ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন সদায় আছে আগলৈও থাকিব: অগপ
যোৰহাটত চুতীয়া জনগোষ্ঠীৰ কেবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে অগপৰ বৈঠক ।

Published : November 14, 2025 at 12:49 PM IST
যোৰহাট: গুৱাহাটীত শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ চিন্তন বৈঠকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক পূৰ্ণ সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ পিছতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত অগপ দলৰ ভূমিকা আৰু কিদৰে আগবাঢ়িব সেই বিষয়ে পৰামৰ্শ আৰু মতামত ল'বলৈ ছয় জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনাত বহে অগপৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা গঠিত সাংসদ, বিধায়কৰ এটি প্ৰতিনিধি দলে ।
সেই অনুসৰি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰৰ পিছত বৃহস্পতিবাৰে নিশা যোৰহাট সাধনী ভৱনত চুতীয়া জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ লগত অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভৱেন্দ্ৰ নাথ ভৰালী, পৃথ্বীৰাজ ৰাভা, প্ৰদীপ হাজৰিকাৰ লগতে অগপৰ কেইবাজনো শীৰ্ষ নেতাৰে গঠিত দলে কেইবাঘণ্টা ধৰি তেওঁলোকৰ লগত আলোচনাত মিলিত হয় ।
আলোচনাৰ অন্তত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয়, "অগপ দল সদায় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত আছে আৰু পূৰ্ণ সমৰ্থন জনাইছোঁ, সেয়া সদায় আৰু ভৱিষ্যতলৈ থাকিব । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই আমি লোকসভা, ৰাজ্যসভা, বিধানসভা আৰু বিধানসভাৰ বাহিৰত মন্তব্য ৰাখিম বা প্ৰদান কৰিম ।"
লগতে তেওঁ কয়, "ইতিমধ্যে আমি ডিব্ৰুগড়ত মটক জনগোষ্ঠীয় কেইবাটাও সংগঠন, আহোম মহাসভা, আহোম ৰয়েলচ, টাইপা, তিনিচুকীয়াত মৰাণ জনগোষ্ঠীয় কেইবাটাও সংগঠন আৰু শিৱসাগৰত আটাছু আৰু টাইপাৰ লগত আলোচনা কৰিলোঁ । আমি আমাৰ সমৰ্থনৰ কথা দৃঢ়তাৰে তেওঁলোকৰ আগত ঘোষণা কৰিছিলোঁ । এইকেইখন আলোচনা সফল হৈছিল । আমি চুতীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সমূহ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিলোঁ আৰু অসম গণ পৰিষদে ছয় জনগোষ্ঠীৰ প্ৰতি সমৰ্থন জনালোঁ ।"
বৈশ্যই পুনৰ কয়,"আমি ছয় জনগোষ্ঠীৰ লগত আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম । আনহাতে যোৱা ১০ বছৰত যদি ৰাজ্যসভা, লোকসভা আৰু বিধানসভাত আমাৰ বক্তব্য লক্ষ্য কৰে, আমি সদায় ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বক্তব্য ৰাখি আহিছোঁ আৰু সেয়া ভৱিষ্যতৰ দিনলৈও থাকিব । এয়া কেতিয়াও আমাৰ ৰাজনৈতিক কৌশল হ'ব নোৱাৰে ।"
লগতে তেওঁ কয়, "চুতীয়া জনগোষ্ঠীৰ সৈতে আমাৰ আলোচনা চলি থকাৰ সময়ত কোনো বাদ-বিবাদ হোৱা নাছিল, যদি বাক-বিতণ্ডা হৈছিল সেয়া তেওঁলোকৰ বিষয় । চুতীয়া জনগোষ্ঠীৰ লগত অনুষ্ঠিত হোৱা আমাৰ আলোচনা সফলভাৱে সমাপ্তি ঘটিছে । নিৰ্বাচন আমাৰ লক্ষ্য নহয়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান হোৱাটোহে আমাৰ মুল লক্ষ্য । চাৰিটা জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ সৈতে বৈঠকৰ পিছত আমি কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা বহিম ।"

