ETV Bharat / politics

অসমৰ প্ৰকৃত উন্নয়ন, বিকাশৰ বাবে কাম কৰা চৰকাৰ হওক দিছপুৰত : নতুন ভোটাৰৰ আশা

নৱগঠিত ৩৪ নং ডিমৰীয়া সমষ্টি কাৰ দখললৈ যাব ? এখন সুন্দৰ আৰু সুস্থিৰ চৰকাৰ হোৱাটো বিচাৰে সমষ্টিটোৰ নতুন ভোটাৰে ৷

Dimoria constituency
উন্নয়ন, বিকাশৰ বাবে কাম কৰা চৰকাৰ হওক দিছপুৰত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2026 at 5:15 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে ৰাজ্যৰ কেইবাটাও নতুনকৈ সমষ্টি গঠন কৰা হৈছিল ৷ তাৰ ভিতৰত অন্যতম কামৰূপ (ম) জিলাৰ অন্তৰ্গত ৩৪ নং ডিমৰীয়া সমষ্টি ৷ নৱগঠিত সমষ্টিটো দখলৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ভিন্ন ৰণকৌশল ৷ কিন্তু নৱগঠিত সমষ্টিটোৰ ভোটাৰে কি কয় ? ইফালে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰৰ চূড়ান্ত তালিকা অনুসৰি ৩৪ নং ডিমৰীয়া সমষ্টিটোত মুঠ ২,১৬,৯৪৯ গৰাকী ভোটাৰ আছে ৷

সমষ্টিটোৰ নতুন ভোটাৰৰ মন্তব্য, "যিহেতু এইবাৰ প্ৰথম ভোট দিবলৈ পাম, দেশৰ এগৰাকী সক্ৰিয় নাগৰিক হিচাপে স্বীকৃতি পালো ৷ কোন দলৰ চৰকাৰ আহিব সেয়া ডাঙৰ কথা নহয়, কিন্তু যি চৰকাৰেই নাহক কিয়, এখন সুন্দৰ আৰু সুস্থিৰ চৰকাৰ হওক তাকেই বিচাৰো ৷ অসমক প্ৰকৃত অৰ্থত উন্নতিৰ দিশত আগুৱাই লৈ যোৱা আৰু ৰাজ্যখনক দেশৰ ভিতৰতে এখন উজ্জ্বল ৰাজ্য হিচাপে গঢ়ি তোলাটোৱেই নতুন ভোটাৰে কামনা কৰে ৷"

উন্নয়ন, বিকাশৰ বাবে কাম কৰা চৰকাৰ হওক দিছপুৰত (ETV Bharat Assam)

যুৱপ্ৰজন্ম তথা নতুন ভোটাৰে কয়, "অসমৰ উন্নয়ন, প্ৰগতিৰ বাবে পৰিৱৰ্তন বিচাৰো ৷ যি চৰকাৰে অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰে তেনে চৰকাৰ দিছপুৰত হোৱাটো আমি বিচাৰো ৷ সেয়া বিজেপিও হ'ব পাৰে অথবা কংগ্ৰেছৰ চৰকাৰো হ'ব পাৰে ৷ আমি বিচাৰো চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ যিবোৰ মৌলিক সমস্যা আছে, সেইবোৰ গুৰুত্বসহকাৰে লওক আৰু সমাধান কৰক ৷"

আন এজন নতুন ভোটাৰে কয়, "ডিমৰীয়া সমষ্টিত খোৱাপানীৰ সমস্যা, ৰাস্তা-ঘাটৰ সমস্যা আছে ৷ ডিমৰীয়া মহাবিদ্যালয়ৰ মুখ্য তোৰণ নিৰ্মাণ, পাৰ্কিঙৰ সু-ব্যৱস্থা, খোৱাপানীৰ সমস্যা সমাধান আৰু খেলপথাৰখনৰ উন্নত কৰিব লাগে ৷ প্ৰতিনিধি হিচাপে যি দলৰে নিৰ্বাচিত হ'ব তেওঁ সমষ্টিটোৰ সমস্যা সমাধান কৰাটো প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব ৷ দিছপুৰত যি দলৰে চৰকাৰ নহওক কিয় অসমৰ উন্নয়নৰ বাবে পদক্ষেপ লোৱা প্ৰয়োজন আছে ৷"

উল্লেখ্য যে, এই সমষ্টিত এনডিএ সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ডঃ তপন দাস ৷ বিপৰীতে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ পৰা প্ৰক্ষেপ কৰিছে কিশোৰ কুমাৰ বৰুৱাক ৷

লগতে পঢ়ক:

এন ডি এই শতাধিক আসন পায় তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো নিশ্চিত : কেশৱ মহন্ত