুষ্ঠান হ'ব । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন পূর্বে এই ঘোষণা আগবঢ়াইছিল । মুখ্যমন্ত্রীয়ে কৈছিল যে তেওঁৰ চৰকাৰে অসমত 'কনচার্ট ইক'নমি'ৰ সূত্রপাত কৰিছে আৰু প'ষ্ট মেল'নৰ সংগীতানুষ্ঠানে অসমৰ অৰ্থনীতি বিকশিত কৰিব ।”
“অসমত বর্তমানে এক শোকৰ পৰিৱেশ বিৰাজ কৰি আছে । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কায়িক দেহাৱসানৰ পিছত সমগ্ৰ ৰাজ্যবাসীৰ লগতে দেশ-বিদেশৰ অগণন জুবিনপ্রেমী তথা সংগীতানুৰাগী শোকৰ সাগৰত ডুব গৈ আছে । আনহাতে জুবিনদাৰ ন্যায়ৰ বিষয়টো এতিয়াও এক অস্পষ্ট আৰু বিভ্রান্তিকৰ পৰিৱেশৰ মাজত আছে । চৰকাৰে জুবিনদাৰ ন্যায়ৰ প্ৰসংগত জনসাধাৰণৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈ (ইছ্যু ডাইভার্ট কৰিবলৈ) চেষ্টা কৰি থকাও পৰিলক্ষিত হৈছে । গতিকে জুবিনদাৰ প্ৰকৃত ন্যায় নিশ্চিত নোহোৱালৈকে প'ষ্ট মেল'নৰ সংগীতানুষ্ঠান স্থগিত ৰাখক ।” এই আহ্বান লুৰীণজ্যোতি গগৈৰ ।
সংবাদমেলত অসম জাতীয় পৰিষদৰ মন্তব্য যে ৰাজ্যবাসী শোকত দগ্ধ হৈ থকা অৱস্থাত প'ষ্ট মেল'নৰ সংগীতানুষ্ঠানৰ দৰে মনোৰঞ্জনমূলক কাৰ্যসূচীৰ আয়োজন নিশ্চয় অনুচিত । এয়া প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিও এক অপমান হ'ব ।
ইযাৰ লগতে, প'ষ্ট মেলনৰ অনুষ্ঠানত খৰচ হ’বলগীয়া কেইবা শ কোটি টকাৰে জুবিন গাৰ্গৰ নামত এখন গুৱাহাটীৰ মাজমজিয়াত এখন অত্যাধুনিক সংগীত মহাবিদ্যালয় খুলিবলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ । লুৰীণজ্যোতি গগৈৰ মন্তব্য যে প'ষ্ট মেল'নৰ অনুষ্ঠান পতাৰ নামত যিখিনি ধন ব্যয় হ'ব, সেইখিনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিব পৰা যাব । তাত প'ষ্ট মেল'নে ব্যৱহাৰ কৰা বা তাতোকৈ উচ্চমানৰ বাদ্যযন্ত্ৰ আদিৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলে অসমতো শ শ প'ষ্ট মেল'নৰ জন্ম হ'ব ।
গগৈয়ে কয়, “৮ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ খানাপাৰাত হ’বলগীয়া প'ষ্ট মেল'নৰ কনচাৰ্ট বাতিল কৰক চৰকাৰে ৷ লগতে আমি ক’ব খোজো যে প'ষ্ট মেল'নৰ এই কনচাৰ্টত কেইবা শ কোটি টকা চৰকাৰে নিৰ্ধাৰণ কৰিছে । আমাৰ আহ্বান সেই পইচাৰে গুৱাহাটীৰ মাজমজিয়াত জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয় স্থাপন হ’ব লাগে ৷ সংগীতৰ লগত জড়িত ছাউণ্ড ইঞ্জিনিয়াৰিং আদি কাৰিকৰী অন্তৰ্ভুক্ত কৰক । ভাৰত সকলো লোকসংগীত আৰু লোকবাদ্য আদিৰ গৱেষণা কৰিব পৰাকৈ এই বিশ্ববিদ্যালয়খন সেই ধনেৰে স্থাপন কৰক ।”

