অসমত কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত শেষ মোহৰ মাৰিব প্ৰিয়ংকা গান্ধীয়ে
কংগ্ৰেছ হাইকামাণ্ডে ঘোষণা কৰিলে ৫ ৰাজ্যৰ বাবে প্ৰাৰ্থী বাছনি সমিতিৰ নাম ।

Published : January 4, 2026 at 8:28 AM IST
গুৱাহাটী: আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ । কংগ্ৰেছ দলে গ্ৰহণ কৰিছে প্ৰথম পদক্ষেপ । বিধানসভা নিৰ্বাচন উন্মুখ দেশৰ পাঁচখন ৰাজ্যৰ বাবে কংগ্ৰেছ দলে ঘোষণা কৰিছে নিৰ্বাচনৰ প্ৰাৰ্থী বাছনি কমিটী ৷ কেৰালা, অসম, তামিলনাডু, পুডুচেৰী আৰু পশ্চিম বংগত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে স্ক্ৰীনিং কমিটীসমূহ গঠন কৰিছে এ আই চি চি চিয়ে । শনিবাৰে এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ঘোষণা কৰে এই স্ক্ৰীণিং কমিটীসমূহ ।
অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাছনি সমিতি (স্ক্ৰীণিং কমিটী)ৰ নেতৃত্ব দিব ৰাহুল গান্ধীৰ ভগ্নী, সাংসদ প্ৰিয়ংকা গান্ধীয়ে । এককথাত অসমৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত নেতৃত্ব দি শেষ মোহৰ লগাব প্ৰিয়ংকা গান্ধীয়ে ।


৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত অসমৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে অগ্নিপৰীক্ষা স্বৰূপে বিবেচিত হৈছে ৷ কিয়নো কেৰালাৰ লগতে অসমৰ ফলাফলৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিছে কংগ্ৰেছৰ ৰাজনীতিৰ ভৱিষ্যতৰ গতিধাৰা । অসমৰ প্ৰাৰ্থী নিৰ্বাচনৰ মূল দায়িত্ব প্ৰিয়ংকা গান্ধীক অৰ্পণ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।
অসমৰ প্ৰাৰ্থী বাছনি সমিতিখন:

- প্ৰিয়ংকা গান্ধী ভাদ্ৰা (অধ্যক্ষ)
- সপ্তগিৰি শংকৰ উলাকা (সদস্য)
- ইমৰাণ মাছুদ (সদস্য)
- ছিৰিভেলা প্ৰসাদ (সদস্য)
কেৰালাৰ প্ৰাৰ্থী বাছনি সমিতিখন:

- মধুসূধন মিস্ত্ৰী (অধ্যক্ষ)
- ডাঃ চৈয়দ নাছিৰ হুছেইন (সদস্য)
- নীৰজ ডাংগী (সদস্য)
- অভিষেক দত্ত (সদস্য)
তামিলনাডু আৰু পুডুচেৰীৰ প্ৰাৰ্থী বাছনি সমিতিখন:

- টি. সিং দেও (অধ্যক্ষ)
- ডঃ যশোমতী ঠাকুৰ (সদস্য)
- জি.চি. চন্দ্ৰশেখৰ (সদস্য)
- অনিল কুমাৰ যাদৱ (সদস্য)
পশ্চিম বংগৰ প্ৰাৰ্থী বাছনি সমিতিখন:

- বি.কে. হৰিপ্ৰসাদ (অধ্যক্ষ)
- ডাঃ মহম্মদ জাৱেদ (সদস্য)
- ড৹ মমতা দেৱী (সদস্য)
- বি.পি. সিং (সদস্য)
ইয়াৰ লগতে, সাধাৰণ সম্পাদক/ভাৰপ্ৰাপ্ত দায়িত্বত থকা সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিৰোধী দলপতি, এ আই চি চিৰ সাধাৰণ সম্পাদকৰ লগত সংলগ্ন এ আই চি চিৰ সম্পাদকসকল নিজ নিজ ৰাজ্যৰ প্ৰাৰ্থী বাছনি সমিতিসমূহৰ সদস্য হ'ব ।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাছনি কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বাবে দলৰ কেন্দ্ৰীয় নেতৃত্বক আন্তৰিক ধন্যবাদ জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

সামাজিক মাধ্যমযোগে গৌৰৱ গগৈয়ে কয়,"এই নিযুক্তি অসম প্ৰদেশ কংগ্ৰেছৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু আশাব্যঞ্জক পদক্ষেপ । তেখেতৰ দক্ষতা আৰু জনমুখী দৃষ্টিভংগীয়ে অসম কংগ্ৰেছৰ প্ৰতিজন সদস্যক সাহস প্ৰদান কৰিব আৰু সঠিক দিশত আগবঢ়াই লৈ যাব বুলি আমি দৃঢ়ভাৱে বিশ্বাসী । আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰি এক শক্তিশালী বিকল্প গঢ়াত তেখেতৰ ভূমিকাই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব ।”
উল্লেখযোগ্য যে AICC ৰ বাছনি কমিটী হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষ নীতি-নিৰ্ধাৰক এখন কমিটী ৷ এই কমিটী হ’ল 'সৰ্বভাৰতীয় কংগ্ৰেছ কমিটী'ৰ দ্বাৰা গঠিত এক অস্থায়ী আৰু বিশেষ পেনেল । এই কমিটীয়ে ৰাজ্যিক বিধানসভা নিৰ্বাচন বা সাধাৰণ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী বাছনি কৰে ।
মূলত এই কমিটীখনে প্ৰাৰ্থীসকলৰ আবেদনসমূহ পৰীক্ষা কৰি তেওঁলোকৰ যোগ্যতা তথা জনপ্ৰিয়তা আদি বিচাৰ কৰি প্ৰাৰ্থী নিৰ্বাচন কৰে । তাৰ পিছতেই, উপযুক্ত প্ৰাৰ্থীসকলৰ নাম বাছনি কৰি তেওঁলোকে দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি (CEC) লৈ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰে । ইয়াৰ উপৰিও, এই কমিটীখন এজন জ্যেষ্ঠ নেতাৰ নেতৃত্বত গঠিত হয় আৰু অসমৰ বিধানসভা নিৰ্বাচন, ২০২৬ৰ বাবে দায়িত্ব দিয়া হৈছে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক ।

