ETV Bharat / politics

এছ আৰৰ জৰিয়তে লাখ লাখ সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ চলাইছে: বিধায়ক হাফিজ ৰফিকুল ইছলাম

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া বিজেপিৰ হাতৰ পুতলা হৈছে ৷ উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছু-মতো কেছ ল'ব লাগে ৷ দাবী এ আই ইউ ডি এফৰ ।

AIUDF PROTEST AGAINST SR
এছ আৰৰ বিৰুদ্ধে বৰপেটাত এ আই ইউ ডি এফৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 7:55 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SR) প্ৰক্ৰিয়াত সংঘটিত ব্যাপক অনিয়ম আৰু ভুৱা অভিযোগৰ বিৰুদ্ধে বুধবাৰে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মঞ্চ চমুকৈ এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে ৷

দিনৰ প্ৰায় ২ বজাত বৰপেটা চহৰত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত চেঙা সমষ্টিৰ বিধায়ক অশ্ৰাফুল ইছলাম আৰু জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম উপস্থিত থাকে ।

এছ আৰৰ বিৰুদ্ধে বৰপেটাত এ আই ইউ ডি এফৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদত অংশগ্ৰহণ কৰি জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে কয়, "এছ আৰৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকক টাৰ্গেট কৰা হৈছে । বিশেষকৈ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লাখ লাখ লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি সেইসকলক বিদেশী সজোৱাৰ খোলাখুলি ষড়যন্ত্ৰ চলিছে ৷ মুখ্যমন্ত্ৰীয়ে খোলাখুলিকৈ কৈছে ৷ বিজেপিৰ কেডাৰক লগাই ভুৱা অভিযোগ কৰিছে ৷ মৃত ব্যক্তিৰ নামেৰেও অভিযোগ কৰিছে ৷ বহু অভিযোগকাৰীয়ে নিজে নাজানে অভিযোগ কৰাৰ কথা ৷"

তেওঁ লগতে কয়, "অসমৰ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া বিজেপিৰ হাতৰ পুতলা হৈছে ৷ সেয়েহে উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছু-মতো কেছ ল'ব লাগে ৷ প্ৰয়োজন হ'লে এ আই ইউ ডি এফ দলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ৷"

প্ৰতিবাদস্থলীত বিধায়ক অশ্ৰাফুল ইছলামে ভাষণ প্ৰদান কৰি ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত সংঘটিত অনিয়মক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

AIUDF PROTEST AGAINST SR
এছ আৰৰ বিৰুদ্ধে বৰপেটাত এ আই ইউ ডি এফৰ প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ অভিযোগ কৰে যে ভোটাৰ তালিকা সংশোধনৰ নামত বহু ক্ষেত্ৰত প্ৰকৃত ভোটাৰৰ নাম বাদ দিয়া হৈছে, যি গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে গভীৰ ভাবুকি স্বৰূপ । তেওঁ এনে অনিয়ম তৎক্ষণাত বন্ধ কৰি স্বচ্ছ আৰু ন্যায়সংগতভাৱে ভোটাৰ তালিকা সংশোধন কৰাৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে লগতে এই সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে ।

ঘেৰাও কাৰ্যসূচীৰ সময়ছোৱাত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক :মোৰ কাম হ'ল মিঞাক কষ্ট দিয়া, 'ছাৰ' আহিলে ৪-৫ লাখ মিঞা ভোট কাটিব লাগিব : খোলাখুলিকৈ কৈ দিলে মুখ্যমন্ত্ৰীয়ে
লগতে পঢ়ক :জাপি আৰু টুপীৰ পাৰ্থক্য নুবুজে ৰাহুল গান্ধীয়ে: দিলীপ শইকীয়াৰ স্পষ্ট কথা