'পিঞ্জৰাত বন্দী অসমীয়া নাৰী': গৌৰৱ গগৈ
বিজেপি চৰকাৰৰ দিনত মহিলাসকল চৰকাৰী আঁচনিৰ পিঞ্জৰাত বন্দী বুলি যোৰহাটত মন্তব্য সাংসদ গৌৰৱ গগৈৰ । বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিলে আন কেতবোৰ অভিযোগ ।

Published : February 28, 2026 at 10:51 AM IST
যোৰহাট: সমাগত বিধানসভা নিৰ্বাচন, সকলো ৰাজনৈতিক দলে ৰাজ্য়জুৰি নিৰ্বাচনী প্ৰস্তুতি তীব্ৰ কৰি তুলিছে । এইক্ষেত্ৰত ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো । এটা সময়ত কংগ্ৰেছৰ ভেটিস্বৰূপ যোৰহাট সমষ্টি পুনৰ এবাৰ উদ্ধাৰ কৰাৰ যুঁজত নামি পৰিছে কংগ্ৰেছ দল । সেই অনুসৰি কংগ্ৰেছ দলে যোৰহাটত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । তাৰেই অংশ হিচাপে শুকুৰবাৰে যোৰহাটত ৰূপায়ণ কৰা হয় কংগ্ৰেছ দলৰ 'সময় পৰিৱৰ্তনৰ, মাটি বচাওক, জাতি বচাওক' শীৰ্ষক বিশেষ কাৰ্যসূচী ।
এই বিশেষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোৰহাট নগৰৰ মাজমজিয়াত জিলা কংগ্ৰেছৰ উদ্যোগত বাহিৰ কৰা হয় সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী । যাৰ নেতৃত্ব দিয়ে যোৰহাট লোকসভা সমিষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । এই কাৰ্যসূচীৰ জৰিয়তে পুনৰ এবাৰ যোৰহাটত নিৰ্বাচনী হুংকাৰ দিয়ে জিলা কংগ্ৰেছে । কংগ্ৰেছ দল জিন্দাবাদ, বিজেপিৰ প্ৰবঞ্চনা নচলিব, যোৰহাটত পুনৰ কংগ্ৰেছ, গৌৰৱ গগৈ জিন্দাবাদ আদি শ্ল'গানেৰে মুখৰিত হৈ পৰে যোৰহাটৰ আকাশ-বতাহ ।
এই বিশাল শোভাযাত্ৰাৰ পূৰ্বে যোৰহাট কংগ্ৰেছ ভৱনত অনুষ্ঠিত কৰা হয় এক বিশেষ সংবাদমেল । সংবাদমেল সম্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, "বিজেপি চৰকাৰৰ দিনত আঁচনিৰ পিঞ্জৰাত বন্দী বৰ্তমান অসমৰ মহিলা । বিজেপি চৰকাৰৰ দিনত চৰকাৰী আঁচনি লাভ কৰিবলৈ হ'লে অসমৰ মহিলাসকলে নিজৰ সকলো কাম এৰিব লগা হৈছে । কংগ্ৰেছ চৰকাৰৰ দিনতো আঁচনি আছিল, কিন্তু কোনো চৰ্ত নাছিল, তাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে চৰ্ত বান্ধি দিয়ে । এইক্ষেত্ৰত কিন্তু অসমৰ মহিলা সমাজ বৰ সন্তুষ্ট নহয় । এইখন চৰকাৰে এটা পিঞ্জৰাৰ মাজত আবদ্ধ কৰি ৰাখি থৈছে অসমৰ মহিলাসকলক ।"
তেওঁ পুনৰ কয়,"মহিলাসকলে ঘৰ চম্ভালিব ল'বলগীয়াও হয় । চাৰিওদিশে বস্তুৰ জুই চাই দাম । বৰ্তমান আঁচনিৰ নামত বোজা অসমৰ মহিলাৰ ওপৰত জাপি দিছে । যদি আঁচনি লাগে সকলো কাম পাহৰি, যাব লাগিব বিজেপি সভালৈ । তেতিয়াহে আঁচনিৰ সুবিধা পাব । এই সময়ত বিজেপি দলে হেঁচা প্ৰয়োগ কৰিছে । কোন দলৰ সদস্য তাৰ ওপৰত নিৰ্ভৰ কৰে আঁচনিৰ সুবিধাৰ ওপৰত । আঁচনিৰ নামত মহিলাসকলক দমন কৰিব বিচাৰিছে ।"
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয়,"মহিলা, আইসকলৰ বাবে তৈয়াৰ কৰা সেই পিঞ্জৰা আমি সহ্য নকৰোঁ ভাঙি চূড়মাৰ কৰিব লাগিব । কোনো স্বাৰ্থ নথকাকৈ আঁচনি আমি আগন্তুক দিনত মুকলি কৰিম । যে বৰ্তমান চাৰিওফালে অপৰাধ প্ৰৱণতা বাঢ়িছে, মদৰ দোকান বৃদ্ধি কৰিছে । ড্ৰাগছ খোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰাধৰ সংখ্যা কমাই দেখুৱাবলৈ কেচ পঞ্জীয়ন নকৰে । মহিলাসকলে ন্যায় নোপোৱা হৈছে । আইসকলে এৰি মুগা ব্যৱসায় কৰিব বিচাৰে, তাঁতশাল বিচাৰে । সেয়া নকৰি ১২৫০ টকা দি থয় । সময় পৰিৱৰ্তনৰ যাত্ৰা, মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এখন নতুন বৰ অসমৰ কল্পনা কৰিছোঁ ।"
আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকি কয়,"বিজেপি চৰকাৰৰ আঁচনিসমূহ মূলত নিৰ্বাচন কেন্দ্ৰীক হয় । স্বাস্থ্যত বাজেট আৱন্টন হ্ৰাস কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এতিয়া মহিলাসকল ৰক্তহীনতাত ভূগিছে । আঁচনি দিয়াৰ পাছতো মহিলাসকলক দুৰ্বল । লাখপতিৰ কথা কয় চৰকাৰখনে । যদি স্বাস্থ্য দুৰ্বল হয় কিদৰে লাখপতি হ'ব পাৰিব ?"
ইয়াৰ পাছতে উলিওৱা হয় বিশাল জন সমদল । এই সমদল যোৰহাট নগৰৰ মাজমজিয়াৰ ডস' এণ্ড কো' ৰ পৰা আৰম্ভ হৈ কে বি ৰোড, বৰপাত্ৰ আলি, বৰুৱা চাৰিআলি, মালৌ আলি, জে বি ৰোড হৈ সামৰণি পৰে যোৰহাটৰ ঐতিহাসিক মাছৰ হাত বৰনামঘৰৰ সমীপত । তাৰপাছতে সাংসদগৰাকীয়ে মাছৰহাত নামঘৰত সেৱা লৈ নেদেখাজনৰ আৰ্শীবাদ গ্ৰহণ কৰি সৰ্বাইবন্ধা ৰাজহুৱা প্ৰেক্ষাগৃহত এক জনসভা সম্বোধন কৰে ।

