ETV Bharat / politics

মুম্বাইত দুই দশকৰ ৰাজত্বৰ অন্ত ঠাকৰে পৰিয়ালৰ; মহাৰাষ্ট্ৰৰ পৌৰ নিগমৰ নিৰ্বাচনত মহাযুটিৰ বিজয় ধ্বজা

মহাৰাষ্ট্ৰৰ প্ৰায়বোৰ পৌৰ নিগমতে মহাযুটিয়ে কংগ্ৰেছ, শিৱসেনা (ইউ বি টি) আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাক পৰাস্ত কৰি আত্মপ্ৰকাশ কৰে ।

MAHARASHTRA CIVIC POLLS
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 7:36 PM IST

5 Min Read
Choose ETV Bharat

মুম্বাই: বৃহনমুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে) আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাক (এম এন এছ) একপ্ৰকাৰে নিঃশেষ কৰে । লগে লগে দুটা দশকৰ পাছত ভাৰতৰ আটাইতকৈ ধনী নাগৰিক সংস্থা বৃহনমুম্বাই পৌৰ নিগমত ঠাকৰে পৰিয়ালৰ ৰাজত্বৰ অন্ত পৰে ।

এতিয়া মহাযুটিৰ মেয়ৰে পৰিচালনা কৰিব মুম্বাই । ২০২৬ চনৰ বি এম চি নিৰ্বাচনৰ বাবে উদ্ধৱ ঠাকৰে আৰু ৰাজ ঠাকৰে নেতৃত্বাধীন শিৱসেনা (ইউ বি টি) আৰু এম এন এছে হাত মিলাইছিল । মাৰাঠী পৰিচয়েৰে ভোট একত্ৰিত কৰাৰ বাবে তেওঁলোকৰ আবেদনে হয়তো তেওঁলোকক চহৰখনত নিজৰ দুৰ্গ অক্ষত ৰখাত সহায় কৰিব বুলি ভাবিছিল; কিন্তু বৰ্তমান তেওঁলোকে ভিক্টোৰিয়ান যুগৰ ভৱনটোৰ চেণ্ট্ৰেল হলত বিৰোধীৰ আসনতহে বহিব লাগিব ।

নিৰ্বাচনী ফলাফলত দেখা গৈছে যে কংগ্ৰেছ, শিৱসেনা (ইউ বি টি) আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ (এছ পি) মাজত বিচ্ছিন্ন হোৱা মহা বিকাশ আঘাড়ীৰ মিত্ৰজোঁটে এটাও ভোট লাভ কৰিব নোৱাৰিলে । নিৰ্বাচনৰ পূৰ্বে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কংগ্ৰেছক মিত্ৰতাত থাকিবলৈ আহ্বান জনাইছিল যদিও তেওঁ এম এন এছৰ দ্বাৰা শিৱসেনা (ইউ বি টি)ৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ পক্ষত নহয় বুলি কৈছিল ।

২৯ টা পৌৰ নিগমৰ গণনা পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় আৰু ই পৰ্যায়ক্ৰমে চলি আহিছে । বিয়লি ৩.৩০ বজালৈকে মুম্বাইত কেইটামান ৱাৰ্ডত গণনা আৰম্ভ হোৱা নাছিল ।

এই প্ৰতিবেদন যুগুত কৰাৰ সময়ত মুম্বাইত বিজেপিয়ে ৯০ খন আসনত, শিৱসেনাই ২৮ খন, শিৱসেনা (ইউ বি টি)য়ে ৫৭ খন, এম এন এছে ১৫ খন, কংগ্ৰেছে ১৫ খন, এন চি পিয়ে ৩ খন আৰু অন্যান্যই ৮ খন আসনত আগবাঢ়ি আছে ।

মহাৰাষ্ট্ৰৰ ২৯ টা পৌৰ নিগমৰ অধিকাংশতে কংগ্ৰেছ, শিৱসেনা (ইউ বি টি), এম এন এছ, এন চি পি আৰু এন চি পি (এছ পি)ক মহাযুটিয়ে ধৰাশায়ী কৰে ।

আনহাতে, নাগপুৰ আৰু পুনেত আন দুটা গুৰুত্বপূৰ্ণ পৌৰ নিগমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে । পুনে আৰু পিম্পৰী-চিঞ্চৱাদত গেৰুৱা দলটোৰ বিৰুদ্ধে হাত মিলাই এন চি পি আৰু এন চি পি (এছ পি)ৰ বিৰুদ্ধে থিয় দিছিল ।

এই প্ৰতিবেদন যুগুত কৰাৰ সময়ত নাগপুৰত ৯৯ খন আসনত বিজেপি, এখন আসনত শিৱসেনা আৰু ৪১ খন আসনত কংগ্ৰেছ আগবাঢ়ি আছিল । পুনেত ৮৬ খন আসনত বিজেপি, ২ খন আসনত শিৱসেনা, ১০ খন আসনত এন চি পি আৰু ১২ খন আসনত কংগ্ৰেছ আগবাঢ়ি আছিল ।

ছাত্রপতি সম্ভাজিনগৰ, পিম্পৰী-চিচৱাড়, নাচিক, ধূলে আৰু জলগাঁৱতো গেৰুৱা দলে অগ্ৰগতি লাভ কৰিছিল । এই প্ৰতিবেদন যুগুত কৰাৰ সময়ত পিম্পৰী চিঞ্চৱাড়ত বিজেপিয়ে ৮৪ খন আসনত, শিৱসেনাই ৬ খন আসনত আৰু এন চি পিয়ে ৩৭ খন আসনত আগবাঢ়ি আছিল । কোলহাপুৰত ২৬ খন আসনত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে ১৫ খন আসনত আগবাঢ়ি আছিল শিৱসেনা ।

ইচালকাৰঞ্জীতো বিজেপি ৪৩ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে ৩ খন আসনত আগবাঢ়ি আছিল শিৱসেনা । ছাংলিত বিজেপি ৩৯ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে শিৱসেনাই ২ খন আসনত অগ্ৰগতি লাভ কৰিছিল । আনহাতে, এন চি পিয়ে ১৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ ১৮ খন আসনত আগবাঢ়ি আছিল ।

উত্তৰ মহাৰাষ্ট্ৰত থকা ধূলেত ৮৪ খন আসনত বিজেপি, শিৱসেনা ৬ খন আসনত আৰু এন চি পি ৩৭ খন আসনত আগবাঢ়ি আছিল ।

জলগাঁৱত বিজেপি ৪৬ খন আসনত, শিৱসেনা ২২ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে আকোলাতো বিজেপিয়ে ৩৮ খন আসনত, শিৱসেনা আৰু এন চি পিয়ে এখনকৈ আসনত আৰু কংগ্ৰেছে ৩০ খন আসনত আগবাঢ়ি আছিল ।

একেদৰে নাচিকতো বিজেপিয়ে ৭৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে শিৱসেনা ২৯ খন আসনত আগবাঢ়ি আছিল । ছাত্রপতি সম্ভাজিনগৰত বিজেপিয়ে ৫৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে শিৱসেনাই ১৪ খন আসনত আগবাঢ়ি আছিল ৷

বিদৰ্ভৰ অমৰাৱতীত বিজেপিয়ে ২৫ খন আসনত, শিৱসেনা ৩ খন আসনত, এন চি পিয়ে ১৬ খন আসনত আগবাঢ়ি আছিল । কেৱল মালেগাঁৱত এন চি পিয়ে ২৭ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে শিৱসেনা ১৮ খন আৰু বিজেপি ২ খন আসনত আগবাঢ়ি আছিল ।

আনহাতে, চন্দ্ৰপুৰ আছিল কংগ্ৰেছৰ বাবে একমাত্ৰ সান্ত্বনা । তাত ৩০ খন আসনত কংগ্ৰেছ আৰু বিজেপিয়ে ২৩ খন আসনত আগবাঢ়ি আছিল ।

লগতে পঢ়ক :ষ্টাৰ্টআপ ইণ্ডিয়া এক 'ৰামধেনু ভিজন' : প্ৰধানমন্ত্ৰী মোদী
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ মৌচন্দা পথাৰত মন্ত্ৰী-বিধায়কৰ সোঁত