ETV Bharat / politics

চৰকাৰে গৃহীত কৰিলেও ইউচিচি নামানে আজমলে

ইউচিচি মানি নলয় বদৰুদ্দিন আজমলে ৷ মঙলবাৰে বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰি এই বিধেয়কত স্বাক্ষৰ নকৰিবলৈ অনুৰোধ জনাব ৯ গৰাকী বিৰোধী বিধায়কে ৷

Badruddin Ajmal
ৰাজ্যপালক সাক্ষাৎ আজমলৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 1:48 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সমৰূপ নাগৰিক সংহিতা অসম, ২০২৬ ৰ বিৰোধিতা এআইইউডিএফৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিভিন্ন বিৰোধী দলৰ ৯ গৰাকী বিধায়কে মঙলবাৰে ৰাজ্যপালক সাক্ষাৎ কৰিব ৷ তেওঁলোকে এই বিধেয়কখনত চহী নকৰিবৰ বাবে দাবী জনাব ৷

‘‘ইউচিচিৰ বিৰুদ্ধে আমি অন্তিম পৰ্যায়লৈকে যুঁজ দি যাম ৷ আজি বিয়লি পাঁচ বজাত আমাক ৰাজ্যপালে সাক্ষাৎ কৰাৰ বাবে সময় দিছে ৷ আমি বেলেগ বেলেগ দলৰ 9 গৰাকী বিধায়কে তেওঁক সাক্ষাৎ কৰিম ৷ এই বিধেয়কৰ বিৰুদ্ধে আমি প্ৰতিবাদ জনাম আৰু ৰাজ্যপালক বিধেয়কত চহী নকৰিবলৈ আহ্বান জনাম ৷ লগতে এই বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ নকৰিবলৈও আমি অনুৰোধ জনাম ৷’’ আজমলে কয় ৷

ইফালে সোমবাৰে আজমলৰ নেতৃত্বত এআইইউডিএফৰ কেবাগৰাকীও সদস্যৰ এটা দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি UCC বাতিলৰ দাবীৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত অসম চৰকাৰে অসম সম নাগৰিক সংহিতা নামেৰে Uniform Civil Code উত্থাপন কৰিছিল ৷ বিধানসভাত যিহেতু শাসকীয় পক্ষৰ শক্তি এশৰো অধিক, সেয়ে বিনা বাধাই এই বিধেয়কখন গৃহীত কৰাত সফল হৈছিল ৷ বিৰোধী পক্ষৰ একাংশ বিধায়কে ইয়াৰ বিৰোধিতা কৰিছিল যদিও কোনো ফল নধৰিলে ৷ অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে সেই অধিৱেশনত আজমল উপস্থিত নাছিল ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো কাৰ্যকাল পৰিচালনা কৰাৰ সময়তেই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে তেওঁ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ’লে অসমত Uniform Civil Code প্ৰৱৰ্তন কৰিব ৷ সেই অনুসৰিয়েই দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতেই তেওঁ সেই ঘোষণা কাৰ্যকৰী কৰে ৷ সমৰূপ নাগৰিক সংহিতা, অসম-২০২৬ চমুকৈ ইউচিচিৰ কাৰ্যকৰী হোৱাৰ লগে লগে কেইবাটাও দিশত কঠোৰতা আহিব পৰিব । ইউচিচিয়ে মূলতঃ বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ(আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্ক) ক্ষেত্ৰত সকলোৰে বাবে একক নাগৰিক আইনী কাঠামো প্ৰতিষ্ঠা কৰিব ।

লগতে পঢ়ক: বিধানসভাত গৃহীত হ'ল ইউচিচি: আইনৰ আওতাত আহিল বিবাহ, বিবাহ বিচ্ছেদ, বহুবিবাহ, লিভ-ইন