কাৰ ষড়যন্ত্ৰত দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থাকিল আমিনুল ইছলাম ? জনালে এ আই ইউ ডি এফে
কংগ্ৰেছী বিধায়কৰ ষড়যন্ত্ৰৰ বাবে দীঘলীয়া সময় কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে বিধায়ক আমিনুল ইছলাম । সংবাদমেলত মন্তব্য এই আই ইউ ডি এফ নেতৃত্বৰ ।

Published : November 27, 2025 at 7:53 PM IST
নগাঁও : পহলগামৰ ভয়াৱহ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ২১৭ দিন কাৰাবন্দী হৈ থকা বিধায়ক আমিনুল ইছলামক অৱশেষত মুক্তিৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । নগাঁও কেন্দ্ৰীয় কাৰাগাৰত এন এছ এ গোচৰত কাৰাবন্দী হৈ থকা বিধায়ক আমিনুল ইছলামক বৃহস্পতিবাৰে মুক্তিৰ নিৰ্দেশ দিয়াৰ পাছত এ আই ইউ ডি এফ দলৰ নগাঁও জিলা কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে এ আই ইউ ডি এফ নেতৃত্বই ।
সংবাদমেলত বিধায়ক আমিনুল ইছলামৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বহুকেইটা মন্তব্য কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চম্পক কলিতাৰ লগতে নগাঁও জিলাৰ সভাপতি মতিউৰ ৰহমানে । লগতে কাইলৈ অৰ্থাৎ শুকুৰবাৰে বিধায়ক আমিনুল ইছলামে চলিত বিধানসভাৰ শীতকালীন অধিৱেশনত অংশগ্ৰহণ কৰিব বুলিও উল্লেখ কৰে জিলা সভাপতিগৰাকীয়ে ।
বিগত প্ৰায় আঠ মাহে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অধীনত কাৰাবন্দী হৈ থকাৰ পাছত এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এন এছ এৰ পৰা মুক্ত ঘোষণা কৰা বুলি সংবাদ মেলত উল্লেখ কৰে এ আই ইউ ডি এফ দলৰ নগাঁও জিলা সভাপতি মতিউৰ ৰহমানে । লগতে বিধায়ক আমিনুল ইছলামৰ মুক্তিয়ে দলটোক ২০২৬ চনৰ নিৰ্বাচনত যথেষ্ট সহায় কৰিব বুলিও মন্তব্য কৰে নগাঁও জিলা সমিতিৰ সভাপতিগৰাকীয়ে ।
বিধায়ক আমিনুল ইছলামক এন এছ এৰ (NSA) অধীনত প্ৰায় আঠ মাহকাল কাৰাবন্দী কৰি ৰখা সন্দৰ্ভত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চম্পক কলিতাই এগৰাকী কংগ্ৰেছী বিধায়কলৈ টোঁৱালে সন্দেহৰ আঙুলি । এই সন্দৰ্ভত এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতাই কয়, “নগাঁৱৰ বৰ্তমানৰ এগৰাকী কংগ্ৰেছী বিধায়কৰ ষড়যন্ত্ৰৰ বাবে দীঘলীয়া সময় কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে বিধায়ক আমিনুল ইছলাম । এন এছ এৰ অধীনত কাৰাবন্দী হোৱাৰ পাছত কংগ্ৰেছী বিধায়কগৰাকীয়ে ষড়যন্ত্ৰ কৰাৰ বাবেই অতিৰিক্ত সময় কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে বিধায়ক আমিনুল ইছলাম ।”
নাম উল্লেখ নকৰাকৈ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বৰ্তমানৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিধায়ক আমিনুল ইছলামৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হোৱাৰ আশংকাত ভুগি আছে বুলিও মন্তব্য কৰে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতাই ।
আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত কেন্দ্ৰীয় নেতা চম্পক কলিতাই কয়, “এ এই ইউ ডি এফৰ উত্থানত শংকিত হৈ কংগ্ৰেছে এনে মিছা প্ৰচাৰত লিপ্ত হৈছে । এ আই ইউ ডি এফে 'একলা চলো নীতি'ৰে আগবাঢ়ি আছে ।”
আনহাতে, চামগুৰি সমষ্টিত ২০২৬ চনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা সন্দৰ্ভত এ আই ইউ ডি এফ নেতাগৰাকীয়ে কয়, “আগন্তক বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিত এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব আৰু শক্তিশালী ৰূপত যুঁজ দিয়া হ’ব ।”
উল্লেখ্য যে এই বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত মুকলি আকাশৰ তললৈ অহা নাই বিধায়ক আমিনুল ইছলাম । এন এছ এৰ পৰা মুক্ত হ'লেও বিশেষ অসুবিধাৰ ববে বৃহস্পতিবাৰৰ পৰিৱৰ্তে শুকুৰবাৰেহে মুকলি আকাশৰ তললৈ অহাৰ সম্ভৱনা আছে বিধায়কগৰাকী । এই কথা জনাইছে বিধায়ক আমিনুল ইছলামৰ এগৰাকী আত্মীয়ই ।

