ETV Bharat / politics

পুঁজিপতিৰ লাখ কোটি মাফ, অসমক মাত্ৰ ৩০০ কোটি কিয় ? সাংসদ সঞ্জয় সিঙৰ প্ৰশ্ন

অসমৰ বান পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আপৰ সাংসদ সঞ্জয় সিঙৰ ।

AAP leader Sanjay Singh visits flood-affected area of Assam
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী সঞ্জয় সিঙৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 2:48 PM IST

4 Min Read
Choose ETV Bharat

শিৱসাগৰ : "অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক ।" এই দাবী আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ । সম্প্ৰতি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি থকা ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ইতিমধ্যে কেইবাটাও উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

শেহতীয়া বানত অসমৰ লাখ লাখ ক্ষতিগ্ৰস্ত হৈছে আৰু বহু লোকে নিজৰ সৰ্বস্ব হেৰুৱাইছে । যাৰ বাবে এই বানত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ।

পুঁজিপতিৰ লাখ কোটি মাফ, অসমক মাত্ৰ ৩০০ কোটি কিয় : সঞ্জয় সিং (ETV Bharat)

উল্লেখ্য যে বিগত দুদিন ধৰি আম আদমি পাৰ্টীৰ নেতাগৰাকী শিৱসাগৰকে ধৰি উজনি অসমৰ বানপীড়িত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছে । দলীয় নেতা-কৰ্মীৰ সৈতে বানপীড়িত অঞ্চল ভ্ৰমণ কৰি সেই অঞ্চলৰ প্ৰভাৱিত লোকৰ সৈতেও নেতাগৰাকীয়ে মতবিনিময় কৰিছে । তাৰ পিছত শিৱসাগৰত তেওঁ সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ বানক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে । সংবাদমেলত তেওঁ জনোৱা মতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈ একো পদক্ষেপ লোৱা নাই । তেওঁ কয়, "নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ শ শ বাৰ অসমলৈ আহে । আহি বিগত ৩ টা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছে যে অসমক বানৰ পৰা মুক্ত কৰিব আৰু অসমক সকলো ধৰণে সহযোগিতা কৰিব । এই বানত তেওঁলোক ক'ত আছে ? এই সংকটৰ সময়ত তেওঁলোক ক'ত ? সেই কাৰণে মই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি কেইবাটাও দাবী জনাইছোঁ ।"

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে বাকী দাবীসমূহ উল্লেখ কৰি সঞ্জয় সিঙে কয়, " দেশৰ সাংসদসকলে যাতে ইয়াৰ বানপীড়িতৰ সহায়ৰ বাবে ব্যৱহাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক । অবৈধ কয়লা, শিল খনন বন্ধ কৰিব লাগে । বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিব লাগে । মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ বৃদ্ধি কৰিব লাগে । যিসকলে নিজৰ ঘৰখন হেৰুৱাইছে অতি কমেও ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে ।"

অসমলৈ বিশেষ আৰ্থিক পেকেজ ঘোষণা নকৰা সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়, "৫ লাখ কোটি টকাৰ ভিতৰত ৪২ গৰাকী পুঁজিপতিৰ ৩.৫ লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰে মাফ কৰিছে । তাৰ তথ্য মোৰ হাতত আছে । যদি এই বৃহৎ পৰিমাণৰ ধন পুঁজিপতিক মাফ কৰিব পাৰে তেনেহ'লে ১০,২০ বা ৫০ হাজাৰ কোটি টকা অসমৰ লোকসকলক নিজৰ ভৰিৰ ওপৰত পুনৰ ঠিয় হ'বলৈ কিয় দিব নোৱাৰে ?"

প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি তেওঁ কয়, "আপোনাৰ এজন পুঁজিপতি বন্ধু আছে আদানি । যাক আপুনি গোটেই দেশতে ঠিকা দি আছে । তেওঁ ওপৰত আপুনি হাজাৰ, লাখ কোটি টকা খৰচ কৰি আছে, দেশত বেংক খুলি দিছে, যিমান ইচ্ছা ঋণ ল'ব পাৰে । কিন্তু অসমৰ লাখ লাখ লোক পীড়িত তেওঁলোকক মাত্ৰ ৩০০ কোটি টকা ।"

ইফালে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমক বানৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি কিদৰে পালন কৰিব তাক ৰাজহুৱা কৰিবলৈ তেওঁ দাবী জনাইছে । কেৱল ভাষণেৰে নহয় বিপদৰ সময়ত ৰাইজৰ মাজত থাকি নিজৰ সততাৰ প্ৰমাণ দিবলৈও তেওঁ প্ৰধানমন্ত্ৰী তথা চৰকাৰক আহ্বান জনায় । একেদৰে অবৈধ খননৰ বাবে এই বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ এই কথাও কয় যে কেন্দ্ৰীয় চৰকাৰে খনিজ খননৰ ক্ষেত্ৰত নতুন আইন প্ৰযোজ্য কৰি সাধাৰণ জনতাৰ অধিকাৰতকৈ বেপাৰীসকলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছে । এই সংবাদমেলত আম আদমি পাৰ্টীৰ অসম প্ৰদেশৰ কেইবাগৰাকী নেতাও উপস্থিত থাকে ।

লগতে পঢ়ক :

কামপুৰত নিশাৰী নৈৰ ব্যাপক খহনীয়া: নৈপৰীয়া ৰাইজৰ হাহাকাৰ