বাহিৰে মিত্ৰতা, ভিতৰি সংঘাত ! মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি অগপৰ সংবাদমেল
মিত্ৰতাত থাকিও সমষ্টিক লৈ সংঘাত আৰম্ভ হৈছে অগপ-বিজেপিৰ ৷ খোৱাং সমষ্টিক লৈ টনা-আঁজোৰা লাগিছে অগপ-বিজেপিৰ মাজত ৷

Published : February 23, 2026 at 3:00 PM IST
মৰাণ: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো সমষ্টিত শাসক-বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা । বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিত হ’বলৈ যো-জা চলাই থকা সময়ত শাসকীয় দল বিজেপিৰ সৈতে মিত্ৰতাৰে বিগত দুটা কাৰ্যকালত চৰকাৰ চলোৱা দলসমূহৰ মাজতো দেখা গৈছে সমষ্টিক লৈ অৰিয়াঅৰি ৷
মিত্ৰতাত থকাৰ পাছতো ৰাজ্যৰ বিভিন্ন সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত ক্ষোভ, অসন্তুষ্টি ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়ত খোৱাং সমষ্টিক লৈ টনা-আঁজোৰা লাগিছে অগপ-বিজেপিৰ মাজত । ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টি অগপক এৰি দিবলৈ দাবী জনাইছে অগপৰ খোৱাং সমষ্টিৰ সমিতিয়ে । অগপ আৰু বিজেপিৰ মিত্ৰতা সূত্ৰে পূৰ্বৰ মৰাণ সমষ্টি দুটাকৈ বিধানসভা নিৰ্বাচনত বিজেপি দলক এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ নৱগঠিত খোৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছে অগপ দলে ।
দেওবাৰে নিশা খোৱাঙত এক সংবাদমেল সম্বোধন কৰি পুনৰ সমষ্টিটো অগপ দলক এৰি দিবলৈ দাবী জনাই অগপৰ খোৱাং সমষ্টি সমিতিয়ে । সংবাদমেল সম্বোধন কৰি অগপৰ জ্যেষ্ঠ নেতা তথা খোৱাং সমষ্টি সমিতিৰ সভাপতি পূণ্যনাথ পাংগিঙে কয়, ‘‘নৱগঠিত খোৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ অগপ দল সাজু আৰু সক্ষম । অগপৰ খোৱাং সমষ্টি সমিতিয়ে সৰ্বসন্মতভাৱে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰক প্ৰাৰ্থী হিচাপে মনোনীত কৰি ইতিমধ্যে দলৰ কেন্দ্ৰীয় নেতৃত্বক লিখিতভাৱে অৱগত কৰিছে । দলৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত অগপৰ খোৱাং সমষ্টি সমিতি যথেষ্ট পৰিমাণে আশাবাদী হৈ আছে ৷’’
আনহাতে, সংবাদমেলত বক্তব্য ৰাখি অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুনীল ৰাজকোঁৱৰে অগপ-বিজেপিৰ মিত্ৰতাৰ সূত্ৰে আগন্তুক নিৰ্বাচনত নৱগঠিত খোৱাং সমষ্টি অগপক এৰি দিবলৈ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । খোৱাং সমষ্টিত বৰ্তমান অগপ দলৰ সাংগঠনিক ভেটি শক্তিশালী বুলি উল্লেখ কৰি সুনীল ৰাজকোঁৱৰে কয়, ‘‘দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে খোৱাং সমষ্টিত অগপৰ বিজয় নিশ্চিত । অগপৰ খোৱাং সমষ্টি সমিতিয়ে এই বিষয়ক লৈ অগপৰ সভাপতি অতুল বৰাক সাক্ষাৎ কৰে ৷ সভাপতিগৰাকীয়ে ইতিবাচক সঁহাৰি জনাইছে বুলিও মন্তব্য কৰে সুনীল ৰাজকোঁৱৰে ।’’
ৰাজকোঁৱৰে লগতে কয় যে শীঘ্ৰে মিত্ৰদলৰ বৈঠকত সমষ্টিসমূহ নিৰ্ধাৰণ হ’ব আৰু প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আশাবাদী । লগতে বিভিন্ন সমষ্টিত অসম গণ পৰিষদ আৰু বিজেপিয়ে বন্ধুমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰাক লৈ অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰে কয়, ‘‘অসম গণ পৰিষদে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নকৰে । দুয়োটা দলে যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব, তাত বন্ধুত্ব বুলি একো কথা নাথাকে । আমি মিত্ৰতাত আছোঁ আৰু মিত্ৰতাত থাকি নিৰ্বাচন খেলিম । কাৰণ দুটা বিধানসভা নিৰ্বাচনত বিজেপিক আমি ভোট দিছোঁ । অসম গণ পৰিষদৰ ভোট লৈ জয়লাভ কৰিছে বিজেপিৰ বিধায়কে ।’’
উল্লেখযোগ্য যে, খোৱাং সমষ্টিত অসম গণ পৰিষদে এইবাৰ মিত্ৰতাৰ ধৰ্ম পালন কৰি সমষ্টিটো বিজেপিক এৰি দিবলৈ দাবী জনাই ধাৰাবাহিকভাৱে সভা-সমিতি অনুষ্ঠিত কৰি সাংগঠনিক কাম-কাজ চলাই থকা পৰিলক্ষিত হৈছে । তেনেস্থলত বিজেপিৰ নেতৃত্বই খোৱাং সমষ্টি অগপ দলক এৰি দিব নে নাই, সেয়াহে লক্ষণীয় হ'ব ।

