পলাশবাৰীত কমলাকান্ত কলিতাৰ প্ৰাৰ্থিত্ব বিচাৰিলে অগপই
পূৰ্বৰ আঞ্চলিক দলৰ দুৰ্গত খোপনি পুতিবলৈ অভিযান অগপৰ ।

Published : February 10, 2026 at 1:18 PM IST
মিৰ্জা : আগন্তুক বিধানসভা নিৰ্বাচনত পলাশবাৰীত মিত্ৰজোঁটৰ কোনটো দলৰ প্ৰাৰ্থীয়ে লাভ কৰিব টিকট ? ইতিমধ্য়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সমষ্টিটোত বৰ্তমানৰ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক নিৰীক্ষণত থকা বুলি উল্লেখ কৰি একপ্ৰকাৰ টিকট সহজে নিদিয়াৰ ইংগিতেই দিছে । সেয়েহে এইবাৰ অগপই সমষ্টিটোত ডাঃ কমলাকান্ত কলিতাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে উঠিপৰি লাগিছে ।
অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই চলে-বলে কৌশলে হ'লেও পলাশবাৰীৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ চেষ্টা অব্য়াহত ৰাখিছে । সেয়েহে পলাশবাৰী অগপৰ নেতৃত্বই সংবাদমেল যোগে ঘোষণা কৰিলে প্ৰাৰ্থী হোৱাৰ কথা ৷ নিজৰ ছয়গাঁও বিধানসভা সমষ্টিত খোপনি হেৰুৱাই বৰ্তমান বিজেপিৰ দখলত থকা পলাশবাৰীলৈ ঢাপলি মেলাৰ চেষ্টা চলাইছে ডাঃ কমলাকান্ত কলিতাই ।
পলাশবাৰী অগপৰ এটা সজাতি দলে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক লগ কৰি ডাঃ কমলা কলিতাৰ হৈ পলাশবাৰীৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ৷ আনহাতে কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ এদিন পিছতেই পলাশবাৰী অগপৰ সভাপতি চন্দ্ৰকান্ত কলিতাৰ নেতৃত্বত এক সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।
পলাশবাৰী অগপৰ সভাপতি চন্দ্ৰকান্ত কলিতাই এই সন্দৰ্ভত কয়, "আমি সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক এই সন্দৰ্ভত ইতিমধ্য়ে আৱেদন জনাইছো কমলা কলিতাক পলাশবাৰী বিধানসভা সমষ্টিত টিকট প্ৰদান কৰিবলৈ । যোৱাবাৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থীক যিদৰে আমি সমষ্টিটো এৰি দিছিলো, ২০২৬ত বিজেপিয়ে মিত্ৰজোঁটৰ ধৰ্ম ৰক্ষা কৰি অগপক এৰি দিয়ক ।"

