ETV Bharat / politics

আমিনুল ইছলামৰ বিৰুদ্ধে কটু মন্তব্য কৰা শৃংখল চলিহাক উভতি ধৰিলে এ আই ইউ ডি এফে

ৰাজহুৱা জীৱনত থাকি সংগঠনক নেতৃত্ব দিয়া শৃংখল চলিহাক অপৰিপক্ক আখ্যা ৷

AIUDF VS SHRINGKHAL CHALIHA CONTROVERSY
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিধায়ক আমিনুল ইছলাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 28, 2025 at 7:43 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : নগাঁৱৰ ধিঙত বৃহস্পতিবাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে গ্ৰহণ কৰা গণ গর্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ।

বিধায়ক আমিনুল ইছলামৰ চেহেৰা চিটীবাছৰ পকেটমাৰতকৈও বেয়া বুলি মন্তব্য কৰিছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে । শৃংখল চলিহাৰ এই মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে এ আই ইউ ডি এফ দল ।

শৃংখল চলিহাক উভতি ধৰিলে এ আই ইউ ডি এফে (ETV Bharat Assam)

শৃংখল চলিহাৰ মন্তব্যৰ পাছতে শুকুৰবাৰে শৃংখল চলিহাক উভতি ধৰিছে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতাই । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আই ইউ ডি এফৰ নেতা চম্পক কলিতাই কয়, “তেওঁ গুৱাহাটী চিটীবাছৰ যিটো শব্দ ব্যৱহাৰ কৰিছে সেইটো মোৰ মুখেৰে ক'বলৈ টান পাইছো । সকলো ক্ষেত্ৰৰ লোকেই ন্য়ূনতম শিষ্টাচাৰ বজাই চলাটো সকলোৱে কামনা কৰে । আজি বিজেপি, আৰ এছ এছকে ধৰি যিখিনি সাম্প্ৰদায়িক শক্তি আছে আদৰ্শগতভাৱে আমি ঘোৰ বিৰোধী; তথাপি আমি তেওঁলোকক শিষ্টাচাৰৰ বাহিৰত গৈ সমালোচনা নকৰো । তেওঁ সমাজত ন্য়ূনতম শিষ্টাচাৰ বজাই ৰাখিলে সমাজত প্ৰতিষ্ঠিত হ’ব পাৰিব আৰু যদি এনেকৈ কৰি থাকে তেন্তে তাক কাইলৈ কোনেও মনত নাৰাখে বা ৰাখিলেও এজন অভদ্ৰ ল’ৰা হিচাপেই মনত ৰাখিব ।"

"ধিঙৰ তিনিবাৰৰ বিধায়ক আমিনুল ইছলামক কৰা মন্তব্যৰ দ্বাৰা বৃহৎ এটা জনসংখ্যাক অপমান কৰিছে । এইবোৰ কেতিয়াও কৰিব নাপায় । ৰাজহুৱা জীৱনত থাকি এটা সংগঠনক নেতৃত্ব দিয়া শৃংখল চলিহা অপৰিপক্ক । নিজৰ ভুল অনুশোচনা কৰি ধিংবাসীৰ ওচৰত ক্ষমা খুজিব লাগে ।” এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে এইদৰে কয় ।

লগতে পঢ়ক :খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ধিঙত বীৰ লাচিত সেনাৰ গণ গর্জন

কাৰ ষড়যন্ত্ৰত দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থাকিল আমিনুল ইছলাম ? জনালে এ আই ইউ ডি এফে