ৰাজ্যসভা নিৰ্বাচন: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ মনোনয়ন দাখিল
অহা ১৮ জুনত অনুষ্ঠিত হ’বলগা ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৮ জুন ।

Published : June 5, 2026 at 8:55 PM IST
বেংগালুৰু: ৰাজ্যসভা নিৰ্বাচনৰ বাবে শুকুৰবাৰে কৰ্ণাটক বিধানসভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে । খাৰ্গেৰ মনোয়ন দাখিলৰ সময়ত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কংগ্ৰেছ নেতা সিদ্দাৰমাইয়াও উপস্থিত থাকে ।
মনোনয়ন দাখিলৰ পিছত খাৰ্গেই কয়, "আজি মনোনয়ন দাখিল কৰিলোঁ । সকলো বিধায়কে মোক ভোট দিব । ১৮ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব ।"
উল্লেখ্য যে কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ চাৰিখন আসন খালী হ’ব । সংখ্যাগত শক্তি অনুসৰি ইয়াৰে ভিতৰত কংগ্ৰেছ দলে ৩ খন আসন লাভ কৰিব । আনহাতে, বিজেপিয়ে এখন আসন লাভ কৰিব ।
উল্লেখ্য যে মল্লিকাৰ্জুন খাৰ্গেৰ উপৰি কংগ্ৰেছে এআইচিচিৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন খেৰা আৰু মনছুৰ আলী খানকো টিকট প্ৰদান কৰিছে ।
অহা ১৮ জুনত অনুষ্ঠিত হ’বলগা ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৮ জুন ।
মল্লিকাৰ্জুন খাৰ্গেৰ মনোনয়ন দাখিল উপলক্ষে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী শুকুৰবাৰে বিধানসভা ভৱনত উপস্থিত হয় । মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু মন্ত্ৰী ইউ টি খাদেৰে তেওঁক বিধানসভা হললৈ আগবঢ়াই নিয়ে ।
উল্লেখ্য যে কংগ্ৰেছে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে কৰ্ণাটকৰ পৰা পুনৰবাৰ দলৰ মুৰব্বী তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেসহ সাতজন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ।
এই তালিকাত কৰ্ণাটকৰ পৰা মনছুৰ আলী খানৰ লগতে শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী তথা পৰিয়ালৰ সৈতে বিতৰ্কত জড়িত হৈ পৰা পৱন খেড়াকো প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় ।
ইয়াৰ উপৰি মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে নেত্ৰী মীনাক্ষি নটৰাজানক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । আনহাতে, তামিলনাডুৰ পৰা প্ৰবীণ চক্ৰৱৰ্তী, ৰাজস্থানৰ পৰা নীৰজ ডাংগী আৰু ঝাৰখণ্ডৰ পৰা প্ৰণৱ ঝাক মনোনীত কৰা হৈছে ।

